ETV Bharat / sukhibhava

World Physical Therapy Day 2023: ফিজিঅ’থেৰাপি আমাৰ বাবে জৰুৰী নে ? ইয়াৰ গুৰুত্ব সম্পৰ্কে জানো আহক

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 12:07 AM IST

আজি বিশ্ব ফিজিঅ’থেৰাপি দিৱস । শাৰীৰিক সমস্যাৰ বাবে যথেষ্ট উপকাৰী ফিজিঅ’থেৰাপী । ইয়াৰ গুৰুত্ব লাভলাভসমূহৰ বিষয়ে জানো আহক...

World Physical Therapy Day 2023: Know the history and importance of World Physical Therapy Day
ফিজিঅ’থেৰাপি আমাৰ বাবে জৰুৰী নে ? ইয়াৰ গুৰুত্ব সম্পৰ্কে জানো আহক

৮ ছেপ্টেম্বৰত বিশ্ব ফিজিঅ’থেৰাপি দিৱস পালন কৰা হয় । এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে মানুহক ফিজিঅ’থেৰাপিৰ বিষয়ে সজাগ কৰা । ফিজিঅ’থেৰাপীয়ে বহু সমস্যাৰ পৰা সকাহ দিয়ে আৰু ঔষধৰ প্ৰয়োজনো নহয় ।

বিশ্ব ফিজিঅ’থেৰাপি দিৱসৰ ইতিহাস: ১৯৫১ চনৰ ৮ ছেপ্টেম্বৰত এই দিৱস পোন প্ৰথমে পালন কৰা হয় । কিন্তু আনুষ্ঠানিকভাৱে ১৯৯৬ চনৰ ৮ ছেপ্টেম্বৰত উদযাপন কৰা হ’ব বুলি ঘোষণা কৰা হয় । ইয়াৰ পিছত প্ৰতি বছৰে এই দিৱস ৮ ছেপ্টেম্বৰৰ দিনা ফিজিঅ’ থেৰাপি দিৱস পালন কৰা হয় ।

বিশ্ব ফিজিঅ’থেৰাপি দিৱসৰ তাৎপৰ্য: শাৰীৰিক সমস্যাৰ চিকিৎসাৰ বাবে ফিজিঅ’থেৰাপি ব্যৱহাৰ কৰা হয়। আঁঠুৰ বিষ, এলঝেইমাৰ ৰোগ, কঁকালৰ বিষ, পাৰ্কিনছন ৰোগ, পেশীৰ টান, হাঁপানী আৰু বহুতো সমস্যাৰ পৰা উপশম পোৱাত এই থেৰাপী সহায়ক । ফিজিঅ’থেৰাপীয়ে কেৱল বিষৰ পৰা উপশম দিয়াই নহয় মানসিক চাপ দূৰ কৰাতো সহায় কৰে ।

লগতে পঢ়ক: Intoxicating substances: আজিয়েই ত্যাগ কৰক নিচাজাতীয় সামগ্ৰী, অন্যথা বিপদত পৰিব আপুনি

ফিজিঅ’থেৰাপিষ্টৰ কাম: ফিজিঅ’থেৰাপীত সাধাৰণ ব্যায়ামৰ প্ৰয়োজন নহয় । ইয়াৰ বাবে আপোনাৰ বিশেষজ্ঞৰ সহায়ৰ প্ৰয়োজন । এনে বিশেষজ্ঞক ফিজিঅ’ থেৰাপিষ্ট বুলি কোৱা হয় । কঁকালৰ বিষ, ডিঙিৰ বিষ, ভৰিৰ বিষ আদি নিৰাময় কৰিবলৈ ফিজিঅ’ থেৰাপিষ্টৰ প্ৰয়োজন ।

ফিজিঅ’থেৰাপিৰ সুবিধাসমূহ:

  • ফিজিঅ’থেৰাপীয়ে বিষ কম কৰাত সহায় কৰে
  • আঘাতৰ পৰা সকাহ দিয়ে
  • ই আপোনাক সুস্থ হৈ থকাত সহায় কৰে
  • শাৰীৰিকভাৱে শক্তিশালী হৈ উঠে
  • গাঁঠিৰ বিষ নিৰাময়ত সহায় কৰে
  • শৰীৰে শক্তিলাভ কৰে
  • হৃদয় আৰু মন সুস্থ হৈ থাকে

ফিজিঅ’থেৰাপি কেনেকৈ কৰা হয় ?

ফিজিঅ’থেৰাপি কৰাৰ কিছুমান নিয়ম আছে । ৰোগীৰ বয়স আৰু বিষ অনুযায়ী ফিজিঅ’থেৰাপি কৰা হয় । জঠৰতা দূৰ কৰিবলৈ মুভমেণ্ট ফিজিঅ’থেৰাপি ব্যৱহাৰ কৰা হয় । ইয়াৰ উপৰিও কিছুমান মেচিন ফিজিঅ’থেৰাপিতো ব্যৱহাৰ কৰা হয় । ফিজিঅ’থেৰাপীয়ে ৰোগীক বহুত সকাহ দিয়ে ।

লগতে পঢ়ক: Coffee Facial For Skin: এটকাও খৰচ নকৰাকৈ ঘৰতে এনেদৰে কৰক ফেচিয়েল

লগতে পঢ়ক: Janmashtami 2023: জন্মাষ্টমী পূজাৰ মহা উপায়; যাৰ দ্বাৰা কৃষ্ণই হৰিব আপোনাৰ দুখ-কষ্ট, পাব আকাংক্ষিত বৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.