ETV Bharat / sukhibhava

Hibiscus Flowers for Skin: এনেদৰে মুখমণ্ডলত জবাফুল ব্যৱহাৰ কৰি পাওক এই লাভ

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 11:27 AM IST

জবা ফুলত ভিটামিন চিৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায় ৷ এই ফুল ছালৰ বাবেও ব্যৱহাৰ কৰিব পাৰে ৷ এই ফুলে ছালৰ পৰা দাগ আঁতৰাই ছাললৈ এক প্ৰাকৃতিক গ্লো কঢ়িয়াই আনে ৷ সেয়ে জানো আহক ছালৰ বাবে জবা ফুলক কি কি ধৰণে ব্যৱহাৰ কৰিব পৰা যায় ৷

Hibiscus Flowers for Skin
এনেদৰে মুখমণ্ডলত জবাফুল ব্যৱহাৰ কৰি পাওক এই লাভ

জবা ফুল সাধাৰণতে পূজা-পাৰ্বণ আদিত ব্যৱহাৰ কৰা হয় ৷ কিন্তু আপুনি জানেনে যে এই ফুল আপোনাৰ চুলি আৰু ছালৰ বাবেও অতি উপকাৰী ৷ সুন্দৰ ছালৰ বাবে ইয়াক বহু ধৰণে ব্যৱহাৰ কৰিব পাৰে ৷ ই আপোনাৰ মুখলৈ প্ৰাকৃতিক উজ্বলতা আনে ৷ জবা ফুলত থকা এন্টি-অক্সিডেন্ট গুণ ছালৰ বাবে অতি উত্তম ৷ ই ছালখনক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰাৰ কাম কৰে ৷

জবা ফুল ব্যৱহাৰ কৰিও বহু ধৰণে ফেচ পেক প্ৰস্তুত কৰিব পৰা যায় ৷ এই পেষ্টে ছালৰ ছিদ্ৰবোৰ মুকলি কৰি দিয়ে ৷ ইয়াৰ দ্বাৰা ছালৰ দাগ আঁতৰোৱাত সহায় হয় ৷ লগতে সূৰ্যৰ UV ৰশ্মিৰ পৰা ৰক্ষা কৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক যে আপুনি ছালৰ বাবে কি কি উপায়েৰে জবা ফুল ব্যৱহাৰ কৰিব পাৰে ৷

জবা ফুলৰ ফেচপেক

ইয়াৰ বাবে এটা বাটিত ২ চামুচ জবা ফুলৰ গুড়ি লওক ৷ তাত পানী মিহলাই লওক ৷ জবা ফুলৰ পেষ্ট কিছু সময়ৰ বাবে মুখ আৰু ডিঙিত লগাওক ৷ এই পেষ্টটো ছালত ২০ মিনিটমান ৰাখক ৷ ইয়াৰ পিছত সাধাৰণ পানীৰে ছালখন ধুই লওক ৷ এই ফেচপেক আপুনি সপ্তাহত ২ৰ পৰা ৩ বাৰ ব্যৱহাৰ কৰিব পাৰে ৷

কেঁচা গাখীৰ আৰু জবা ফুলৰ পেষ্ট

এই পেষ্ট তৈয়াৰ কৰিবলৈ ২ চামুচ জবা ফুলৰ গুড়ি লওক ৷ প্ৰয়োজন অনুসৰি তাত গাখীৰ দিব ৷ এই পেষ্টটো ছালত ১০ মিনিট লগাব ৷ ইয়াৰ পিছত সাধাৰণ পানীৰে ছালখন পৰিষ্কাৰ কৰিব লাগে ৷ এই ফেচ পেকটো আপুনি সপ্তাহত ২ৰ পৰা ৩ বাৰ ব্যৱহাৰ কৰিব পাৰে ৷

জবা ফুল আৰু গ্ৰীণ টি পেক

কিছুদিন জবা ফুলবোৰ শুকাবলৈ দিয়ক ৷ শুকোৱাৰ পাছত গ্ৰাইণ্ডাৰত ফুলখিনি গুড়ি কৰি লওক ৷ এতিয়া গ্ৰীণ টি অলপ তৈয়াৰ কৰক ৷ ঠাণ্ডা হ’বলৈ দিয়ক ৷ এতিয়া জবাফুলৰ পাউদাৰত ২ চামুচ গ্ৰীণ টি মিহলাই লওক ৷ এই পেকটো ডিঙি আৰু মুখত লগাই বিশ মিনিট সময় ৰাখক ৷ সপ্তাহত দুবাৰকৈ এই পেক ব্যৱহাৰ কৰিলে মুখৰ দাগবোৰ আঁতৰোৱাত সহায় হয় ৷

জবা ফুল আৰু এলোভেৰা পেক

২ চামুচ জবা পাউডাৰত সতেজ এলোভেৰা জেল মিহলাই লওক ৷ এই পেকটো ছালত ১৫ মিনিট ৰাখক ৷ পিছত সাধাৰণ পৰিষ্কাৰ পানীৰে ধুই লওক ৷ এলোভেৰা আৰু জবা ফুলৰ পেকটো সপ্তাহত কমেও দুবাৰ ব্যৱহাৰ কৰিব পাৰে ৷ এই পেকে আপোনাৰ ছালখন মইশ্চ’ৰাইজ কৰাত সহায় কৰে ৷

লগতে পঢ়ক: Health Tips: ভুলতেও এইবোৰ বস্তুৰ লগত নাখাব পানী, ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.