ETV Bharat / sukhibhava

Menstruation: ঋতুস্ৰাৱৰ সময়ত নিতান্তই কৰিবলগীয়া কামসমূহ জানো আহক

author img

By

Published : Nov 7, 2022, 7:34 PM IST

Some things to know about menstruation
ঋতুস্ৰাৱৰ সময়ত নিতান্তই কৰিবলগীয়া কামসমূহ জানো আহক

প্ৰকৃতিয়ে নাৰীক এক অনুপম শক্তি উপহাৰ দিছে । ইয়াৰ ফলস্বৰূপে নাৰীয়ে সন্তান জন্ম দি পৃথিৱীত মানৱ জীৱন সম্ভৱপৰ হৈছে । এগৰাকী কন্যা দহৰ পৰা তেৰ বছৰ বয়স হোৱাৰ লগে লগে শৰীৰত কিছুমান পৰিৱৰ্তনে দেখা দিয়ে । এই সময়ছোৱাতে কন্যাগৰাকীৰ প্ৰথম মাহেকীয়া বা ঋতুস্ৰাৱ হয় ।

প্ৰকৃতিয়ে নাৰীক এক অনুপম শক্তি উপহাৰ দিছে । ইয়াৰ ফলস্বৰুপে নাৰীয়ে সন্তান জন্ম দি পৃথিৱীত মানৱ জীৱন সম্ভৱপৰ হৈছে । এগৰাকী কন্যা দহৰ পৰা তেৰ বছৰ বয়স হোৱাৰ লগে লগে শৰীৰত কিছুমান পৰিৱৰ্তনে দেখা দিয়ে (Some things to know about menstruation) । এই সময়ছোৱাতে কন্যাগৰাকীৰ প্ৰথম মাহেকীয়া বা ঋতুস্ৰাৱ হয় । তেতিয়াৰ পৰা ৪৫-৫০ বছৰমানলৈ ঋতু বন্ধ বা মেন’পজ নোহোৱা পৰ্যন্ত এই প্ৰক্ৰিয়া চলি থাকে আৰু নাৰীৰ সন্তান জন্ম দিব পৰা ক্ষমতা অটুট থাকে ।

মাহেকীয়া ঋতুস্ৰাৱ এটা স্বাভাৱিক প্ৰক্ৰিয়া । মহিলাগৰাকীৰ শৰীৰত প্ৰত্যেক মাহৰ অন্তত জৰায়ু আৰু ডিম্বাশয়ৰ পৰা কিছুমান কোষৰ নিষ্কাশন হয়। জৰায়ুৰ ভিতৰত এখন আৱৰণৰ সৃষ্টি হয় । ডিম্বাশয়ৰ ভিতৰত ডিম্ব প্ৰস্তুত হয় আৰু নিঃসৰণ হয় । মহিলাগৰাকীৰ উৰ্বৰ গৰ্ভত ডিম্ব আৰু পুৰুষৰ শুক্ৰাণুৰ মিলন হৈ মানৱ ভ্ৰুণৰ সৃষ্টি হয় আৰু এই ভ্ৰুণেই ক্ৰমান্বয়ে বিকশিত হৈ পূৰ্ণাংগ মানৱ শিশুৰ সৃষ্টি হয় । গৰ্ভধাৰণ নহ’লে, ডিম্ব, জৰায়ুৰ সৃষ্টি হোৱা আৱৰণ, যোনিৰ গ্ৰন্থিসমূহৰ পৰা নিঃসৰণ হোৱা জুলীয়া পদাৰ্থ আৰু মৃত কোষ তেজৰ সৈতে যোনিদ্বাৰেদি বাহিৰ হয় ।

এই প্ৰক্ৰিয়াকে ঋতুস্ৰাৱ বুলি কোৱা হয়(Some things about menstruation)। এটা ঋতুস্ৰাৱ প্ৰথম দিনটোৰ পৰা পৰৱৰ্তী ঋতুস্ৰাৱৰ প্ৰথম দিনটোলৈকে এই সময়ছোৱাক এক ঋতুচক্ৰ বোলা হয় । ঋতুচক্ৰৰ প্ৰতিটো স্তৰতে হৰম’নৰ তাৰতম্যৰ বাবে শৰীৰত অনেক ৰাসায়নিক প্ৰক্ৰিয়া চলি থাকে । ঋতুস্ৰাৱৰ সময়ত সচৰাচৰ ৫০ মিলিলিটাৰমান ৰক্ত আৰু জুলীয়া পদাৰ্থ নিৰ্গত হয় । সাধাৰণতে এই ৰক্তক্ষৰণ তিনিদিনৰ পৰা সাতদিন পৰ্যন্ত থাকে । হৰম’নৰ তাৰতম্যৰ বাবে মাহেকীয়া ঋতুস্ৰাৱৰ সময়সীমা আৰু পৰিমাণৰ হেৰফেন হ’ব পাৰে ।

মাহেকীয়া আৰু বিষ

মাহেকীয়া ঋতুস্ৰাৱৰ আনুষংগিক লক্ষণসমুহ হ’ল- স্তনৰ বিষ, তলপেট গধুৰ লগা, ভাগৰ লগা, কৌষ্ঠ-কাঠিন্য, পিঠিৰ তলভাগ, তলপেট আৰু উৰুত বিষ অনুভৱ, মানসিক চাপ (অশান্তি, অস্বস্তি অনুভৱ কৰা), মুৰৰ বিষ ইত্যাদি(Menstruation and pain) । শতকৰা প্ৰায় ৫০ গৰাকী মহিলাৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ হয় । তাৰ ভিতৰত শতকৰা প্ৰায় ১০ গৰাকীৰ বিষ তীব্ৰ হয় । মাহেকীয়াৰ সময়ত জৰায়ুৰ সংকোচন আৰু সম্প্ৰসাৰণ হয় । ইয়াৰ ফলত তলপেট, পিঠিৰ তলৰ অংশ, উৰু আদিত বিষ হ’ব পাৰে । এই কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে তলপেটত লাহে লাহে মালিচ কৰিব লাগে, হটৱাটাৰ বটল বা এটুকুৰা ডাঠ কাপোৰ গৰম পানীত তিয়াই সেক দিব লাগে । পাতল ব্যায়াম, খোজকঢ়া আদিৰ দ্বাৰা এনেধৰণে বিষ ৰোধ কৰিব পাৰি । বিষ অসহনীয় হ’লে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰিব লাগে ।

মাহেকীয়া বন্ধৰ কাৰণ

কিছুমান মহিলাৰ ক্ষেত্ৰত মাত্ৰাধিক ৰক্তক্ষৰণ হ’ব পাৰে (Reasons for menstrual cessation) । ঋতুচক্ৰ আৰু ডিম্ব নিঃসৰণৰ মাজত সন্তোলন হৈ দেহৰ হৰম’নসমুহৰ কাম-কাজ নিয়াৰিকৈ চলি থাকে । এই প্ৰক্ৰিয়াত সমস্যাই দেখা দিলে মাত্ৰাধিক ঋতুস্ৰাৱ হ’ব পাৰে । জৰায়ু আৰু ডিম্বাশয়ৰ ৰোগ হ’লেও মাত্ৰাধিক ঋতুস্ৰাৱ হ’ব পাৰে । গৰ্ভধাৰণ নকৰিলেও অন্যান্য কাৰণত মাহেকীয়া বন্ধ হ’ব পাৰে । এনেহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। অত্যধিক মানসিক চাপৰ কাৰণেও মাহেকীয়া বন্ধ হৈ থাকিব পাৰে । সন্তানক স্তনপান কৰাই থকাৰ সময়তো অস্থায়ীভাৱে মাহেকীয়া বন্ধ হৈ থাকিব পাৰে । জৰায়ু, ডিম্বাশয়, যকৃত, বৃক্ক আৰু থাইৰয়ডৰ অসুখ মাহেকীয়া বন্ধ হোৱাৰ কাৰক। ৪৫ বছৰৰ ঊৰ্ধ্বৰ মহিলাৰ মাহেকীয়া বন্ধ হ’লে মেন’পেজ হোৱা বুলি কোৱা হয় ।

পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নেপকিন ব্যৱহাৰ

ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছনন্নতাৰ প্ৰতি বিশেষ চকু দিব লাগে । এই সময়ছোৱাত চেনিটাৰী নেপকিন ব্যৱহাৰ কৰিব লাগে । আৰ্থিক কাৰণত অত্যন্ত দুখীয়া পৰিয়ালত নেপকিন কিনাৰ সামৰ্থ্য নাথাকিলে ঘৰতে কাপোৰেৰ বনোৱা নেপকিন ব্যৱহাৰ কৰিব লগা হ’ব পাৰে । মন কৰিব লাগে যাতে ই পৰিষ্কাৰকৈ ধোৱা আৰু ৰ’দত শুকুওৱা হয় । দিনত কেইবাবাৰো নেপকিন সলাব লাগে । ৬ ঘণ্টাৰ মূৰে মূৰে সলালে ভাল । অৱশ্যে ই স্ৰাৱৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে । স্ৰাৱেৰে সংপৃক্ত সেমেকা চেনেটাৰী নেপকিনৰ পেড বহু সময় ধৰি ব্যৱহাৰ কৰিলে সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে । গৰম আৰু সেমেকা পৰিৱেশত যোনি আৰু জননাংগত থকা অণুজীৱবোৰৰ বৃদ্ধি হয় ।

ইয়াৰ ফলত প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ, জননাংগ আৰু যোনিৰ সংক্ৰমণ আৰু ছালৰ জোলা (rash) হ’ব পাৰে । সমগ্ৰ প্ৰজনন তন্ত্ৰত বীজাণুৰ সংক্ৰমণ হ’ব পাৰে। নেপকিনৰ সলনি কোনো কোনোৱে টেম্পন (Tampons)ব্যৱহাৰ কৰে । টেম্পন যোনিৰ ভিতৰত প্ৰয়োগ কৰা হয় । দীঘলীয়া সময়ৰ কাৰণে টেম্পন থাকিলে বীজাণু সমগ্ৰ শৰীৰতে বিয়পি Toxic shock syndrome(TSS) সৃষ্টি কৰিব পাৰে ।

ইয়াৰ ফলত মহিলাগৰাকীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে । ঋতুস্ৰাৱৰ সময়ত নিয়মিতভাৱে স্নান কৰিব লাগে । নেপকিন সলনি কৰাৰ আগতে অপৰ্যাপ্ত পৰিষ্কাৰ পানীৰে জননাংগ ধুব লাগে । যোনি পৰিষ্কাৰ কৰোঁতে চাবোন ব্যৱহাৰ কৰিব নালাগে । যোনিত অপকাৰী আৰু উপকাৰী বেক্টেৰিয়া এক সন্তুলনত থাকে । চাবোন ব্যৱহাৰ কৰিলে উপকাৰী বেক্টেৰিয়াবোৰ মৰি যোৱাৰ ফলত সংক্ৰমণ হ’ব পাৰে । বাহিৰৰ অংশ ধোওঁতেই পানী আৰু চাবোন ব্যৱহাৰ কৰিব লাগে । ভাৰতবৰ্ষৰ শতকৰা ৭৭ ভাগ কিশোৰীয়ে ঋতুস্ৰাৱৰ সময়ত পুৰণা কাপোৰ ব্যৱহাৰ কৰে ।

দেশত এনে বহু স্থান আছে য'ত মহিলাসকলে শুকান গোবৰ, খেৰ, বালি আদি কাপোৰত মেৰাই ব্যৱহাৰ কৰে । ই অতি বিপজ্জনক । কাপোৰবোৰ মানুহে নেদেখাকৈ ৰ’দ নপৰা জেকা ঠাইত মেলাৰ ফলত ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে । ভাৰত চৰকাৰে ২০১০ চনৰ পৰা এন আৰ এইচ এমৰ জৰিয়তে ১.৫ কোটি কিশোৰীক চেনিটাৰী নেপকিন যোগান দিয়াৰ আঁচনি গ্ৰহণ কৰিছে । স্কুলবিলাকত অনাময় ব্যৱস্থা নথকাৰ বাবেও কিশোৰীসকল এই সময়ত সমস্যাৰ সন্মুখীন হয় । বহুতে আনকি স্কুললৈ যাবলৈও এৰি দিয়ে ৷

পুষ্টিকৰ খাদ্য আৰু ব্যায়াম

১) মাহেকীয়াৰ সময়ত দানাযুক্ত, আঁহযুক্ত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে । বুটমাহ, দাইল, মাহ, চয়াবিন, মাখন, গাখীৰ আদি প্ৰটিনযুক্ত খাদ্য উপযুক্ত হাৰত খাব লাগে । শাক-পাচলি , ফল-মূল, বাদাম, চিড যথেষ্ট পৰিমাণে খাব লাগে । চাহ, কফি, শীতল পানীয় কমাই খাব লাগে বা বৰ্জন কৰিব লাগে । এই সময়ছোৱাত পাতলীয়াকৈ সঘনাই আহাৰ গ্ৰহণ কৰিব লাগে ।

২) পাতলীয়া ব্যায়াম, খোজকঢ়া আদিৰ জৰিয়তে মাহেকীয়া সময়ত হোৱা পেটৰ বিষ আৰু অন্যান্য কষ্টসমুহৰ পৰা পৰিত্ৰাণ পাব পাৰি । ব্যায়াম কৰিলে চেৰটনিন নামৰ ৰাসায়নিক পদাৰ্থ নিঃসৰণ হয় । ই মন প্ৰফুল্লিত কৰে ।

৩) আজিৰ আধুনিক যুগত মাহেকীয়া ঋতুস্ৰাৱক লৈ দৃষ্টিভংগী সলনি কৰিবৰ হ'ল । এতিয়া আৰু এইকেইটা দিনত মহিলা আৰু কিশোৰীসকলে ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ অযুক্তিকৰ নিয়ম মানি থকাৰ দিন নাই । ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টিকৰ আহাৰ আৰু পাতলীয়া ব্যায়ামৰ দ্বাৰা ঋতুস্ৰাৱৰ সময়ত হোৱা কষ্ট আৰু অসুবিধা লাঘৱ কৰি কিশোৰী আৰু মহিলাসকলে এটা স্বাস্থ্যৱান জীৱন অতিবাহিত কৰিব পাৰে ।

লগতে পঢ়ক: Benefits of coconut oil: কেৱল ছাল আৰু চুলিৰ বাবেই নহয় দৈনন্দিন খাদ্যতো ব্যৱহাৰ কৰক নাৰিকল তেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.