ETV Bharat / sukhibhava

Tulsi Water Benefits: খালী পেটত তুলসী মিহলোৱা পানী খালে কি কি লাভ হয় ? জানো আহক

author img

By

Published : Aug 21, 2023, 1:50 PM IST

What happens if you drink tulsi water everyday?
কিয় দৈনিক খালী পেটত তুলসী মিহলোৱা পানী খাব লাগে ? জানো আহক

তুলসীৰ উপকাৰিতাৰ কথা আমি আমাৰ জ্যেষ্ঠসকলৰ পৰা বহুবাৰ শুনি আহিছো ৷ কিন্তু আপুনি কেতিয়াবা তুলসী মিহলোৱা পানীৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে শুনিছেনে । ই কিয় ইমান উপকাৰী ? জানো আহক...

সনাতন ধৰ্মত তুলসী এবিধ অতি পবিত্ৰ উদ্ভিদ বুলি গণ্য কৰা হয়, সেইবাবেই বেছিভাগ ঘৰতে তুলসীৰ গছ দেখিবলৈ পোৱা যায় ৷ আয়ুৰ্বেদিক গুণৰ বাবে এই উদ্ভিদক অগ্ৰাধিকাৰ দিয়া হয় ৷ আপুনি নিশ্চয় বহুবাৰ তুলসীৰ পাত চোবাই খাইছে, কিন্তু আজি আমি আপোনালোকক জনাম যে যদি আপুনি প্ৰতিদিনে খালী পেটত এগিলাচ তুলসী মিহলোৱা পানী খায় তেন্তে আপোনাৰ স্বাস্থ্যৰ বাবে কেনে ধৰণৰ উপকাৰিতা সাধন হ’ব পাৰে ৷

What happens if you drink tulsi water everyday?
কিয় দৈনিক খালী পেটত তুলসী মিহলোৱা পানী খাব লাগে ? জানো আহক

তুলসী মিহলোৱা পানী খোৱাৰ সুবিধা

১/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

তুলসীৰ পাতত ইমিউন’মডুলেটৰী গুণ পোৱা যায়, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷ বিশেষকৈ পৰিৱৰ্তিত বতৰত ভাইৰাছৰ সংক্ৰমণৰ আশংকা বহু পৰিমাণে হ্ৰাস পায় ৷

২/ বিষমুক্তকৰণ

যদি আমাৰ শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ সীমাৰ বাহিৰত বাঢ়ি যায়, তেন্তে ই বহু ৰোগৰ সৃষ্টি কৰিব পাৰে, পুৱা সাৰ পোৱাৰ লগে লগে তুলসী মিহলোৱা পানী খালে তেতিয়া শৰীৰৰ বিষ নিৰাময় হ’ব ৷

৩/ কৰ্কট ৰোগ প্ৰতিৰোধ

তুলসীত এন্টিঅক্সিডেন্ট গুণ দেখিবলৈ পোৱা যায় যিয়ে ফ্ৰী ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰে, যাৰ ফলত কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ৷

৪/ চৰ্দি আৰু ফ্লুৰ প্ৰতিৰোধ

যিসকল লোকে দৈনিক খালী পেটত তুলসী মিহলোৱা পানী খায়, তেওঁলোকৰ চৰ্দি আৰু কাহৰ সম্ভাৱনা কমি যায়, এই পদ্ধতি আমাৰ মাজত যুগ যুগ ধৰি চলি আহিছে ৷

৫/ মানসিক চিন্তা কম হয়

মানসিক স্বাস্থ্যৰ বাবেও যে তুলসী অতি উপকাৰী বুলি গণ্য কৰা হয়, এই কথা হয়তো বহু কম সংখ্যক লোকেহে জানে ৷ ইয়াৰ পানী খালে মনটো শান্ত হৈ থাকে আৰু উত্তেজনা আৰু উদ্বেগ দূৰ হয় ৷

৬/ ভাল হজম শক্তি

বৰ্তমান যুগত আমাৰ খাদ্যাভ্যাস অতি অস্বাস্থ্যকৰ হৈ পৰিছে, যাৰ বাবে আমাৰ পেটে বোজা বহন কৰিবলগীয়া হৈছে ৷ যেতিয়া আপুনি একো নোখোৱাকৈ তুলসী মিহলোৱা পানী খায়, তেতিয়া হজম শক্তি ভাল হয়, যাৰ ফলত কোষ্ঠকাঠিন্য, এচিডিটিৰ পৰা উপশম পোৱা যায় ৷

লগতে পঢ়ক: Vegetables for diabetes patients: ডায়েবেটিছ ৰোগীৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয় এই ৩ বিধ শাক-পাচলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.