ETV Bharat / sukhibhava

World Hypertension Day: বিশ্ব উচ্চ ৰক্তচাপ দিৱস ২০২২

author img

By

Published : May 17, 2022, 4:11 PM IST

নীৰৱ হত্যাকাৰী হিচাপে বৰ্তমান সমগ্ৰ বিশ্বতে জনাজাত উচ্চ ৰক্ত চাপ । সমগ্ৰ বিশ্বতে বহু লোকৰ অকাল মৃত্যুৰো এক মুখ্য কাৰণ । সেয়ে এই উচ্চ ৰক্তচাপৰ সজাগতৰ বাবে বিশ্ব উচ্চ ৰক্তচাপ দিৱস (World Hypertension Day) পালন কৰা হয় । উচ্চ ৰক্তচাপ সম্পৰ্কে কেইটামান জানিবলগীয়া কথা তলত উল্লেখ কৰা হ'ল ।

World Hypertension Day
বিশ্ব উচ্চ ৰক্তচাপ দিৱস ২০২২

উচ্চ ৰক্তচাপৰ প্ৰতি সজাগতা বৃদ্ধি (Awareness against high blood pressure) আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১৭ মে'ত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হয় (World Hypertension Day)। এই বছৰ, উচ্চ ৰক্তচাপ দিৱসৰ বিষয়বস্তু হৈছে 'আপোনাৰ ৰক্তচাপ সঠিকভাৱে জোখক, ইয়াক নিয়ন্ত্ৰণ কৰক, দীৰ্ঘায়ু হওঁক'(Measure Your Blood Pressure Accurately, Control It, Live Longer)। বিশ্ব স্বাস্থ্য সংস্থাই বৰ্ণনা কৰা মতে ৰক্তচাপ হ’ল শৰীৰৰ প্ৰধান ৰক্তবাহিকাসমূহ অৰ্থাৎ ধমনীসমূহৰ বেৰত, সঞ্চালিত হৈ থকা তেজে প্ৰয়োগ কৰা বল ৷ যেতিয়া ৰক্তচাপ অধিক হাৰত প্ৰয়োগ হয় তেনে স্থিতিক উচ্চ ৰক্তচাপ বুলি কোৱা হয় ৷

প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ এক সাধাৰণ সমস্যা যদিও বৰ্তমান যুৱপ্ৰজন্মৰ মাজতো অধিক দেখিবলৈ পোৱা গৈছে । অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসক উচ্চ ৰক্তচাপৰ বাবে দায়ী বুলি ক'ব পাৰি । এই সমস্যাৰ ফলত আমাৰ শৰীৰত আন আন সমস্যাসমূহ যেনে ‘হাৰ্ট এটেক’, আনকি বৃক্কৰ সমস্যাৰো সৃষ্টি হ'ব পাৰে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি, বিশ্বব্যাপী ৩০-৭৯ বছৰ বয়সৰ আনুমানিক ১.২৮ বিলিয়ন লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে । ইয়াৰে বেছিভাগ (দুই-তৃতীয়াংশ) নিম্ন আৰু মধ্য আয়ৰ দেশত বাস কৰে । ইয়াৰ ভিতৰত, উচ্চ ৰক্তচাপ থকা আনুমানিক ৪৬ শতাংশ লোকেই নাজানে যে তেওঁলোকৰ শৰীৰত এই সমস্যাত আছে , যাৰ বাবে ই উদ্বেগজনক হৈ পৰিছে ।

ৰক্তচাপ কেনেদৰে জোখা হয় (how is blood pressure measured)?

ৰক্তচাপ জোখাৰ বাবে বিশেষ সঁজুলি আছে, য'ত আপোনাক দুটা ৰিডিং দেখুৱাব । এটা হ'ল চিষ্টলিক "হৃদযন্ত্ৰ সংকুচিত হ'লে বা স্পন্দন হ'লে ৰক্তনলীৰ চাপ" আৰু আনটো হৈছে ডায়েষ্টলিক "হৃদযন্ত্ৰ স্পন্দনৰ মাজত জিৰণি লোৱা সময়ত ৰক্তনলীৰ ওপৰত চাপ"। তলত দিয়া ধৰণে ইয়াক জোখা হয় :

Systolic (mmHg)Diastolic (mmHg)
Normal blood pressureLess than 120Less than 80
ElevatedBetween 120 and 129Less than 80
Stage 1 hypertensionBetween 130 and 139Between 80 and 89
Stage 2 hypertensionAt least 140At least 90
Hypertensive crisisOver 180Over 120

ৰক্তচাপ সঠিকভাৱে জোখাৰ বাবে ইয়াত কিছুমান পৰামৰ্শ দিয়া হৈছে (tips to measure your blood pressure):

  • ডিভাইচটোৱে আপোনাৰ বিপি জোখাৰ সময়ত কথা বতৰা নাপাতিব ।
  • আপোনাৰ হাতখন কুশ্বন বা গাৰুৰ ওপৰত ৰাখক বা এখন মেজত এনেদৰে ৰাখক যাতে আপোনাৰ হৃদযন্ত্ৰৰ সমান স্তৰত থাকে ।
  • আপোনাৰ হাতৰ খালী বাহুত কাফটো ৰাখক আৰু কাপোৰৰ ওপৰত নাৰাখিব আৰু সঠিক আকাৰৰ কাফ ব্যৱহাৰ কৰক ।
  • আপোনাৰ পিঠিখনক সমৰ্থন দিবলৈ চকীত বহক আৰু ভৰি মজিয়াত ৰাখক ।
  • আপোনাৰ ভৰি দুখন একেলগে নাৰাখিব (Do not keep your legs crossed)।
  • বিপি জোখাৰ পূৰ্বে খালী পেটে থাকিব (Have an empty bladder before measuring BP)।
  • কোনো কাম কৰাৰ পাছতে বিপি জোখা থিক নহয় । আপোনাৰ শৰীৰটোক ১০ মিনিটৰ বাবে বিশ্ৰাম দিয়ক আৰু তাৰ পিছতহে ইয়াক জোখক ।

প্ৰতিৰোধৰ পৰামৰ্শ (Tips to prevent)

  • নিমখ কমকৈ খাওক (দৈনিক ৫ গ্ৰামতকৈ কম)(Reduce your salt intake)
  • অধিক ফল আৰু পাচলি খাব, বিশেষকৈ ঋতুগত পাচলি
  • শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকক আৰু আপোনাৰ দৈনন্দিন ৰুটিনত ব্যায়াম অন্তৰ্ভুক্ত কৰক
  • ধঁপাতৰ ব্যৱহাৰ পৰিহাৰ কৰিব আৰু সুৰাপানৰ পৰিমাণ হ্ৰাস কৰিব (Avoid the use of tobacco and reduce alcohol consumption)
  • বেছি পৰিমাণে চৰ্বিযুক্ত আহাৰ গ্ৰহণ নকৰিব
  • ট্ৰেন্স চৰ্বিযুক্ত আহাৰ খোৱা বন্ধ কৰক বা হ্ৰাস কৰক (Eliminate or reduce trans fats in the diet)
  • কেফেইন কমকৈ গ্ৰহণ কৰক, কিয়নো অধ্যয়নবোৰে দেখুৱাইছে যে ই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে
  • শৰীৰৰ ওজন বজাই ৰাখিব (Maintain a healthy weight)

লগতে পঢ়ক :স্মাৰ্টফোনৰ অধিক ব্যৱহাৰে যুৱপ্ৰজন্মৰ সুস্থ মানসিকতাত বাধা দিব পাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.