World Kindness Day 2022: সহানুভূতি হৈছে ঐক্যৰ প্ৰথম পদক্ষেপ

author img

By

Published : Nov 13, 2022, 11:04 AM IST

World Kindness Day

সহানুভূতি হৈছে এনে এক শক্তি যাৰ জৰিয়তে আমি সকলোকে একত্ৰিত কৰিব ৰাখিব পাৰো(World Kindness Day 2022) ৷ সেয়ে আজি আমি আলোচনা কৰিম বিশ্ব সহানুভূতি দিৱসৰ বিষয়ে ৷ আহক জানো কেতিয়াৰ পৰা এই দিৱসৰ আৰম্ভণি হৈছিল আৰু কি উদ্দেশ্যে এই দিৱস সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় ৷

পোক-পৰুৱা আৰু জীৱ-জন্তুৰ প্ৰতি থকা মমতাৰ বাবেই মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়(World Kindness Day 2022) । জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে পৃথিৱীখনক একতাৰ বান্ধোনত বান্ধি ৰখাৰ একমাত্ৰ মূল অস্ত্ৰ হৈছে সহানুভূতি । প্ৰত্যেকগৰাকী ব্যক্তিয়ে ইজনে আনজনৰ প্ৰতি দয়া সহানুভূতি বজাই ৰাখিলেহে এই পৃথিৱীখন সুন্দৰ হৈ থাকিব ৷ হত্যা, হিংসা আৰু অমানৱীয়তাই এই পৃথিৱীখনক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে ৷

World Kindness Day
সহানুভূতি হৈছে ঐক্যৰ প্ৰথম পদক্ষেপ

সহানুভূতি হৈছে এনে এক শক্তি যাৰ জৰিয়তে আমি সকলোকে একত্ৰিত কৰিব ৰাখিব পাৰো ৷ সেয়ে আজি আমি আলোচনা কৰিম বিশ্ব সহানুভূতি দিৱসৰ বিষয়ে ৷ আহক জানো কেতিয়াৰ পৰা এই দিৱসৰ আৰম্ভণি হৈছিল আৰু কি উদ্দেশ্যে এই দিৱস সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় ৷

  • বিশ্ব সহানুভূতি দিৱসৰ ইতিহাস

ৱৰ্ল্ড কাইণ্ডনেছ মুভমেন্টৰ অংশ হিচাপে ১৯৮৮ চনৰ পৰা International holiday হিচাপে প্ৰতি বছৰে ১৩ নৱেম্বৰত বিশ্ব সহানুভূতি দিৱস পালন কৰা হয় । ভাৰতৰ লগতে আন বহু দেশ যেনে আমেৰিকা, কানাডা, জাপান, অষ্ট্ৰেলিয়া, ইউ এ ই আদিতো এই দিৱস পালন কৰা হয়(History of World Kindness Day) ।

World Kindness Day
সহানুভূতি হৈছে ঐক্যৰ প্ৰথম পদক্ষেপ

এই দিৱসটি ৱৰ্ল্ড কাইণ্ডনেছ মুভমেন্টৰ(World Kindness Movement) সময়ত আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে এই দিৱস পালন কৰি অহা হৈছে ।

সেয়া যি কি নহওক, আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আদি বহু উন্নত দেশৰ কিছুমান সংগঠনে সমাজত দয়াৰ প্ৰচাৰৰ বাবে এখন সন্মিলনৰ আয়োজন কৰি তাত একেলগে অংশগ্ৰহণ কৰিছিল । এই অনুষ্ঠানৰ পিছত সমগ্ৰ বিশ্বতে বিশ্ব সহানুভূতি দিৱস পালন কৰা হয় ।

  • এই দিনটোৰ উদ্দেশ্য কি?

এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে ৰাইজে কৰা ভাল কামসমূহক সকলোৰে আগত উজ্বল কৰি তোলা, যাতে তেওঁলোকৰ পৰা অহা এটা ইতিবাচক প্ৰভাৱ সকলোৰে মাজলৈ আহিব পাৰে আৰু সকলোৱে এনে কাম কৰিবলৈ আৰম্ভ কৰে(importance of Kindness Day) । এই শক্তিয়েই আমাক সকলোকে বান্ধি ৰাখিছে ।

এই দিনটোত সৰুৰ পৰা ডাঙৰলৈকে সকলো ধৰণৰ সহানুভূতিৰ প্ৰচেষ্টাক শলাগ লোৱা হয় আৰু তেনে কৰিবলৈ উৎসাহিত কৰা হয় । মানুহে ইজনে সিজনৰ সৈতে সংযুক্ত কৰি ৰাখিবলৈ আৰু আনৰ প্ৰতি ঈৰ্ষা ভাৱৰ দৰে মনোভাৱসমূহ দূৰ কৰিবলৈ এনে কৰা হয়(Significance of World Kindness Day) ।

  • ২০ বছৰ ধৰি এই দিৱস পালন কৰা হৈছে

কেৱল এয়াই নহয়, এই দিৱসেও ইতিমধ্যে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰিছে । এই দিনটোত নাচ, কনচাৰ্ট আৰু সহানুভূতি কাৰ্ড বিতৰণ আদি বিভিন্ন ধৰণৰ কাম-কাজো কৰা হয় ।

World Kindness Day
সহানুভূতি হৈছে ঐক্যৰ প্ৰথম পদক্ষেপ

যদিও এই দিনটো এতিয়াও কোনো ধৰণে আনুষ্ঠানিক হোৱা নাই, কিন্তু সকলোৱে আশা কৰিছে যে ইয়াক এদিন ৰাষ্ট্ৰসংঘই স্বীকৃতি দিব আৰু তাৰ পিছত এনে প্ৰয়োজনীয় দিনেও বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক: World Pneumonia Day 2022: কি উদ্দেশ্যেৰে পালন কৰা হয় বিশ্ব নিউমোনিয়া দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.