ETV Bharat / sukhibhava

Vastu tips: কেইটামান বাস্তু টিপছ; যিয়ে আপোনাৰ জীৱনৰ বাধা আঁতৰ কৰাত সহায় কৰিব

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 5:33 PM IST

বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সকলো বস্তুতে এক শক্তি থাকে । নিগেটিভ আৰু পজিটিভ শক্তিৰে ঘৰখনক প্ৰভাৱিত কৰে । বাস্তুমতে ঘৰৰ কোনোটো স্থানত কি থকা উচিত সেই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ডঃ কৰবী বেজবৰুৱাই ।

Vastu Tips to Boost your Home's Positive Energy
ঘৰৰ বাবে বাস্তু টিপছ

ঘৰৰ বাবে শীৰ্ষ বাস্তু টিপছ

বাস্তু শাস্ত্ৰ শক্তিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে । বাস্তুৰ মতে ঘৰত ৰখা প্ৰতিটো বস্তু আৰু ইয়াৰ দিশত এটা শক্তি থাকে যিয়ে ঘৰৰ সদস্যসকলক প্ৰভাৱিত কৰে । ধনাত্মক শক্তিয়ে ঘৰত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে আনহাতে ঋণাত্মক শক্তিয়ে জীৱনত বহু সমস্যা কঢ়িয়াই আনে । ঘৰত এনে বহুতো ঠাই আৰু বস্তু আছে যিবোৰ বাস্তুৰ মতে অনুসৰণ নকৰিলে বাস্তুৰ দোষৰ সৃষ্টি হয় । কোনবোৰ বস্তু ঘৰৰ পৰা তৎক্ষণাত আঁতৰাই পেলাব লাগে, অথবা কোনটো বস্তু ক’ত ৰাখিব লাগে সেয়া জানি লওক এই প্ৰতিবেদনত ৷

১) বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ উত্তৰ দিশটো সদায় চাফাকৈ ৰাখিব লাগে, পাৰিলে খালিকৈ ৰাখিব লাগে । ঘৰৰ উত্তৰ দিশটোত খুব বেছি গধুৰ সামগ্ৰী ৰাখিব নালাগে । যদিহে আপোনাৰ ঘৰৰ উত্তৰ-পূৱ কোণটো খালী হৈ আছে তেন্তে তাত তুলসী গছ ৰুব পাৰে ।

২) ঘৰৰ মুখ্য দুৱাৰখন অইন দুৱাৰবোৰতকৈ অলপ হ’লেও ডাঙৰ কৰিব লাগে । এনে কৰিলে ঘৰত পজিটিভ এনাৰ্জি খুব বেছি সক্ৰিয় হৈ থাকে বুলি কোৱা হয় ।

৩) কর্মক্ষেত্ৰলৈ বা অন্য কোনো কামলৈ ওলাই যাওঁতে মাছ চাই যোৱাটো শুভ । সেয়েহে ঘৰত মাছ পুহিব পাৰে বা একুৰিয়াম ৰাখিব পাৰে।

৪) ঘৰত শংখৰে বনোৱা সামগ্ৰী ৰাখিলে ঘৰত সুখ-শান্তি বিৰাজ কৰাত সহায় কৰে । লগতে ই আপোনাক আৰ্থিকভাবে সুৰক্ষা দিয়াত সহায় কৰে ।

৫) দুৱাৰৰ পিনে ভৰি দি কেতিয়াও শুব নালাগে । দুৱাৰৰ ফালে ভৰি দি শুলে জীৱনলৈ অহা বহু সুবিধা হেৰুৱাব পাৰে । লগতে সঞ্চিত ধনৰ নাশো হ’ব পাৰে ।

৫) বিছনাত বহি কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে । বাস্তুৰ মতে বিছনাত বহি খাদ্য গ্ৰহণ কৰিলে ৰাহু গ্ৰহৰ অশুভ ফল ভুগিব লগা হ’ব পাৰে । বিভিন্ন দিশত খেলিমেলি আহিব পাৰে ।

৭) ড্ৰয়িং ৰুম বা শুৱনি কোঠাত কেতিয়াও যুদ্ধ-বিগ্ৰহ , দুৰ্ভিক্ষ, ভয়ানক দৃশ্য, চিকাৰৰ দৃশ্য এনেকুৱা ধৰণৰ ফটো ৰখাটো শুভ নহয় । শোৱনিকোঠাত 'লাভিং বার্ড' আদিৰ ছবি ৰাখিব পাৰে।

৮) দীপাৱলীৰ দিনা সাধাৰণতে কালি পূজা কৰা হয় যদিও, সেইদিনা যদি নিশা কালি পূজা কৰিব পাৰে তেন্তে সমগ্ৰ বছৰটোৰ কাৰণে আৰ্থিক সংকটৰ পৰা মুক্ত কৰি ৰাখিব পৰা যায় ।

লগতে পঢ়ক: Vastu Tips: বাস্তুৰ কিছু ঘৰুৱা বিধি, যিয়ে ঠিক কৰিব পাৰে আপোনাৰ ঘৰৰ বাস্তু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.