ETV Bharat / sukhibhava

গ্ৰীষ্মকালত ভোক বঢ়োৱাৰ কেইটামান ঘৰুৱা উপায়

author img

By

Published : May 22, 2022, 4:53 PM IST

সাধাৰণতে গ্ৰীষ্মকালত আমি কমকৈ ভোক অনুভৱ কৰো ৷ যিয়ে আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে ৷ এই প্ৰতিবেদনত এনে কেইটামান ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে, যিয়ে আপোনাৰ আভোকভাৱ আঁতৰাই ভোক বৃদ্ধিত সহায়(How to stay healthy in summers) কৰিব ৷

Simple home remedies to increase appetite in summers
গ্ৰীষ্মকালত ভোক বৃদ্ধি কৰাৰ কেইটামান ঘৰুৱা উপায়

গ্ৰীষ্মকালত সচৰাচৰ আমি কমকৈ অনুভৱ ভোক কৰো ৷ কিন্তু সঠিক সময়ত আহাৰ গ্ৰহণ নকৰিলে শৰীৰত পুষ্টিৰ অভাৱ ঘটিব পাৰে ৷ ভোক নোহোৱাৰ বহুতো কাৰণ থাকিব পাৰে ৷ যাৰ ভিতৰত প্ৰধান হৈছে বিভিন্ন প্ৰকাৰৰ ৰোগ, চাপ, মানসিক সমস্যা, হৰমনৰ সমস্যা, হজমৰ সমস্যা, টোপনিৰ অভাৱ ইত্যাদি ৷ কিন্তু বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি, গ্ৰীষ্মকালত ভোক নোহোৱাৰ বাবে শৰীৰত পানীৰ অভাৱ ঘটিব পাৰে নাইবা হাইপোথেলামাছৰ দৰে ৰোগৰ আৰম্ভণি ঘটিব পাৰে ৷

চণ্ডীগড়স্থিত Naturopath and Homeopath ৰ ডাঃ ব্ৰজেশ কুমাৰ সিঙে সদৰি কৰা অনুসৰি, ভোক অনুভৱ নকৰাতোৱে কেৱল কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণে নহয়, বৰং বহুতো গুৰুতৰ শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে । খাদ্য গ্ৰহণৰ মাত্ৰা কমি যোৱাৰ ফলত আমাৰ শৰীৰে সঠিক পুষ্টি লাভ নকৰে । সেয়েহে শাৰীৰিক দুৰ্বলতাৰ লগতে মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে । তদুপৰি শিশুৰ বিকাশৰ প্ৰক্ৰিয়াও প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে ৷

ডাঃ ব্ৰজেশে কয় যে, গ্ৰীষ্মকালত আহাৰৰ ওপৰত গুৰুত্ব দিয়াতো নিতান্তই প্ৰয়োজনীয় ৷ ভোক অনুভৱ নকৰিলে দিনটোত তিনিবাৰ গুৰু আহাৰ গ্ৰহণ কৰাৰ সলনি ইয়াক লঘু আহাৰত বিভক্ত কৰক আৰু কম সময়ৰ ব্যৱধানত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক । অৱশ্যে যদি আপুনি ভোক অনুভৱ নকৰে, তেন্তে জোৰকৈ খাদ্য গ্ৰণ নকৰিব ৷ কিয়নো ইয়াৰ ফলত হজমৰ সমস্যা হ'ব পাৰে ।

ইয়াৰ বাহিৰেও গোটেই দিনটো নিজকে হাইড্ৰেটেড কৰি ৰখাটো অত্যাৱশ্যকীয় । পানী সেৱন কৰাৰ উপৰিও আপুনি অন্যান্য তৰলজাতীয় পদাৰ্থ যেনে- বিভিন্ন ধৰণৰ ৰস, নাৰিকল পানীৰ লগতে সতেজ ফল আৰু পাচলি গ্ৰহণ কৰিব পাৰে ৷ মাত্ৰ ধ্যান ৰাখিব যাতে ইয়াত উচ্চহাৰত পানী থকাৰ সমান্তৰালকৈ পুষ্টিৰ পৰিমাণো অটুট(How to stay healthy in summers) থাকে ।

গ্ৰীষ্মকালত ভোক বৃদ্ধি কৰাৰ কেইটামান ঘৰুৱা উপায় (Home remedies to increase appetite in summers)

আমাৰ বিশেষজ্ঞই কিছুমান সহজ তথা ঘৰুৱা প্ৰতিকাৰৰ পৰামৰ্শ দিয়ে, যিয়ে গ্ৰীষ্মকালত আপোনাৰ ভোক বৃদ্ধি কৰাত সহায় কৰিব ।

(টোকা- এই প্ৰতিকাৰবোৰ প্ৰাথমিক দিহা হিচাপেহে গ্ৰহণ কৰিব ৷ আমি সদায়ে আপোনাক প্ৰথমে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান জনাওঁ ৷ বিশেষকৈ আপুনি যদি কোনো স্বাস্থ্যজনিত সমস্যাত ভুগি আছে, তেন্তে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷)

  • অন্ত্ৰৰ স্বাস্থ্যৰ বাবে আজৱাইন বা carom seeds অতি উপকাৰী । আহাৰ গ্ৰহণৰ পূৰ্বে প্ৰতিদিনে আধা চামুচ আজৱাইন চোবাই নাইবা কুহুমীয়া পানীৰ সৈতে মিহলাই গ্ৰহণ কৰিব ৷ ইয়াৰোপৰি কেইটোপালমান নেমুৰ ৰসৰ সৈতে 3 চামুচ আজৱাইন মিহলি কৰি মিশ্ৰণটো শুকাবলৈ দিব । শুকুৱাৰ পিছত ইয়াত অলপ ক’লা নিমখ মিহলাই গৰম পানীৰ সৈতে দিনত দুবাৰকৈ খাওক ।
  • নহৰু হৈছে প্ৰতিগৰাকী গৃহিণীৰ পাকঘৰৰ এক উৎকৃষ্ট উপাদান ৷ যিয়ে ভোক লগা অনুভৱ কৰাৰ লগতে হজম শক্তি বৃদ্ধিত সহায় কৰে ৷ ভোক বঢ়োৱাৰ বাবে একাপ পানীত 3-4 ফুটা নহৰু উতলাওক । আন এটা কাপত পানীখিনি ঢালি লৈ অলপ নেমুৰ ৰস মিহলি কৰক ৷ আপুনি ইয়াক দিনটোত দুবাৰকৈ সেৱন কৰিব পাৰে ।
  • ধনিয়া পাতৰ ৰোগ প্ৰতিৰোধী গুণ আছে ৷ যিয়ে হজম শক্তি বৃদ্ধিত সহায় কৰি ভোক অনুভৱ কৰায় ৷ 1-2 চামুচ ধনীয়াৰ ৰস সেৱনে পিত্তৰ সমস্যাৰ পৰা সকাহ দিয়াত সহায় কৰে । ইয়াত কেইটোপালমান নেমুৰ ৰস আৰু সামান্য ক'লা নিমখ মিহলি কৰিলে ইয়াৰ লাভালাভ বৃদ্ধি হয় ।
  • ভিটামিন-চি ৰে সমৃদ্ধ আমলখিত আছে গেষ্ট্ৰিক প্ৰতিৰোধী গুণ ৷ যিয়ে হজম শক্তি অটুট ৰখাৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা আৰু ভোক বৃদ্ধিত সহায় কৰে । বজাৰত বিভিন্ন ধৰণে আমলখি উপলব্ধ ৷ যেনে- আমলখিৰ ৰস, গুৰি, মাৰ্মলেড বা শুকান আমলা কেণ্ডি ইত্যাদি ৷ অৱশ্যে আমলখিৰ আটাইতকৈ কাৰ্যকৰী পন্থাটো হৈছে প্ৰতিদিনে আধা কাপ পানীত 20-30 মিলিলিটাৰ আমলখিৰ ৰস মিহলাই সেৱন কৰাতো ।
  • আপুনি কুহুমীয়া পানীত আধাফাল নেমুৰ ৰস মিহলি কৰি প্ৰতিদিনে খালী পেটত সেৱন কৰিব পাৰে ।
  • সেউজীয়া সৰু ইলাচী হজমৰ বাবে অতি ভাল বুলি গণ্য কৰা হয় । আপুনি ইয়াক খাদ্য আৰু যিকোনো পানীয়ত যোগ দি গ্ৰহণ কৰিব পাৰে । ইয়াৰ ৰসে ভোক বৃদ্ধিত সহায় কৰে । আপুনি কুহুমীয়া গৰম পানীত 2-3 টা সেউজীয়া ইলাচী, এটুকুৰা সৰু আদা, 2-3 টা লং আৰু সৰু চামুচেৰে এক চতুৰ্থাংশ ধনীয়া গুটি পিহি এক তৰল মিশ্ৰণ তৈয়াৰ কৰিব পাৰে ৷ আপুনি ইয়াক দৈনিক নিশা নাইবা পুৱা খালী পেটত সেৱন কৰিব পাৰে ৷
  • তেতেলী হৈছে এক মুখৰোচক খাদ্য ৷ য’ত ভিটামিন বি1 অৰ্থাৎ থিয়ামিন আৰু কাৰ্মিনেটিভ গুণাগুণ সমৃদ্ধ হৈ থাকে ৷ যিয়ে ভোক বৃদ্ধিত সহায় কৰে । খাদ্য প্ৰস্তুতকৰণতো আপুনি তেতেলী ব্যৱহাৰ কৰিব পাৰে ৷ তেতেলীৰ মণ্ডত সামান্য জালুক, ডালচেনি আৰু লং মিহলাই তেতেলীখিনি কোমল নোহোৱালৈকে উতলাওক । তাৰপিছত ইয়াক চেকি ব্যৱহাৰ কৰিব পাৰে ৷
  • আদাত এণ্টি-ইনফ্লেমেটৰী, এণ্টি-হাইপাৰটেনচিভ, গ্লুকোজ-চেঞ্চিটাইজিং আৰু ষ্টিমুলেটিভ আদি গুণাগুণ থাকে ৷ যিয়ে গেষ্ট্ৰিক প্ৰতিৰোধী হিচাপে কাম কৰে । খাদ্যত আদাৰ অন্তৰ্ভুক্তিকৰণ নাইবা পানীত ধনীয়াগুৰি মিহলাই উতলোৱাৰ পিছত সেৱন কৰিলে ভোক বৃদ্ধি হয় ৷
  • লং, শুকান আদা আৰু ধনীয়াগুৰি সম পৰিমাণে মিহলি কৰি খোৱাটোও স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী ৷
  • আধা চামুচ গুড় বা মৌ ক'লা জালুকৰ সৈতে মিহলি কৰি কেইদিনমান নিয়মীয়াকৈ গ্ৰহণ কৰক ।
  • 2-3 কাপ পানীত এক চামুচ চফ আৰু আধা চামুচ মেথি গুটি মিহলাই উতলাওক । তাৰপিছত ইয়াত মৌ মিহলি কৰি গ্ৰহণ কৰক ৷

ডাঃ সিঙে এই প্ৰতিকাৰবোৰ তাৎক্ষণিক নহয় বুলি সদৰি কৰিছে ৷ ইয়াক কাৰ্যকৰী কৰিবলৈ হ’লে কেইদিনমান সময়ৰ আৱশ্যক হ’ব ৷ এই প্ৰতিকাৰসমূহ অৱলম্বন কৰাৰ পিছতো যদি আভোক অনুভৱ কৰি থাকে, তেন্তে অনতি পলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

লগতে চাওক : গ্ৰীষ্মকালত আপোনাক সজীৱ কৰি ৰাখিবলৈ গ্ৰহণ কৰক এই 8 বিধ ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.