ETV Bharat / sukhibhava

Anxiety and Panic Attack: বৰ্তমানে মানুহৰ মাজত বৃদ্ধি পাইছে এন্জাইটি আৰু পেনিক এটেক

author img

By

Published : Mar 8, 2022, 9:49 PM IST

চাপ আৰু উদ্বেগ এতিয়াৰ জীৱনশৈলীৰ এক সাধাৰণ অংশ হৈ পৰিছে । মনোৰোগ বিশেষজ্ঞসকলৰ মতে, উদ্বেগ আৰু মনোৰোগ সম্পৰ্কীয় সমস্যাবোৰ বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে (cases of people suffering from anxiety and panic attack are rising ) ৷ ক’ভিডৰ পিছতে এতিয়া দেশৰ মাজত চলি থকা যুদ্ধ-বিগ্ৰহেই ইয়াৰ মূল কাৰণ বুলি বিবেচিত কৰা হৈছে ৷

Anxiety and Panic Attack
এন্জাইটি আৰু পেনিক এটেক

বিগত দুই তিনি বছৰত কৰ’না মহামাৰীৰ ফলত হোৱা অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতিৰ বাবে মানুহৰ মাজত মানসিক সমস্যাৰ উদ্ভৱ হৈছে । দৰাচলতে এই দীৰ্ঘম্যাদী মহামাৰীৰ বাবে ঘৰৰ পৰাই অধ্যয়ন, চাকৰি আৰু অন্যান্য কাম কৰাৰ অভ্যাস তথা লকডাউনৰ বাবে পৰিৱৰ্তিত জীৱনশৈলীয়ে মানুহক যথেষ্ট প্ৰভাৱিত কৰিছে । এতিয়া পুনৰাই যেতিয়া জীৱনযাত্ৰা স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে মানুহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ( what is an anxiety attack) ৷ বিশেষকৈ শিশুসকল আৰু প্ৰাপ্তবয়স্কসকল শিক্ষাসম্পৰ্কীয় আৰু চাকৰি আৰু জীৱনশৈলী সম্পৰ্কীয় নানা সমস্যাৰ সন্মুখীন হৈছে । যাৰ ফলত শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ মাজত উদ্বেগৰ সমস্যা বহুত বেছিকৈ দেখা গৈছে ।

আনহাতে, বৰ্তমানে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই সমগ্ৰ বিশ্বৰে জনসাধাৰণৰ মাজত উদ্বেগ আৰু আতংকৰ সৃষ্টি কৰিছে । দিনে-ৰাতিয়ে টিভিত বাতৰি আৰু ইণ্টাৰনেট আৰু ছ'চিয়েল নেটৱৰ্কিং ছাইটসমূহত দেখুওৱা যুদ্ধ পৰিস্থিতিৰ দৃশ্যাংশই আৰু ভুক্তভোগীসকলৰ সৈতে সম্পৰ্কিত তথ্যই মানুহৰ মাজত উদ্বেগ আৰু আতংকৰ সৃষ্টি কৰিছে।

মুম্বাইৰ এজন মনোৰোগ বিশেষজ্ঞ ডাঃ ৰবাৰ্ট পলে উল্লেখ কৰিছে যে এইবোৰৰ লগতে আন বহুতো ধৰণৰ চিন্তা, মানসিক অত্যাচাৰ আৰু সমস্যা আছে যি সকলো বয়সৰ লোকৰ মাজত উদ্বেগ আৰু আতংকৰ সৃষ্টি কৰিছে । মানুহৰ মাজত উদ্বেগ আৰু আতংকৰ আক্ৰমণৰ ঘটনা পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে বুলিও তেওঁ প্ৰকাশ কৰিছে ।

এন্জাইটি আৰু পেনিক এটেক আচলতে হয় কি

ডাঃ ৰবাৰ্ট পলে বৰ্ণনা কৰিছে যে যেতিয়া এজন ব্যক্তিৰ চাপ, উদ্বিগ্নতা আৰু উদ্বেগৰ স্তৰ বৃদ্ধি হয় তেতিয়া এন্জাইটি আহিব পাৰে । পেনিক এটেকৰ লক্ষণবোৰ এন্জাইটিতকৈ অধিক মাৰাত্মক ( what is a panic attack)। পেনিক এটেকৰ ফলত মানুহে অধিক দুখ, উদ্বিগ্নতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে । আনকি পেনিক এটেকৰ সময়ত বহু মানুহে জীৱনটোক উদ্দেশ্যহীন বুলি গণ্য কৰিবলৈ লয় । ইয়াৰ বাহিৰেও পেনিক এটেকৰ সময়ত মানুহৰ অত্যাধিক ঘাম ওলোৱা, উদ্বিগ্নতা বঢ়া, উশাহ চুটি হোৱা, শ্বাসৰুদ্ধ হোৱা, ওকালি অহা আৰু পেটৰ বিষ, মূৰ ঘূৰোৱা, ঠাণ্ডা অনুভৱ কৰা, জঠৰ বা জিনজিননি অনুভৱ কৰা, নিয়ন্ত্ৰণ হেৰুওৱাৰ ভয়, আনকি মৃত্যুৰ ভয় আদি লক্ষণে দেখা দিয়ে ৷

ডাঃ ৰবাৰ্ট পলে বৰ্ণনা কৰে যে এন্জাইটি আৰু পেনিক এটেক দুয়োটাৰ ক্ষেত্ৰতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ ( how to deal with anxiety) ৷ এই দুয়োটা এটেকৰ যিকোনো এটা সংঘটিত হ'লেও ভুক্তভোগীজনক তৎক্ষণাত সহায় কৰাটো অতি জৰুৰী । ইয়াৰ বাবে কিছুমান পদ্ধতি তলত উল্লেখ কৰা হ’ল -

কগ্নেটিভ ডাইভাৰ্জন

যেতিয়া এজন ব্যক্তিয়ে এন্জাইটি আৰু পেনিক এটেকৰ সৈতে মোকাবিলা কৰি থাকে তেতিয়া অন্য কথাৰে তেওঁক মানসিক স্থিতি সলোৱাৰ চেষ্টা কৰা উচিত । এনে পৰিস্থিতিত দীঘলকৈ উশাহ-নিশাহ ল’বলৈ দিব লাগে । উদাহৰণ স্বৰূপে 5 ৰ পৰা 10 লৈকে গণি গণি উশাহ লোৱা, পুনৰ ওলোটাকৈ গন্তি কৰা আদি কৰিবলৈ দিব লাগে । ইয়াৰ বাহিৰেও তেওঁলোকক তেওঁলোকৰ পচন্দৰ গান গাবলৈ নতুবা তেওঁলোকৰ মন ভাল লগোৱা কথা ক’বলৈ অনুৰোধ কৰিব লাগে যিয়ে তেওঁলোকৰ মন অন্যফালে ঢাল খোৱাত অনুপ্ৰাণিতকৰিব ।

গ্ৰাউণ্ডিং

এই পদ্ধতিত ভুক্তভোগীজনক প্ৰথমে তেওঁলোকে দেখিব পৰা যিকোনো পাঁচটা বস্তু বাছনি কৰিবলৈ ক'ব পাৰি, তাৰ পিছত তেওঁলোকে স্পৰ্শ কৰিব পৰা চাৰিটা বস্তু, তেওঁলোকে শুনিব পৰা তিনিটা বস্তু, গোন্ধ পাব পৰা দুটা বস্তু আৰু শেষত তেওঁলোকে সোৱাদ ল'ব পৰা এটা বস্তু বাছনি কৰিবলৈ ক'ব পাৰি ৷ তাৰ পিছত সেইসমূহৰ ওপৰত তেওঁলোকক বৰ্ণনা কৰিবলৈ ক’ব লাগে ৷

প্ৰগতিশীল পেশী শিথিলতা

এই কাৰ্যত শৰীৰৰ কিছুমান মুখ্য অংগ পেশীবোৰ টান কৰি বা সেইবোৰত উত্তেজনা সৃষ্টি কৰি কিছু মুহূৰ্তৰ পিছত সেইবোৰ ঢিলা কৰি দিব লাগে । ই ভয়ৰ পৰা মনোযোগ আঁতৰ কৰে আৰু লগতে ভয়ৰ ফলত হোৱা পেশীৰ উত্তেজনা ৰক্ষা কৰে ।

ডাঃ ৰবাৰ্ট পলে কৈছে এন্জাইটি আৰু পেনিক এটেকত ভূগি থকা লোকসকলে চাপ আৰু ভয় নিয়ন্ত্ৰণ কৰিবলৈ আৰু যিকোনো জৰুৰী কালীন পৰিস্থিতি পৰিহাৰ কৰিবলৈ কিছুমান বস্তু গ্ৰহণ কৰিব লাগে-

1.এন্জাইটি আৰু পেনিক এটেকৰ সমস্যা উপেক্ষা কৰি ইয়াক গ্ৰহণ কৰা উচিত নহয় । কিয়নো যিকোনো আৱেগক উপেক্ষা কৰা বা দমন কৰাটোৱে ইয়াক অধিক শক্তিশালী কৰি তোলে।

2.ডায়েৰী এখনত ভয় সৃষ্টি কৰা বা বৃদ্ধি কৰা চিন্তা বা অনুভূতিবোৰ লিখক ৷ সেই চিন্তা বা অনুভূতিবোৰে কিয় ভয়ৰ ভাৱ আনে তাৰ প্ৰতি গুৰুত্ব দিয়ক । যেতিয়া আপুনি আপোনাৰ সমস্যাবোৰ চিনাক্ত কৰিব পাৰিব তেতিয়া তাৰ পৰা পৰিত্ৰাণ পোৱাটো সহজ হৈ পৰে ৷

3.ধ্যান কৰক আৰুইয়াক আপোনাৰ ৰুটিনৰ এটা অংশ বনাওক ।

4.ব্যায়ামক আপোনাৰ ৰুটিনৰ অংশ বনাওক । কিয়নো ই কেৱল শৰীৰ স্বাস্থ্যৱান কৰি নাৰাখে বৰঞ্চ ব্যায়ামে শৰীৰত এণ্ডোৰ্ফিন নামৰ হৰমন মুকলি কৰে, যি শান্তি আৰু সুখৰ অনুভূতি বৃদ্ধি কৰাত সহায় কৰে ৷

5.কেফেইন আৰু নিকোটিন সমৃদ্ধ খাদ্য যিয়ে উত্তেজনা বৃদ্ধি কৰে তাৰ পৰা আঁতৰি থাকক ৷

6.এঠাইত অকলে বহি থকা পৰিহাৰ কৰক । ইয়ে উদ্বেগ আৰু নেতিবাচক চিন্তাৰ জন্ম দিয়ে ৷

7.স্বাস্থ্যকৰ আৰু সন্তুলিত আহাৰ গ্ৰহণ কৰক ।

8.প্ৰিয় সংগীত শুনক ৷ এনে সমস্যাবোৰত সংগীতে থেৰাপীৰ দৰে কাম কৰে ।

9.যেতিয়া অত্যাধিক চাপ অনুভৱ কৰে সুগন্ধি ব্যৱহাৰ কৰক ৷ লেভেণ্ডাৰ বা অন্যান্য প্ৰকাৰৰ গোন্ধে আৰাম প্ৰদান কৰে ৷

10.বন্ধু আৰু পৰিয়ালৰ সৈতে অতিবাহিত কৰা ভাল সময়ে প্ৰতিটো মানসিক সমস্যাত যথেষ্ট সকাহ দিব পাৰে ।

ডাঃ ৰবাৰ্ট পলে বৰ্ণনা কৰিছে যে যিসকল লোকৰ পৰিয়াল বা বন্ধুবৰ্গ এন্জাইটি আৰু পেনিক এটেকৰ সন্মুখীন হয় তেওঁলোকক কিদৰে এনে পৰিস্থিতিত সহায় কৰিব পাৰে সেই বিষয়ে বিশেষভাৱে অৱগত হোৱা উচিত । ইয়াৰ বাহিৰে, যদি ভুক্তভোগীৰ কম সময়ৰ ব্যৱধানত এন্জাইটি আৰু পেনিক এটেক আহে যিয়ে তেওঁলোকৰ জীৱন প্ৰভাৱিত কৰে, তেনেহ'লে তেওঁলোকে সোনকালে চিকিৎসকৰ ওচৰলৈ যাব লাগে ( mental health tips) ।

লগতে পঢ়ক: আপুনি জানেনে...ৰূপৰ নূপুৰ স্বাস্থ্যৰ বাবেও উপকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.