ETV Bharat / sukhibhava

Extramarital affair: বিবাহিত পুৰুষ বা মহিলাই কিয় অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হয় জানেনে ?

author img

By

Published : Apr 2, 2023, 9:57 PM IST

বিবাহিত পুৰুষ বা মহিলাই কিয় পৰ পুৰুষ বা মহিলাৰ প্ৰতি আকৰ্ষিত হয় জানেনে ? এইসমূহ কাৰণতেই বিবাহিত লোকে অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হয় (Extramarital affair) ৷ কাৰণসমূহ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Why are committed partners seeking extramarital affairs?
এইসমূহ কাৰণতেই বিবাহিত লোকে অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হয়

বিবাহ হৈছে এনে এক সামাজিক বন্ধন বা আইনী চুক্তি যাৰ দ্বাৰা দুজন মানুহৰ মাজত দাম্পত্য সম্পৰ্ক স্থাপন কৰা হয়। কিন্তু বহু সময়ত দেখা যায় এই বিবাহ সফল নহয়, কাৰণ বিবাহিত পুৰুষ বা মহিলাই বিবাহিত হোৱাৰ পিচতো পৰ পুৰুষ বা অন্য মহিলাৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায় ৷ যাৰ ফলত বিবাহ সফল নহয় (Why Married People Cheat) ৷ কিন্তু আপুনি জানেনে বিবাহিত হোৱাৰ পিচতো কিয় অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হয় পুৰুষ বা মহিলা ? ইয়াৰ আঁৰত আছে বিশেষ কিছুমান কাৰণ (Extramarital affair reason) ৷

IPSOS ৰ সহযোগত গ্লিডেনে কৰা এক সমীক্ষাত প্ৰকাশ পোৱা কাৰণসমূহ হৈছে এনেধৰণৰ . . .

শাৰীৰিক আকৰ্ষণ (Physical attraction)

বিশ্বাসঘাতকতাৰ এটা সাধাৰণ কাৰণ হৈছে শাৰীৰিক আকৰ্ষণ । বহুতে আন কাৰোবাৰ প্ৰতি শাৰীৰিকভাৱে আকৰ্ষিত হোৱাৰ বাবে নিজৰ সংগীক প্ৰতাৰণা কৰে । গ্লিডেনৰ সমীক্ষা অনুসৰি মানুহৰ ব্যক্তিগত অনুষ্ঠান আৰু পাৰ্টিৰ জৰিয়তে লগ পোৱা লোকৰ সৈতে ২৬ শতাংশ লোকে নিজৰ পত্নী বা স্বামীক বিশ্বাসঘাতকতা কৰে ৷ আনহাতে ছ’চিয়েল মিডিয়াৰ যোগে কথা-বতৰা পাতি ২৫ শতাংশই নিজৰ পত্নী বা স্বামীক প্ৰতাৰণা কৰে ৷ বাকী ১৯ শতাংশই অবিবাহিত লোকৰ বাবে থকা ডেটিং এপৰ দ্বাৰা নিজৰ স্বামী বা পত্নীক প্ৰতাৰণা কৰে ৷ সামাজিক পৰিৱেশত কোনো বিবাহিত পুৰুষ বা মহিলাই কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰি প্ৰলোভনৰ সন্মুখীন হোৱাটো সহজ ।

চৰকাৰী চাকৰিয়াল স্বামী বা পত্নীৰ পৰা মনোযোগৰ অভাৱ (Lack of attention from official partner)

যেতিয়া সংগীয়ে আওকাণ, অপ্ৰশংসা বা অপ্ৰিয় অনুভৱ কৰে, তেতিয়া তেওঁলোকে আন ঠাইত মনোযোগ আৰু মৰম বিচাৰিব পাৰে । বিশেষকৈ যেতিয়া সম্পৰ্কত যোগাযোগৰ বিজুতি ঘটে তেতিয়াই সংঘটিত হয় এনে প্ৰতাৰণাৰ ঘটনা । সমীক্ষাটোত উল্লেখ কৰা হৈছে যে আৱেগিক সমৰ্থনৰ অভাৱ হৈছে বিশ্বাসঘাতকাতৰ দ্বিতীয় সাধাৰণ কাৰণ ৷ ৫৭ শতাংশ লোকে নিজৰ সংগীৰ প্ৰতি অন্ততঃ এবাৰ বিশ্বাসঘাতকতা কৰা বুলি দৃঢ়তাৰে কয় ৷ ইয়াৰে ৪৫ শতাংশই বিবাহৰ প্ৰথম বছৰতেই প্ৰতাৰণা কৰে নিজৰ সংগীক ৷

অনুভৱ (Feelings)

নিজৰ সংগীক প্ৰতাৰণা কৰাৰ এইটোও এটা অন্য়তম কাৰণ ৷ নিজৰ সংগীৰ পৰিৱৰ্তে আন কাৰোবাৰ প্ৰতি শক্তিশালী আৱেগিক সংযোগ গঢ়ি উঠাৰ ফলত নিজৰ সংগীক প্ৰতাৰণা কৰে । যেতিয়া কোনো লোকে কাৰোবাৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰে তেতিয়া প্ৰতাৰণা কৰা স্বাভাৱিক হৈ পৰে তেওঁলোকৰ বাবে । সমীক্ষাত অংশগ্ৰহণ কৰা ৪৪ শতাংশ লোকৰ মতে একে সময়তে দুজন মানুহৰ প্ৰেমত পৰাটো সম্ভৱ ।

নতুন ৰোমাঞ্চৰ সূচনা কৰাৰ ইচ্ছা (Desire to spark a new romance)

কিছুমান মানুহে নতুন ৰোমাঞ্চ অনুভৱ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে । গ্লিডেনৰ সমীক্ষা অনুসৰি ৩৭ শতাংশ লোকে ভাবে যে কোনো সংগীক প্ৰতাৰণা কৰাটো সম্ভৱ আৰু তথাপিও তেওঁলোকৰ প্ৰেমত থকাটো সম্ভৱ ৷ ইয়াৰ পৰা বুজিব পাৰি যে কিছুমান লোকে কেৱল নতুন সম্পৰ্কৰ উত্তেজনাৰ বাবেই প্ৰতাৰণা কৰে ।

যৌন সন্তুষ্টিৰ অভাৱ

যৌন অসন্তুষ্টি বিশ্বাসঘাতকতাৰ এক উল্লেখযোগ্য কাৰণ হ’ব পাৰে ৷ বিশেষকৈ ৪১ শতাংশই নিয়মীয়া যৌন সম্পৰ্ক স্থাপন কৰাৰ পিচতো তেওঁলোকে সম্পূৰ্ণ সন্তুষ্টি লাভ নকৰে ৷ আনহাতে ৫৫ শতাংশই নিজৰ সংগীৰ বাহিৰে আন কাৰোবাৰ সৈতে অন্তৰংগ হোৱাৰ আকৰ্ষণ কৰে । যেতিয়া মানুহে নিজৰ সম্পৰ্কত যৌনভাৱে অপূৰ্ণতা অনুভৱ কৰে, তেতিয়া এটা সাধাৰণ প্ৰৱণতা দেখা যায় যিয়ে হয়তো আন ঠাইত শাৰীৰিক ঘনিষ্ঠতা বিচাৰিব পাৰে ।(IANS)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.