ETV Bharat / sukhibhava

কাঠবাদাম তিয়াই খোৱাৰ এই ৫টা উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাত নে ?

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 4:10 PM IST

Soaked Almonds Health Benefits: কাঠবাদাম আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী কিন্তু যদি কাঠবাদামক তিয়াই খায় তেন্তে ইয়াৰ উপকাৰিতা যথেষ্ট বৃদ্ধি পায় । আজি আমি আপোনালোকক ক'বলৈ ওলাইছো তিয়াই থোৱা কাঠবাদামৰ অনন্য উপকাৰিতাৰ বিষয়ে ৷

You might not know these 5 unique benefits of eating soaked almonds
কাঠবাদাম তিয়াই খোৱাৰ এই ৫টা উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাত নে ?

শুকান ফল স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেয়া আমি সকলোৱে জানো ৷ এই শুকান ফলবোৰ তিয়াই থোৱাৰ পিছত যদি খোৱা হয় তেন্তে ইয়াৰ উপকাৰিতা দুগুণ বৃদ্ধি পায় ৷ একেদৰে আমাৰ স্বাস্থ্যৰ পক্ষে কাঠবাদাম অতি উপকাৰী কিন্তু যদি কাঠবাদামক তিয়াই খোৱা হয় তেন্তে ইয়াৰ উপকাৰিতা যথেষ্ট বৃদ্ধি পায় ৷ আজি আমি আপোনালোকক ক'বলৈ ওলাইছো কাঠবাদামৰ তিয়াই খোৱা অনন্য উপকাৰিতাৰ বিষয়ে-

১/ সুস্থ হৃদযন্ত্ৰ

এন্টিঅক্সিডেন্টৰ লগতে মনোঅনচেচুৰেটেড ফেটি এচিড কাঠবাদামত পোৱা যায় যিয়ে বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে ৷ তিয়াই থোৱা কাঠবাদাম খালে হৃদৰোগৰ সম্ভাৱনা কম হয় ৷

২/ হজম শক্তি

তিয়াই থোৱা কাঠবাদামক আঁহ আৰু ভিটামিন ইৰ ভাল উৎস বুলি গণ্য কৰা হয় ৷ কোষ্ঠকাঠিন্যৰ লগতে পেটৰ লগত জড়িত ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ তিয়াই থোৱা কাঠবাদাম সেৱন কৰিব লাগে ৷

৩/ শৰ্কৰাৰ মাত্ৰা

তিয়াই থোৱা কাঠবাদামত মেগনেছিয়াম থাকে, যাৰ সেৱনে শৰীৰত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে ৷ ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে ৬ৰ পৰা ৮টা কাঠবাদাম সেৱন কৰিব লাগে ৷

৪/ চুলি আৰু ছালৰ বাবে

কাঠবাদামক ভিটামিন ইৰ ভাল উৎস বুলি গণ্য কৰা হয় ৷ তিয়াই থোৱা কাঠবাদামত পোৱা ভিটামিন ইয়ে ছালখনক উজ্জ্বল কৰি তোলে আৰু বলিৰেখাৰ পৰা আঁতৰাই ৰাখে ৷ ছালৰ বাহিৰেও কাঠবাদাম খালে চুলি ক’লা, ডাঠ আৰু মজবুত হৈ থাকে ৷

৫/ চোকা মগজুৰ বাবে

মগজু চোকা কৰিবলৈ আৰু স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ দৈনিক তিয়াই থোৱা কাঠবাদাম খাব লাগে ৷ ইয়াত ভিটামিন ই আৰু ওমেগা-৩ ফেটি এচিড থাকে যিয়ে মগজুক চোকা কৰাত সহায় কৰে ৷

লগতে পঢ়ক: বৰ্তমান সুস্থিৰ অৱস্থাত আছে শ্ৰেয়স তালপাড়ে; জানো আহক হাৰ্ট এটাকৰ পৰা সুস্থ হৈ উঠাৰ পিছত কি কৰিব লাগে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.