ETV Bharat / sukhibhava

Teeth Cleaning: দাঁত পৰিস্কাৰ নোহোৱাৰ বাবে চিন্তিত নেকি ? নিতৌ কৰক এই কাম মুকুতাৰ দৰে জিলিকি উঠিব আপোনাৰ দাঁত

author img

By

Published : Aug 14, 2023, 3:39 PM IST

Teeth Care Tips: দাঁত পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়, যদি হালধীয়া হয়, তেতিয়া মুখৰ সৌন্দৰ্যতাতো প্ৰভাৱ পৰিব, তেতিয়া আপুনি মুখ খুলি হাঁহিবলৈ দ্বিধাবোধ কৰিব । দাঁতবোৰ কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰি জানো আহক ।

Teeth Cleaning
দাঁত কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে

দন্ত চিকিৎসাৰ কথা আহিলে দন্ত চিকিৎসকৰ ওপৰত নিৰ্ভৰ কৰাতকৈ আমি সদায় ঘৰতে দাঁত পৰিষ্কাৰ কৰাটো সহজ বুলি গণ্য কৰো । প্ৰায়ে আমাৰ নিজৰ অসাৱধানতাৰ বাবে দাঁত ক্ষয়, দাঁতৰত বিষ আৰু মুখৰ দুৰ্গন্ধৰ সৃষ্টি হয় । যদি আপুনি আপোনাৰ দৈনন্দিন কিছুমান অভ্যাস সলনি কৰে, তেন্তে দাঁত পৰিষ্কাৰ কৰি ৰখাটো সহজ হৈ পৰিব ।

দাঁত কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে

১) দিনটোত দুবাৰ ব্ৰাছ কৰিব লাগে

যদি আপুনি আপোনাৰ দাঁতবোৰ সদায় জিলিকি থকাটো বিচাৰে, তেন্তে ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ, বেছিভাগ বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে ৰাতিপুৱা সাৰ পোৱাৰ পিছত আৰু ৰাতি শোৱাৰ পূৰ্বে আপুনি ব্ৰাছ বা টুথব্ৰাছেৰে দাঁত পৰিষ্কাৰ কৰিব লাগে, এই কামটো কৰিলে আপোনাৰ দাঁতত কেতিয়াও বেক্টেৰিয়া জমা নহয় ।

২) খোৱাৰ পিছত গাৰ্গল কৰা

খোৱাৰ পিছত খাদ্য আমাৰ দাঁতত লাগি থাকে, যিটো উলিয়াই লোৱাটো অতি প্ৰয়োজনীয়, নহ’লে তাত বীজাণু জমা হ’বলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত ক্ষয়ৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ পৰা হাত সাৰিবলৈ যেতিয়াই কিবা এটা খাব তেতিয়াই মুখখন ধুই ল’ব লাগে ।

৩) ডেণ্টেল ফ্লছ ব্যৱহাৰ কৰক

আপুনি নিশ্চয় প্ৰায়ে অনুভৱ কৰিছিল যে খোৱাৰ পিছত ফল-মূল, শাক-পাচলি বা মাংসৰ আঁহবোৰ দাঁতত আৱদ্ধ হৈ পৰে, যিবোৰ কেতিয়াবা টুথ পিকৰ সহায়তো ওলাই নাহে । ইয়াৰ বাবে আপুনি ডেণ্টেল ফ্লছ ব্যৱহাৰ কৰক । ইয়াক সূতাৰে তৈয়াৰ কৰা হয়, যি দুটা দাঁতৰ মাজত গৈ মলি সহজে আঁতৰাই পেলায় ।

৪) এইবোৰ বস্তু আঁতৰাই পেলাওক

আমাৰ নিজৰ অভ্যাসে দাঁত দুৰ্বল বা লেতেৰা কৰি তোলে, ইয়াৰ বাবে আপুনি কিছুমান অভ্যাসৰ পৰা আঁতৰি থাকিব লাগিব, যেনে চোডা পানীয় খোৱা, সুৰাপান কৰা, ধূমপান কৰা, অধিক মিঠাই খোৱা, ধঁপাত আৰু পান খোৱা । এই সকলোবোৰ কথাই অতি স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে ।

লগতে পঢ়ক: Summer skin care: আয়ুৰ্বেদিক পদ্ধতিৰে গ্ৰীষ্মকালত শৰীৰৰ যতনৰ উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.