ETV Bharat / sukhibhava

Vastu Tips: বাস্তুৰ কিছু ঘৰুৱা বিধি, যিয়ে ঠিক কৰিব পাৰে আপোনাৰ ঘৰৰ বাস্তু

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:49 PM IST

বাস্তুশাস্ত্ৰ মতেই ঘৰ এখনৰ বাস্তু নিৰ্ণয় অতি প্ৰয়োজনীয় ৷ বাস্তু নিৰাময়ৰ কিছু ঘৰুৱা বিধি সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ৷ টোপনিৰ সমস্যাৰ কেনেদৰে দূৰ কৰিব ?

Vastu tips
বাস্তুৰ কিছু ঘৰুৱা বিধি

জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা

বাস্তুদোষৰ বাবে বহুলোকৰ ৰাতি টোপনিৰ সমস্যা হোৱা দেখা যায় ৷ ৰাতি টোপনি নাহিব পাৰে বা বেয়া সপোন দেখি হঠাৎ সাৰ পাই যাব পাৰে ৷ ঘৰত যদি বহু বেছি পৰিমানে বাস্তুৰ দোষ থাকে তেন্তে এই সমস্যা হ'ব পাৰে ৷ এই সমস্যাৰ পৰা উপশম পাবলৈ কিছু ঘৰুৱা বিধি আছে ৷ তাৰ বাবে আপোনাক লাগিব এটা তামৰ বা পিতলৰ গিলাচ ৷ সদায় ৰাতি শুবৰ সময়ত তামৰ বা পিতলৰ গিলাচটোত এগিলাচ পানী লৈ, পানী গিলাচ ঢাকি শীতানৰ ফালে থৈ দিব ৷ এনেকুৱা কৰিলে আপোনাৰ টোপনি লাহে লাহে ভাল হ'ব ৷ লগতেই যি বোৰ বেয়া সপোন দেখে সেইবোৰ নাইকিয়া হ'ব ৷

টকা-পইচাৰ অভাৱ কেনেদৰে নোহোৱা কৰিব

বাসগৃহৰ যি খন মুখ্যদ্বাৰ খন খুব বেছি চাফাকৈ ৰখাটো প্ৰয়োজন ৷ লগতেই সদায় পুৱা শুই উঠি ঘৰ খন চাফা কৰাৰ লগতে মুখ্যদ্বাৰখন চাফা কৰাটো অতি প্ৰয়োজনীয় ৷ লগতে তামৰ গিলাচত এগিলাচ পানী লৈ তাত কেঁচা হালধিৰ ৰস মিহলাই, এখিলা পাণৰ পাতেৰে ঘৰৰ বাহিৰত আৰু ভিতৰত পানী ছটিয়াব ৷ এনেকুৱা কৰিলে ঘৰৰ নিগেটিভ এনাৰ্জী নাইকীয়া হয় ৷ লগতে পইচাক লৈ সৃষ্টি হোৱা অসুবিধা নাইকিয়া হ'ব ৷

বাস্তুদোষৰ পৰা উপশম পাবলৈ ঘৰত কি কি নিয়ম পালন কৰিব লাগে ?

১) ধৰ্মীয় কিতাপ কেতিয়াও শুৱা ঠাইত নিব নালাগে ৷ বিশেষকৈ ধৰ্মীয় কিতাপ কেতিয়াও গাৰুৰ তলত লৈ শুৱ নালাগে ৷ হনুমান চালিসা কেতিয়াও বিচনাত পঢ়িব নালাগে ৷

২) ৰাতিপুৱা আৰু গধূলি প্ৰতিদিনেই ঘৰত বন্তি জ্বলাব লাগে ৷

৩) ঘৰৰ মুখ্যদ্বাৰৰ পৰা যাতে কোনো ধৰণৰ শব্দ নোলায় সেয়া মন কৰিব লাগে ৷

৪) ঘৰৰ উত্তৰ-পূৱ দিশত কেতিয়াও ডাছবিন ৰাখিব নালাগে ৷

৫) ঘৰৰ মাজমজিয়াত কেতিয়াও গধুৰ বস্তু ৰাখিব নালাগে ৷

লগতে পঢ়ক: Butter Benefits: বহু পুষ্টিকৰ উপাদানেৰে পূৰ্ণ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় মাখন, ইয়াৰ অগণন উপকাৰিতা জানি লওক

লগতে পঢ়ক: Healthy Diet: আজিয়েই সলনি কৰক আপোনাৰ খাদ্য তালিকা, বৃদ্ধ বয়সলৈকে হৈ থাকিব ৰোগমুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.