Dead body recover at Kamalpur: চাংসাৰিত দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ

By

Published : Nov 1, 2022, 4:53 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

কামৰূপ জিলাৰ কমলপুৰৰ বৰুৱাজানীত মঙলবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় (Death body recovered at Kamalpur)। আজি পুৱা স্থানীয় ৰাইজে পকী দলঙখনৰ তলত এটি বস্তা পৰি থকা প্ৰত্যক্ষ কৰি  কমলপুৰ আৰক্ষী চকীত (Kamalpur Police Station) খবৰ দিয়ে । ইয়াৰ পিছতে কমলপুৰ আৰক্ষী উপস্থিত হৈ বস্তাটোত মৃতদেহটো প্ৰত্যক্ষ কৰে । চাংসাৰি কমলপুৰ পথৰ ( Changsari Kamalpur Road) দলঙৰ তলত উদ্ধাৰ হোৱা মৃতদেহটো ৭০ উৰ্দ্ধৰ মহিলাৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ (Unknown death body recovered at Kamalpur) । মৃতদেহটো হাত-ভৰি বন্ধা অৱস্থাত আছিল । ইতিমধ্যে কমলপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । আনহাতে,নিৰ্জনতাৰ সুযোগ লৈ আন ঠাইত হত্যা কৰি দলঙখনৰ তলত পেলায় থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.