ETV Bharat / sukhibhava

আৱেগিক অভিজ্ঞতাবোৰ মনত ৰাখে Cerebellum বা 'Little Brainয়ে: গৱেষণা

author img

By

Published : Oct 10, 2022, 8:22 PM IST

‘সৰু মগজু’ বুলিও কোৱা চেৰিবেলাম মগজুৰ পিছফালে অৱস্থিত এক অংশ, আৰু ই মুখ্য ৰূপত ভাৰসাম্য আৰু গতিৰ সৈতে মাংসপেশী নিয়ন্ত্ৰণৰ বাবে প্ৰধানকৈ দায়বদ্ধ । পঢ়ক সবিশেষ...

Researchers Discover A New Function Of The Cerebellum Or Little Brain
গৱেষকে আৱিষ্কাৰ কৰিলে Cerebellum বা 'Little Brain'ৰ এক নতুন কাৰ্যৰ

‘সৰু মগজু’ বুলিও কোৱা চেৰিবেলাম(Cerebellum) মগজুৰ পিছফালে অৱস্থিত এক অংশ, আৰু ই মুখ্য ৰূপত ভাৰসাম্য আৰু গতিৰ সৈতে মাংসপেশী নিয়ন্ত্ৰণৰ বাবে প্ৰধানকৈ দায়বদ্ধ । এতিয়া ছুইজাৰলেণ্ডৰ বেচেল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চেৰিবেলামৰ এক নতুন কাৰ্য আৱিষ্কাৰ কৰিছে(New Function Of The Cerebellum Or Little Brain) ।

প্ৰচিডিংছ অৱ দ্য নেশ্যনেল একাডেমী অৱ চাইন্স নামৰ আলোচনীত প্ৰকাশিত এক নতুন গৱেষণাত কোৱা হৈছে যে, আৱেগিক অভিজ্ঞতাবোৰ মনত ৰখাত সৰু মগজুৱে মুখ্য ভূমিকা পালন কৰে । স্মৃতিত ইতিবাচক আৰু নেতিবাচক দুয়োটা আৱেগিক অভিজ্ঞতা থাকে, আৰু ই আমাৰ অস্তিত্বৰ বাবে অতি প্ৰয়োজনীয় এক পৰিঘটনা । কাৰণ ভৱিষ্যতে বিপদজনক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ স্মৃতিয়ে মনত ৰখাত সহায় কৰে ।

এমিগডালা নামৰ এটা মগজুৰ গঠনে আৱেগ আৰু স্মৃতিৰ প্ৰক্ৰিয়াকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আৱেগে এমিগডালা সক্ৰিয় কৰাৰ পিছত ই মগজুৰ বিভিন্ন অংশত তথ্য সংৰক্ষণ কৰাত সহায় কৰে ।

অধ্যয়নটো কেনেকৈ কৰা হৈছিল ?(How was the study conducted)

নতুন অধ্যয়নে আৱেগিক অভিজ্ঞতা সংৰক্ষণ কৰাত চেৰিবেলামৰ ভূমিকা পৰীক্ষা কৰিছে । এই অধ্যয়নত ১৪১৮ জন অংশগ্ৰহণকাৰীক অন্তৰ্ভুক্ত কৰা হৈছিল । গৱেষকসকলে বিষয়বস্তুক আৱেগিক আৰু নিৰপেক্ষ ছবি দেখুৱাইছিল, আৰু মেগনেটিক ৰেজোনেন্স ইমেজিং ব্যৱহাৰ কৰি তেওঁলোকৰ মগজুৰ কাৰ্যকলাপ ৰেকৰ্ড কৰিছিল । ইয়াৰ পিছতে গৱেষকসকলে স্মৃতি পৰীক্ষা সম্পন্ন কৰে । দেখা গ’ল যে অংশগ্ৰহণকাৰীসকলে নিৰপেক্ষ ছবিতকৈ ইতিবাচক আৰু নেতিবাচক ছবি ভালদৰে মনত পেলাইছিল ।

অধ্যয়নটোৰ মতে, আৱেগিক ছবিৰ উন্নত সংৰক্ষণৰ সৈতে মগজুৰ এনে কিছুমান অংশত মগজুৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সম্পৰ্ক আছিল যিবোৰে ইতিমধ্যে তথ্য সংৰক্ষণত ভূমিকা পালন কৰে বুলি জনা গৈছিল । আচৰিত কথাটো হ’ল গৱেষকসকলে চেৰিবেলামত বৃদ্ধি পোৱা কাৰ্যকলাপও চিনাক্ত কৰিছে ।

আৱেগিক অভিজ্ঞতাবোৰ মনত ৰখাত কেনেদৰে চেৰিবেলামে সহায় কৰে(How the cerebellum helps remember emotional experiences)

আৱেগিক ছবিৰ সংৰক্ষণ বৃদ্ধিৰ প্ৰক্ৰিয়াৰ সময়ত চেৰিবেলামে মগজুৰ(Little brain) বিভিন্ন অঞ্চলৰ সৈতে শক্তিশালী যোগাযোগ দেখুৱায় । চেৰিবেলামে মগজুৰ এটা অঞ্চল চিংগুলেট জাইৰাছৰ পৰা তথ্য লাভ কৰে যিটো আৱেগৰ উপলব্ধি আৰু মূল্যায়নত গুৰুত্বপূৰ্ণ । চেৰিবেলামে এমিগডালা আৰু হিপ’কেম্পছকে ধৰি মগজুৰ বিভিন্ন অঞ্চললৈ সংকেত প্ৰেৰণ কৰে। অধ্যয়নটোৰ মতে, স্মৃতিশক্তি সংৰক্ষণত হিপ’কেম্পছে কেন্দ্ৰীয় ভূমিকা পালন কৰে ।

বেচেল বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত গৱেষণা পত্ৰখনৰ অন্যতম লেখক অধ্যাপক ডমিনিক ডি কুৱেৰভেইনে কয় যে ফলাফলসমূহে প্ৰকাশ কৰে যে চেৰিবেলাম হৈছে আৱেগিক তথ্যৰ উন্নত সংৰক্ষণৰ বাবে দায়বদ্ধ এটা নেটৱৰ্কৰ এক অবিচ্ছেদ্য অংশ । তেওঁ লগতে উল্লেখ কৰে যে, আৱেগিক তথ্যৰ বাবে উন্নত স্মৃতিশক্তিৰ কিছুমান অসুবিধা আছে, য’ত নেতিবাচক অভিজ্ঞতাৰ ক্ষেত্ৰত ই উদ্বেগৰ সৃষ্টি কৰে। গতিকে নতুন তথ্যসমূহ প’ষ্ট ট্ৰ’মেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰৰ দৰে মানসিক অৱস্থা বুজিবলৈ প্ৰাসংগিক হ’ব পাৰে ।

লগতে পঢ়ক: WMH Day 2022: সমগ্ৰ বিশ্বতে কিয় বৃদ্ধি পাইছে মানসিক স্বাস্থ্যৰ সমস্যা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.