ETV Bharat / sukhibhava

কি কাৰণত আমি শীতকালত খেজুৰ খোৱা উচিত জানো আহক...

আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে মানুহে শীতকালত খেজুৰ খোৱাৰ পৰামৰ্শ দিয়ে । খেজুৰ খালে শৰীৰত বহু উপকাৰিতা সাধন হয় । ইয়াৰ ফলত শৰীৰ গৰম হৈ থাকে আৰু স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা দূৰ হয় । সেয়ে শীতকালত খেজুৰ খোৱাৰ আঁৰৰ কাৰণ আৰু সুবিধাৰ বিষয়ে জানো আহক...

why is it advised to eat dates in winter? Know the benefits
কি কাৰণত আমি শীতকালত খেজুৰ খোৱা উচিত জানো আহক...

Published : November 20, 2023 at 3:20 PM IST

Choose ETV Bharat

শীতকালত শুকান ফলে আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰিতা সাধন কৰে ৷ শুকান ফলৰ পৰা তৈয়াৰী হালোৱা আৰু বহু প্ৰকাৰে মানুহে সেৱন কৰে ৷ অৱশ্যে শুকান ফলৰ দ্বাৰা স্বাস্থ্যৰ বাবেও বহু উপকাৰিতা সাধন হয় ৷ ঠাণ্ডা বতৰত ইয়াক গ্ৰহণ কৰিলে শৰীৰ গৰম হৈ থাকে ৷ শুকান ফলৰ ভিতৰত সদায় শৰীৰক গৰম কৰি ৰাখিবলৈ বহুলোকে খেজুৰকে প্ৰথমে বাচনি কৰে ৷ কিন্তু বহুতে শীতকালত খেজুৰ খোৱাৰ ক্ষেত্ৰত বিভ্ৰান্ত হৈয়েই থাকে ৷

আজি আমি আপোনালোকক জনাম শীতকালত খেজুৰ সেৱন কৰিলে শৰীৰে কি কি উপকাৰিতা লাভ কৰিব পাৰে ৷ লগতে, কোনবোৰ ৰোগ নিয়ন্ত্ৰিত হয় ? শীতকাল অহাৰ লগে লগে বজাৰত খেজুৰৰ অভাৱ ঘটে ৷ খেজুৰ হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল ৷ সেয়েহে ই বহু সমস্যা ৰোধ কৰে ৷ ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক...

উচ্চ বিপি নিয়ন্ত্ৰিত হয়-

শীতকালত উষ্ণতা কম হোৱাৰ বাবে ৰক্তবাহী নলী সাময়িকভাৱে সংকুচিত হয় ৷ যাৰ বাবে শৰীৰত তেজৰ সঠিক যোগান ধৰা নহয় ৷ এনে পৰিস্থিতিত ৰক্তচাপ বৃদ্ধি পায় ৷ শীতকালত উচ্চ বি পি নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক খেজুৰ খাব লাগে ৷ কাৰণ খেজুৰত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে ৷

ডায়েবেটিছ নিয়ন্ত্ৰিত হয়-

কিছুমান মানুহে শীতকালত মিঠা খাদ্য খাই খুবেই ভাল পায় ৷ কিন্তু ডায়েবেটিছৰ ৰোগীয়ে ইচ্ছামতে মিঠা খাদ্য নোৱাৰে কাৰণ ইয়াত শৰ্কৰাৰ মাত্ৰা যথেষ্ট বেছি ৷ কিন্তু খেজুৰ এনে এবিধ শুকান ফল যে দৈনিক খালে ডায়েবেটিছ ৰোগীৰ কোনো সমস্যা নহয় ৷ ডায়েবেটিছ ৰোগীৰ বাবেও খেজুৰ অতি উপকাৰী আৰু ইয়াত থকা গ্লাইচেমিকৰ পৰিমাণো অতি কম ৷

চৰ্দি আৰু কাহৰ পৰা ৰক্ষা কৰক-

যদি আপুনি শীতকালত দৈনিক খেজুৰ সেৱন কৰে, বা গাখীৰৰ সৈতে খায়, তেন্তে চৰ্দি আৰু কাহৰ সমস্যাও নাইকিয়া হয় ৷ এই বতৰত বেছিভাগ মানুহ চৰ্দি আৰু কাহৰ সমস্যাত ভোগে ৷ এই সকলোবোৰ সমস্যা দূৰ কৰাত খেজুৰ অতি ফলপ্ৰসূ ৷ কাৰণ ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷

লগতে পঢ়ক: ব্ৰেকফাষ্টত কেতিয়াও অন্তৰ্ভুক্ত নকৰিব এই খাদ্য সামগ্ৰী