ETV Bharat / sukhibhava

লেপৰ তলত চুৱেটাৰ পিন্ধি শোৱাটো কিয় স্বাস্থ্যৰ পক্ষে হানিকাৰক ?

author img

By

Published : Jan 13, 2022, 4:46 PM IST

winter
লেপৰ তলত চুৱেটাৰ পিন্ধি শোৱাটো কিয় স্বাস্থ্যৰ পক্ষে হানিকাৰক ?

আপুনি নিশা লেপ বা কম্বলৰ তলত চুৱেটাৰ পিন্ধি শোৱে নেকি ? এই অভ্যাস কিন্তু স্বাস্থ্যৰ বাবে খুৱেই অপকাৰী ৷ জানোচোন আহক চুৱেটাৰ পিন্ধি শোৱাৰ কেইটামান অপকাৰিতা...

নিশা ঠাণ্ডা অনুভৱ নকৰিবলৈ বহুলোকে তেওঁলোকৰ মোজা আৰু চুৱেটাৰ পিন্ধি শোৱে, যিটো শুনিবলৈ ভাল লাগিলেও কিন্তু শিশু বা প্ৰাপ্তবয়স্কৰ বাবে একেবাৰে ভাল নহয় । চিকিৎসকসকলে বিশ্বাস কৰে যে, শীতকালৰ এই অভ্যাসে ডায়েবেটিচ ৰোগী, হৃদৰোগী আৰু উচ্চ ৰক্তচাপ বা উশাহ-নিশাহৰ বেমাৰত ভুগি থকা লোকসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

হাৰিয়ানাৰ জ্যেষ্ঠ সাধাৰণ চিকিৎসক ডাঃ ৰাজেশ সিং গ্ৰেৱালে কয় যে চুৱেটাৰ পিন্ধি শুলে কেৱল সংক্ৰমণৰ আশংকাই বৃদ্ধি নহয়,বৰঞ্চ বহুতো স্বাস্থ্য আৰু ছালৰ সমস্যাও হ'ব পাৰে । সেইসমূহৰ ভিতৰত আছে :

উশাহ-নিশাহৰ সমস্যা

ডাঃ ৰাজেশে বৰ্ণনা কৰে যে উলৰ কাপোৰবোৰ মোটা ডাঠ কাপোৰেৰে তৈয়াৰ কৰা হয় আৰু সেইবোৰ প্ৰতিদিনে ধোৱা নহয় ৷ যাৰ ফলত কাপোৰত ধুলিৰ কণা, ঘাম আৰু মানৱ শৰীৰৰ লেতেৰাবোৰ গোট খাই পৰে ৷ যিয়ে পিছত কাপোৰত বেক্টেৰিয়া জন্ম দিব পাৰে । সেয়েহে, ইতিমধ্যে হাপানি, ব্ৰংকাইটিছ, ধুলি বা বেক্টেৰিয়াৰ প্ৰতি এলাৰ্জি থকা লোকসকলৰ সমস্যা অধিক ভয়াৱহ হ'ব পাৰে । ইয়াৰ উপৰিও, এই অভ্যাসৰ ফলত এজন স্বাস্থ্যৱান ব্যক্তিও এলাৰ্জি বা সংক্ৰমণত আক্ৰান্ত হ'ব পাৰে । লগতে, নিশা চুৱেটাৰ পিন্ধি শুলে সেইবোৰত আৱদ্ধ ধুলিৰ পৰা কাহ হোৱাৰ সম্ভাৱনা থাকে ৷

ৰক্তচাপ প্ৰভাৱিত কৰে

ডাঃ ৰাজেশে কৈছে যে, নিশা চুৱেটাৰ পিন্ধি শুলে ঘাম বৃদ্ধি হয়, যি ৰক্তচাপত প্ৰভাৱিত কৰিব পাৰে । শীতকালত, আমাৰ ৰক্তনলীবোৰ সংকুচিত হৈ পৰে । যেতিয়া এজন ব্যক্তিয়ে মোজা, টুপী বা চুৱেটাৰ পিন্ধি শোৱে, প্ৰথমে তেওঁৰ শৰীৰত গৰম অনুভৱ কৰিব, কিন্তু পিছলৈ তেওঁ শ্বাসৰুদ্ধ আৰু অস্থিৰ অনুভৱ কৰাৰো থল আছে । এই সকলোবোৰে ৰক্তচাপত প্ৰভাৱিত কৰিব পাৰে ।

ছালৰ সমস্যা আৰু এলাৰ্জি

আমাৰ বিশেষজ্ঞই বৰ্ণনা কৰিছে যে শোৱাৰ সময়ত উলৰ কাপোৰ পিন্ধিলে, অত্যাধিক গৰম আৰু ঘামৰ বাবে, বেক্টেৰিয়া বৃদ্ধি হ'ব পাৰে, যাৰ ফলত চোকোৰা আৰু ছালৰ এলাৰ্জি হ'ব পাৰে । বিশেষকৈ, যিসকল লোকৰ ইতিমধ্যে এলাৰ্জি আছে তেওঁলোকে এনে অভ্যাসৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকিব লাগে, কিয়নো নিশা অধিক স্বাস্থ্যৰ অৱনতি হ'ব পাৰে ।

আৰু কি কি সমস্যা হ’ব পাৰে ?

ডাঃ ৰাজেশে জনায় যে, উলৰ কাপোৰৰ আঁহ কপাহৰ কাপোৰৰ তুলনাত ডাঠ, য'ত এয়াৰ পকেট থাকে, যি ইনচুলেটৰ হিচাপে কাম কৰে । গতিকে যেতিয়া আমি উলৰ কাপোৰ পিন্ধি লেপ এখন লৈ শোঁ, সেই কাপোৰৰ আঁহে আমাৰ শৰীৰৰ তাপ বন্ধ কৰে । Preexisting health conditions ত ভুগি থকা সকলৰ বাবে ই মাৰাত্মক ৷ বিশেষকৈ বৃদ্ধসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ তেওঁ লগতে কয় যে, উলৰ কাপোৰৰ সলনি আপুনি থাৰ্মোকোট পিন্ধিব পাৰে বা কপাহৰ মোজা পিন্ধিব পাৰে ।

লগতে পঢ়ক : Mosambi peels can help prevent Cancer : মৌচুমী ফলৰ বাকলিয়ে প্ৰতিৰোধ কৰিব পাৰে দুৰাৰোগ্য কৰ্কট ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.