ETV Bharat / sukhibhava

ব্ৰেকফাষ্টত কেতিয়াও অন্তৰ্ভুক্ত নকৰিব এই খাদ্য সামগ্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 8:21 PM IST

সকলোৱে বিচাৰে দিনটোৰ এটা ভাল আৰম্ভণি । ইয়াৰ বাবে মানুহে স্বাস্থ্যকৰ ব্ৰেকফাষ্ট গ্ৰহণ কৰে । কিন্তু আমি প্ৰায়েই ব্ৰেকফাষ্টত এনে কিছুমান খাদ্য গ্ৰহণ কৰো যি আমাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে কোনবোৰ খাদ্য ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত কৰিব লাগে আৰু কোনবোৰ কৰাটো উচিত নহয় জানি লও আহক-

Never eat these unhealthy food items for breakfast, otherwise your health may deteriorate
ব্ৰেকফাষ্টত কেতিয়াও অন্তৰ্ভুক্ত নকৰিব এই খাদ্য সামগ্ৰী

পুৱা সাৰ পোৱাৰ পিছত সকলোৱে এটি ইতিবাচক আৰম্ভণি বিচাৰে ৷ ইয়াৰ বাবে মানুহে দিনটোৰ আৰম্ভণি একাপ চাহৰ লগতে বিভিন্ন খাদ্যৰ সৈতে কৰে ৷ যাতে তেওঁলোকে সতেজ অনুভৱ কৰিব পাৰে ৷ লগতে নতুন দিনৰ আৰম্ভণি এনেকুৱা হ’ব লাগে যাতে গোটেই দিনটো শক্তিশালী অনুভৱ কৰিব পাৰে ৷

ইয়াৰ বাবে বহুলোকে নিজৰ ব্ৰেকফাষ্ট ৰাজকীয় পদ্ধতিৰে খাবলৈ চেষ্টা কৰে ৷ কাৰণ দিনটো শক্তিশালী অনুভৱ কৰিবলৈ সঠিৰ ব্ৰেকফাষ্ট অতি প্ৰয়োজনীয় ৷ কিছুমান খাদ্য আছে যিবোৰ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি নিজকে ফিট কৰি ৰাখিব পাৰে ৷ কিন্তু ইয়াৰ বিপৰীতে যদি আপুনি অস্বাস্থ্যকৰ খাদ্য খায় তেন্তে আপুনি আপোনাৰ স্বাস্থ্যও নষ্ট হ’ব পাৰে ৷ গতিকে আজি এই প্ৰতিবেদনত আমি আপোনালোকক ক'ম যে কোনবোৰ খাদ্য আপুনি দিনটোৰ আৰম্ভণিতে গ্ৰহণ কৰাটো একেবাৰেই উচিত নহয়...

১/ পেনকেক

যদি আপুনি পুৱা ব্ৰেকফাষ্টত পেনকেক খাই আছে, তেন্তে বুজি লওক যে ইয়াৰ ফলত দিনটোৰ পিছলৈ আপোনাৰ স্বাস্থ্যও নষ্ট হ’ব পাৰে ৷ কাৰণ ব্যস্ততাৰ বাবে মানুহে ঘৰতে বনোৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট গ্ৰহণ কৰাৰ পৰা বঞ্চিত হয় ৷ এনে পৰিস্থিতিত মানুহে এনে খাদ্যৰ বিকল্প হিচাপে বিচাৰে যিবোৰ তৈয়াৰ কৰাৰ লগতে খাবলৈও সহজ ৷ পেনকেক আৰু ৱেফাৰ ইয়াৰ ভিতৰত অন্যতম ৷ বহুতে ব্ৰেকফাষ্টত খাই ভাল পায় ৷ কিন্তু ব্ৰেকফাষ্টৰ বাবে এইটো ভাল বিকল্প নহয় ৷ ইয়াৰ ফলত আপোনাৰ শক্তি হ্ৰাস পাব পাৰে ৷

২/ চাহ

বেছিভাগ মানুহৰে দিনটোৰ আৰম্ভণি একাপ চাহৰ সৈতে কৰে ৷ কিন্তু পুৱা খালী পেটত চাহ খালে স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা নহয় ৷ পুৱা চাহ খোৱাৰ এই অভ্যাসে মানুহক অস্বস্তিত পেলাব পাৰে ৷ অৱশ্যে ইচ্ছা কৰিলে পুৱাৰ চাহৰ লগত কিছু জলপান খাব পাৰে ৷ কিন্তু পুৱা খালী পেটত চাহ নাখাব ৷ ইয়াৰ ফলত স্বাস্থ্যৰ বহু ক্ষতি হ’ব পাৰে ৷ ইয়াৰ উপৰিও ৰক্তশৰ্কৰা বৃদ্ধি কৰিব পাৰে ৷

লগতে পঢ়ক: আপোনাৰ স্বাস্থ্যৰ বাবে মহৌষধ স্বৰূপ শিঙৰি; লাভ কৰিব এই 5টা উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.