ETV Bharat / sukhibhava

স্মাৰ্টফোনৰ অধিক ব্যৱহাৰে যুৱপ্ৰজন্মৰ সুস্থ মানসিকতাত বাধা দিব পাৰে

author img

By

Published : May 15, 2022, 5:17 PM IST

Smartphone use can hamper mental well-being in young adults and teens
স্মাৰ্টফোনৰ অধিক ব্যৱহাৰে যুৱপ্ৰজন্মৰ সুস্থ মানসিকতাত বাধা দিব পাৰে

স্মাৰ্টফোনৰ অত্যাধিক ব্যৱহাৰে আপোনাৰ সন্তানৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে । এক গৱেষণাত দেখা গৈছে যে অধিক সময় সামাজিক মাধ্যম ব্যৱহাৰ কৰা যুৱপ্ৰজন্মৰ সুস্থ মানসিকতাত বিভিন্ন পৰিৱৰ্তন আহে (Use of smartphone may effect mental health)। আপোনাৰ সন্তানৰ ক্ষেত্ৰতো তেনে হৈছে নেকি ? তেওঁলোকৰ ক্ষেত্ৰত কোনবোৰ লক্ষণ বা পৰিৱৰ্তনে দেখা দিব পাৰে ?

যদি আপুনি এজন প্ৰাপ্তবয়স্ক লোক আৰু আপুনি আপোনাৰ স্মাৰ্টফোনত যথেষ্ট সময় অতিবাহিত কৰে, তেনেহ'লে ই আপোনাৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে (Use of Social media may effect on mental health)। এক নতুন গৱেষণাত এই কথা পোহৰলৈ আহিছে । চেপিয়েন্স লেবৰ এক প্ৰতিবেদন অনুসৰি, বেছিকৈ স্মাৰ্টফোনৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব বৃদ্ধিয়ে ১৮-১৪ বছৰ বয়সৰ লোকসকলৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায় ।

চেপিয়েন্স লেবৰ বিজ্ঞানী তাৰা থিয়াগাৰাজনে এক বিবৃতিত কয় যে তথ্য অনুসৰি মানুহে এতিয়া অনলাইনত ৭-১০ ঘণ্টা অতিবাহিত কৰে । ইয়াৰ ফলত এগৰাকী ব্যক্তিয়ে সামাজিক কামত ব্যস্ত হৈ থাকিবলৈ অতি সময় উলিয়াব পাৰে । ইণ্টাৰনেটৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ পূৰ্বে, কোনো এগৰাকী ব্যক্তি ১৮ বছৰ বয়সলৈকে আনুমানিক ১৫,০০০ ৰ পৰা ২৫,০০০ ঘণ্টালৈকে যিকোনো ঠাইত ব্যক্তিগতভাৱে সহকৰ্মী আৰু পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি সময় অতিবাহিত কৰিছিল । থিয়াগাৰাজনে জনোৱা মতে গৱেষণাই দেখুৱাইছে যে এতিয়া ইণ্টাৰনেট ব্যৱহাৰৰ ফলত সেই সময় সম্ভৱতঃ ১,৫০০ৰ পৰা ৫,০০০ ঘণ্টালৈ হ্ৰাস পাইছে ।

তেওঁ উল্লেখ কৰে যে সামাজিক আদান-প্ৰদানে মানুহক অভিব্যক্তি, শাৰীৰিক ভাষা, শাৰীৰিক সম্পৰ্ক, উপযুক্ত আৱেগিক সঁহাৰি আৰু বিবাদৰ নিষ্পত্তি, দক্ষতা আদিৰ দৰে সামাজিক-আৱেগিক লক্ষণ কেনেকৈ বিকাশ কৰিব লাগে সেয়া শিকায় । এই দক্ষতাবোৰ অবিহনে মানুহে অকলশৰীয়া অনুভৱ কৰিব পাৰে আৰু সম্ভৱতঃ আত্মহত্যাৰ দৰে চিন্তা মনত আহিব পাৰে ।

প্ৰতিবেদনখনত এইটোও প্ৰকাশ পাইছে যে ক'ভিড পৰিস্থিতিৰ সময়ত, প্ৰাপ্তবয়স্ক লোকসকলৰ ভিতৰত কম বয়সৰ লোকসকলৰ মানসিক স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল (Social media addiction)। ৩৪ খন দেশত কৰা গৱেষণাত দেখা গৈছে যে বিশেষকৈ যুৱ প্ৰজন্মৰ (১৮-২৪ বছৰ বয়সৰ) ক্ষেত্ৰত মহামাৰীৰ পূৰ্বৰে পৰা এই পৰিৱৰ্তন আৰম্ভ হৈছিল কিন্তু ২০১০ চনৰ পিছৰ পৰা এনে প্ৰৱণতা বৃদ্ধি পাইছে । লগতে স্মাৰ্টফোনৰ ব্যৱহাৰো বৃদ্ধি হৈছে । অধ্যয়নবোৰত দেখুৱাইছে যে যুৱপ্ৰজন্মৰ মানসিক অৱস্থা ২০১০ চনৰ পূৰ্বে অধিক উন্নত আছিল কিন্তু তাৰ পিছৰে পৰা এই পৰিৱৰ্তনৰ অৱনতি ঘটিছে ।

অধ্যয়নটোত দেখা গৈছে যে মুখ্য লক্ষণবোৰ বয়সস্থ লোকৰ তুলনাত ১৮-২৪ বছৰৰ লোকৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় । লক্ষণবোৰ হৈছে আৱেগিক, অদ্ভুত বা অবাঞ্ছিত চিন্তা, আত্ম-প্ৰতিচ্ছবি, আত্ম-মূল্য আৰু আত্মবিশ্বাস, বাস্তৱতাৰ পৰা আঁতৰি যোৱাৰ অনুভূতি, আনৰ সৈতে সম্পৰ্ক, আত্মহত্যাৰ চিন্তা, ভয় আৰু উদ্বেগ, দুখ বা নিৰাশাৰ অনুভূতি আদি । ইয়াৰ উপৰিও, যদি আমি কিশোৰ-কিশোৰীসকলৰ বিষয়ে কওঁ, একাধিক অধ্যয়নে দেখুৱাইছে যে যিসকল কিশোৰে সামাজিক মাধ্যম অত্যাধিক ব্যৱহাৰ কৰে তেওঁলোকে বাস্তৱ জীৱনত আমনি পায়, তেওঁলোকে বাস্তৱৰ পৰা পলায়নৰ চেষ্টা কৰে, চাপ অনুভৱ কৰে, অকলশৰীয়া অনুভৱ কৰে আদি ।

সামাজিক মাধ্যম সঠিক সময়ৰ বাবে ব্যৱহাৰ কৰাটো বেয়া নহয় । কিন্তু, ইয়াৰ প্ৰতি আসক্ত হ'লে ই উদ্বেগজনক হৈ পৰে । যদি আপোনাৰ কিশোৰৰ আচৰণ তলত উল্লেখ কৰা সমূহৰ কোনো এটা বা একাধিক হয় তেনেহ'লে ইয়াৰ কাৰণ সামাজিক মাধ্যমৰ প্ৰতি আসক্ত হ'ব পাৰে :

  • যদি এজন ব্যক্তিয়ে বেছিভাগ সময় সামাজিক মাধ্যমৰ বিষয়ে চিন্তা কৰে বা কথা পাতি থাকে ।
  • যদি তেওঁলোকে প্ৰতি দিনে একাধিকবাৰ সামাজিক মাধ্যম ব্যৱহাৰ কৰে ।
  • যদি তেওঁলোকে তেওঁলোকৰ জীৱনৰ আন গুৰুত্বপূৰ্ণ বিষয়বোৰত মনোযোগ দিয়াৰ সলনি সামাজিক মাধ্যম ব্যৱহাৰ কৰি থাকে ।
  • যদি তেওঁলোকে গুৰুত্বপূৰ্ণ কামত পলম কৰি আছে আৰু তাৰ পৰিৱৰ্তে সামাজিক মাধ্যম ব্যৱহাৰ কৰি আছে ।
  • যদি তেওঁলোকে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে বিৰক্ত অনুভৱ কৰে আৰু খঙতে আত্মহত্যাৰ দৰে ভাবুকি দিয়ে ।
  • যদি সামাজিক মাধ্যমৰ ব্যৱহাৰে তেওঁলোকৰ অধ্যয়নত প্ৰভাৱ পেলায় ।
  • যদি তেওঁলোকে কথোপকথনৰ সময়ত তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউণ্ট পৰীক্ষা কৰি থাকে ।
  • যদি এজন ব্যক্তিয়ে সামাজিক মাধ্যমত থাকিবলৈ সামাজিক অনুষ্ঠান পৰিহাৰ কৰে ।
  • যদি তেওঁলোকে সামাজিক মাধ্যমত কটোৱা সময়ৰ বিষয়ে মিছা কয় ।
  • যদি তেওঁলোকে সামাজিক মাধ্যমত কটোৱা সময় হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই ।

অধ্যয়নত দেখা গৈছে যে ত্ৰিশ মিনিটৰ সামাজিক মাধ্যমৰ ব্যৱহাৰে এজন ব্যক্তিৰ মনোভাৱ সলনি কৰাত সহায় কৰে । কিন্তু, দিনত দুই ঘণ্টাতকৈ অধিক সময় সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে হতাশাৰ লক্ষণ বৃদ্ধি হোৱাৰ আশংকা থাকে । সেয়েহে, এজন ব্যক্তিয়ে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰসাম্য বজাই ৰাখিব লাগে ।

লগতে পঢ়ক :সামাজিক মাধ্যমৰ পৰা এসপ্তাহ বিৰত থাকক: উন্নত হ’ব মানসিক অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.