ETV Bharat / sukhibhava

World Health Organization report: ১৮.৮৩ কোটি ভাৰতীয়ই আক্ৰান্ত 'হাইপাৰটেনচন'ত

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 6:58 PM IST

এক প্ৰতিবেদন অনুসৰি বৰ্তমান ভাৰতৰ প্ৰায় ১৮৮.৩ মিলিয়ন মানুহেই স্বীকাৰ হৈছে হাইপাৰটেনচনৰ ৷ ইয়াৰো কেৱল ৩৭ শতাংশ লোকেহে এই ৰোগত আক্ৰান্ত হৈ থকাৰ বিষয়ে সঠিক সময়ত অৱগত হয় ৷ আৰু দুৰ্ভাগ্যজনকভাৱে তাৰেও মাত্ৰ ৩০ শতাংশ ৰোগীয়েহে ইয়াৰ চিকিৎসা লাভ কৰে ৷

World Health Organization (WHO) reports: 188.3 million Indians suffer from hypertension
১৮.৮৩ কোটি ভাৰতীয়ই আক্ৰান্ত 'হাইপাৰটেনচন'ত

মঙলবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৮ সংখ্যক অধিৱেশনত বিশ্ব স্থাস্থ্য সংস্থাই মুকলি কৰা এক প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ এই প্ৰতিবেদন অনুসৰি বৰ্তমান ভাৰতৰ প্ৰায় ১৮৮.৩ মিলিয়ন মানুহেই স্বীকাৰ হৈছে হাইপাৰটেনচনৰ ৷ ইয়াৰো কেৱল ৩৭ শতাংশ লোকেহে এই ৰোগত আক্ৰান্ত হৈ থকাৰ বিষয়ে সঠিক সময়ত অৱগত হয় ৷ আৰু দুৰ্ভাগ্যজনকভাৱে তাৰেও মাত্ৰ ৩০ শতাংশ ৰোগীয়েহে ইয়াৰ চিকিৎসা লাভ কৰে ৷

ছাইলেন্ট কিলাৰ ৰূপে পৰিচিত উচ্চ ৰক্তচাপৰ বিধ্বংসী প্ৰভাৱ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই মঙলবাৰে প্ৰথমবাৰলৈ দাখিল কৰিছিল এক প্ৰতিবেদন ৷ এই প্ৰতিবেদনৰ নাম দিয়া হৈছিল “গ্লবেল ৰিপৰ্ট অন হাইপাৰটেনচনঃ দ্য ৰেচ এগেইনষ্ট এ ছাইলেন্ট কিলাৰ” ৷ এই প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বতে হাইপাৰটেনচনত আক্ৰান্ত ৫জন ৰোগীৰ ভিতৰত ৪জন ৰোগীয়েই নাপায় পৰ্যাপ্ত চিকিৎসা ৷

বিশ্ব স্বাস্থ্য সংস্থাই দাখিল কৰা এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতৰ প্ৰায় ৩০ৰ পৰা ৭৯ বছৰ বয়সৰ উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰায় আধা সংখ্যক ৰোগীয়েও যদি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়, তেন্তে ২০৪০ চনৰ ভিতৰত ভাৰতত কমেও ৪ কোটি লোকৰ অকাল মৃত্যু ৰোধ কৰিব পৰা যাব ৷

উল্লেখযোগ্য যে, ৰক্তচাপ ১৪০/৯০ মিলিমিটাৰ পাৰা পাৰচেণ্ট বা তাতকৈ বেছি হোৱা বা কোনো ব্যক্তিয়ে এই অৱস্থাৰ বাবে ঔষধ গ্ৰহণ কৰা তথ্যৰ বিশ্লেষণৰ ভিত্তিত বিশ্ব স্বাস্থ্য সংস্থাই এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল ৷

উচ্চ ৰক্তচাপৰ ফলত ষ্ট্ৰোক, হাৰ্ট এটেক, হৃদযন্ত্ৰৰ বিকলতা, বৃক্কৰ ক্ষতি আৰু অন্যান্য অসংখ্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াক ৰোধ কৰিবলৈ স্বাস্থ্যসন্মত খাদ্য খোৱা, নিয়মিত শাৰীৰিক ব্যায়াম কৰা, মানসিক চাপৰ মাত্ৰা পৰিচালনা কৰা আৰু ৰক্তচাপৰ নিয়মীয়া নিৰীক্ষণ আদি প্ৰতিৰোধমূলক অভ্যাস গঢ় দিয়াটো প্ৰয়োজনীয় ৷

লগতে পঢ়ক: Taro Leaves Benefits: কেৱল কচুয়েই নহয় ইয়াৰ পাতৰো আছে অনেক উপকাৰিতা

লগতে পঢ়ক: Dry Eyes: চকু বাৰে বাৰে শুকাই যোৱাৰ বাবে অশান্তি পাইছে নেকি ? এই খাদ্যসমূহে দিব উপশম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.