ETV Bharat / sukhibhava

দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কিয় টোপনিৰ পৰিমাণ অধিক হয়, ইয়াৰ কাৰণ জানক

author img

By

Published : Nov 9, 2022, 4:50 PM IST

বহুলোকে খাদ্য খোৱাৰ পিছত প্ৰায়ে টোপনি অহা অনুভৱ কৰে । এই সমস্যা দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত অধিক হোৱা দেখা যায় । কিছু লোকে ইয়াক সহজভাৱে লৈ আওকাণ কৰে । কিন্তু কিছুমান ক্ষেত্ৰত ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে । গতিকে দুপৰীয়া খোৱাৰ পিছত টোপনি অহাৰ কাৰণ আৰু প্ৰতিকাৰ জানি লওক ।

Sleepy after lunch Do this to overcome
দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কিয় টোপনিৰ পৰিমাণ অধিক হয়, ইয়াৰ কাৰণ জানক

বহুলোকে খাদ্য খোৱাৰ পিছত প্ৰায়ে টোপনি অহা অনুভৱ কৰে । এই সমস্যা দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত অধিক হোৱা দেখা যায় । কিছু লোকে ইয়াক সহজভাৱে লৈ আওকাণ কৰে । কিন্তু কিছুমান ক্ষেত্ৰত ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে(Sleepy after lunch Do this to overcome)। গতিকে দুপৰীয়া খোৱাৰ পিছত টোপনি অহাৰ কাৰণ আৰু প্ৰতিকাৰ জানি লওক(Feel Sleepy after lunch) ।

Sleepy after lunch Do this to overcome
দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কিয় টোপনিৰ পৰিমাণ অধিক হয়, ইয়াৰ কাৰণ জানক

আপুনি জানে নে, দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত আপোনাৰ টোপনিৰ পৰিমাণ কিয় বৃদ্ধি পায় । কিছু লোকে অলপ টোপনি মৰাৰ পিছতো কিয় সজাগ অনুভৱ নকৰে । ভাত খোৱাৰ পিছত কিয় মদ্যপান কৰা যেন অনুভৱ হয় ? এই আটাইবোৰৰ কাৰণ হ’ল চাউলত থকা গ্লুক’জ(Glucose in Rice) ৷ চাউলত থকা গ্লুক’জ তেজত শীঘ্ৰেই শোষিত হয় । ইয়াৰ উপৰিও চাউলৰ লগত মেলাটনিন আৰু চেৰ’টনিনৰ দৰে হৰম’নো নিৰ্গত হয় । কেৱল ভাতৰ বাবেই নহয় বিভিন্ন ধৰণৰ কাৰ্বহাইড্ৰেটৰ ফলতো আমাৰ শৰীৰটো কম-বেছি পৰিমাণে এলেহুৱা, নিচাযুক্ত অনুভৱ কৰিব পাৰে আহক জানো ইয়াক কেনেকৈ দূৰ কৰিব পাৰি ?

Sleepy after lunch Do this to overcome
দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কিয় টোপনিৰ পৰিমাণ অধিক হয়, ইয়াৰ কাৰণ জানক

দুপৰীয়াৰ ভাগত মানসিক শক্তি স্বাভাৱিকতে হ্ৰাস পায় । তাৰে ওপৰত ভাত খালে টোপনিৰ পৰিমাণ বেছি হ’ব পাৰে । গতিকে দুপৰীয়াৰ ভাগত প্ৰ'টিন সমৃদ্ধ খাদ্য খোৱাটোৱে উপকাৰী । ই মগজুক ড’পামিন আৰু এপিনেফ্ৰিনৰ দৰে সক্ৰিয় ৰাসায়নিক পদাৰ্থ সংশ্লেষণ কৰাত সহায় কৰে । শৰীৰে অধিক শক্তি লাভ কৰে । কামো ক্ষীপ্ৰতাৰে কৰিব পৰা যায় ।

যদি আপুনি ভাত খোৱাৰ পৰা বিৰত থাকিব নোৱাৰে তেন্তে দৈনিক ভাততকৈ দীঘল বাছমতী চাউল খোৱাটো ভাল । ইয়াত থকা গ্লুক’জ তেজত শীঘ্ৰেই প্ৰৱেশ কৰিব নোৱাৰে । লগতে সুষম আহাৰ গ্ৰহণ কৰক, যেতিয়াই খাদ্য খাব তেতিয়াই ভিটামিনযুক্ত খাদ্য গ্ৰহণ কৰিব ।

Sleepy after lunch Do this to overcome
দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কিয় টোপনিৰ পৰিমাণ অধিক হয়, ইয়াৰ কাৰণ জানক

ভাতৰ সলনি বজ্ৰা আৰু ঘেঁহু আৰু মাকৈৰে তৈয়াৰী ৰুটি খাব পাৰে । পনীৰ আৰু চয়াবিনৰ ৰুটিৰ সৈতে খাব পাৰে । যদি আপুনি মাংসভোজী তেন্তে শাক-পাচলি আৰু চালাডৰ সৈতে মুৰ্গীৰ মাংস খালে আপুনি পেট ভৰা অনুভৱ কৰিব ।

লগতে পঢ়ক: বহি বহিয়েই দিনটো পাৰ কৰি নিদিব, খোজ কাটলো অলপ কাঢ়িব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.