ATTSA Protest at Borhola: মালিকপক্ষৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে আটছাৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 15, 2022, 2:15 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰাজ্যত সৰৱ হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷ দীৰ্ঘদিন ধৰি মালিকপক্ষৰ শোষণ আৰু বঞ্চনাৰ বলি হৈ আহিছে একাংশ চাহ শ্ৰমিক (ATTSA Protest at Borhola) ৷ শুকুৰবাৰে বৰহোলাৰ প্ৰাথমিক গোটে বৰহোলা চাহ বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AATSA protests against exploitation and deprivation) ৷ ইয়াৰ পূৰ্বে যোৱা 29 জুন, 2022 ত আটছাৰ ফালৰ পৰা কেবেটাও দাবী সন্মিলিত এখন স্মাৰকপত্ৰ মালিকপক্ষলৈ প্ৰেৰণ কৰা হৈছিল যদিও কোনোধৰণৰ প্ৰত্যুত্তৰ নাপালে সংগঠনটোৱে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ ফালৰ পৰা 9 টা দাবী উত্থাপন কৰে ৷ বাগিছাৰ শ্ৰমিক সকলৰ থকা আৱাসগৃহ মেৰামতি কৰা, বাগিছাত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, বাগিছাৰ দৰিদ্ৰ সীমাৰেখাৰ শ্ৰমিকৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক উচ্চ শিক্ষা গ্ৰহণৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা, বৰহোলা আৰু কলাপানী চাহ বাগিছাৰ কাৰ্যালয়ত খালী হৈ থকা পদসমূহ শীঘ্ৰে যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়া, বাগিছাত কৰ্মৰত চিকিৎসক নাৰ্চৰ কাৰণে বাগিছাত স্থায়ী আৱাসগৃহৰ ব্যৱস্থা কৰা, অৱসৰ গ্ৰহণ কৰা শ্ৰমিক কৰ্মচাৰীৰ বন্ধ হৈ থকা ভৱিষ্যত নিধিৰ ধন অতি শীঘ্ৰে আদায় দিয়াৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আটছাৰ বৰহোলাৰ প্ৰাথমিক গোটে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অচিৰেই এই সমস্যাসমূহ সমাধান নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.