Minibus Falls Into Gorge: যাত্ৰীবাহী বাছ খাৱৈত বাগৰি ৮ শিক্ষাৰ্থী আহত
Published on: Aug 6, 2022, 12:15 PM IST

জম্মু-কাশ্মীৰৰ উধমপুৰত পুৱাই সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা ৷ শনিবাৰে পুৱা শ্ৰীনগৰ বৰমীনৰ পৰা উধমপুৰ অভিমুখী এখন মিনিবাছ মাচোৰা নামৰ অঞ্চলটোত এটা দ খাৱৈত বাগৰি পৰে (Minibus Falls Into Gorge)৷ এই দুৰ্ঘটনাত ৮ গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়(8 injured at Udhampur bound minibus falls into gorge)৷ ইতিমধ্যে আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।
Loading...