ETV Bharat / sukhibhava

Eating Mangoes in Pregnancy: অন্তঃসত্বা মহিলাৰ বাবে আম খোৱাটো উপকাৰী নে অপকাৰী ? জানি লওক

author img

By

Published : Jun 25, 2023, 3:51 PM IST

মহিলাই গৰ্ভাৱস্থাত আম খাব লাগে নে ? এই সন্দৰ্ভত বিশেষজ্ঞই কি কয় জানি লওক ৷

Should pregnant women eat mangoes?
মহিলাই গৰ্ভাৱস্থাত আম খাব লাগে নে

গৰ্ভাৱস্থাত মহিলাসকলে নিজৰ খাদ্যাভ্যাসৰ লগত জড়িত সকলো কথাৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন । গৰ্ভাৱস্থাত বিপদত পৰিব পৰা যিকোনো বস্তু স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব লাগে । বিশেষকৈ খোৱা বোৱাৰ ওপৰত বিশেষ যত্ন ল’ব লাগে ৷ সাধাৰণতে মহিলাই সকলো ধৰণৰ ফল-মূল খাব পাৰে যদিও এই সময়ছোৱাত যিহেতু ডায়েবেটিছৰ আশংকা বৃদ্ধি পায়, সেয়েহে বেছিভাগ মহিলাই আমৰ খোৱাৰ পৰা বিৰত থকা দেখা যায় । এতিয়া প্ৰশ্ন উত্থাপন হয় যে, গৰ্ভাৱস্থাৰ সময়ছোৱাত মহিলাসকলে আম খোৱাৰ পৰা বিৰত থাকিব লাগেনে ?

চিকিৎসকৰ মতে, গৰ্ভৱতী মহিলাই আম খাব পাৰে, কিন্তু এই ফল অত্যধিক খোৱাৰ পৰা বিৰত থাকিব লাগে । আমত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায় । আমৰ ইমানেই ভিটামিন চি থাকে যে, এদিনৰ বাবে আপোনাৰ ভিটামিন চিৰ প্ৰয়োজনীয়তা সহজেই পূৰণ কৰিব পাৰি । তথ্যৰ অনুসৰি ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শিশুৰ দাঁত আৰু হাড়ৰ বিকাশৰ কাম কৰে ।

শিশুৰ বিকাশত সহায়ক

আমত কেৱল ভিটামিন চিয়েই নহয়, ভিটামিন এও যথেষ্ট পৰিমাণে পোৱা যায় । জন্মৰ সময়ত ভিটামিন এৰ অভাৱত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ ডায়েৰিয়াৰ লগতে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ হ’ব পাৰে । আমত বহুতো অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান পোৱা যায় । ইয়াক এন্টিঅক্সিডেন্ট আৰু শক্তিৰ এক উত্তম উৎস বুলিও গণ্য কৰা হয় ।

বহু ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে আমে

গৰ্ভাৱস্থাত মহিলাসকলে নিঃসংকোচে আম সেৱন কৰিব পাৰে । কাৰণ ই ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে । ভ্ৰুণৰ বিকাশ ভালদৰে হয় । তৰল পদাৰ্থৰ ভাৰসাম্য বজাই ৰখা হয় আৰু প্ৰিক্লেম্পচিয়াৰ সম্ভাৱনা কমি যায় । গৰ্ভৱতী মহিলাই আম খোৱাৰ সময়ত এটা কথা মনত ৰাখিব লাগে যে সীমিত পৰিমাণতহে সেৱন কৰক আম । কাৰণ বেছিকৈ খালে ডায়েৰিয়া আৰু ডিহাইড্ৰেচনৰ সমস্যা হ’ব পাৰে । ইয়াৰ উপৰিও গৰ্ভাৱস্থাত ডায়েবেটিছ আৰু ওজন বৃদ্ধিৰ সমস্যাও উদ্ভৱ হ’ব পাৰে ।

লগতে পঢ়ক: Mango Peel Benefits: আমৰ বাকলি আপুনি কি কৰে ? যদি পেলায় দিয়ে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.