ETV Bharat / sukhibhava

মহামাৰীৰ সময়ত হোৱা অনলাইন ক্লাছ শিশুসকলৰ মূৰৰ বিষৰ অন্যতম কাৰক !

author img

By

Published : Jun 26, 2022, 8:15 PM IST

Online classes
মহামাৰীৰ সময়ত অনলাইন ক্লাছ শিশুসকলৰ মুৰৰ বিষৰ অন্যতম কাৰক

ক'ভিড মহামাৰীৰ সময়ত বিদ্যালয়বোৰ বন্ধ আছিল । যাৰ বাবে শিক্ষাৰ্থীসকলে অনলাইন ক্লাছ কৰিবলগা হৈছিল (Online class during pandemic)। কিন্তু এই অনলাইন শিক্ষাগ্ৰহণে একাংশ শিশুৰ বাবে বিপদ কঢ়িয়াই আনিছে । প্ৰায় এক-তৃতীয়াংশতকৈও অধিক স্কুলীয়া শিশুৰ ক্ষেত্ৰত মূৰৰ বিষৰ লক্ষণ দেখা দিছে বা বিষ অধিক হৈছে । এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে ।

ইউৰোপিয়ান একাডেমী অফ নিউৰোলজী (EAN) কংগ্ৰেছ 2022-ত উপস্থাপন কৰা এক অধ্যয়নে দেখুৱাইছে যে কম্পিউটাৰ স্ক্ৰীণৰ সন্মুখত দীঘলীয়া সময়ৰ বাবে থকা, ঘৰৰ পৰা অনলাইন শিক্ষাগ্ৰহণৰ বাবে উপযুক্ত পৰিৱেশৰ অভাৱ, বিদ্যালয়ৰ পৰীক্ষা আৰু ক'ভিড-১৯ ৰ বিষয়ে উদ্বিগ্ন হৈ থকা এই আটাইবোৰ এগৰাকী ব্যক্তিৰ মূৰৰ বিষৰ অন্যতম কাৰণ হ'ব পাৰে (Online classes are affecting children health)।

তুৰস্কৰ কাৰামানস্থিত এৰমেনেক ষ্টেট হাস্পতালৰ মুখ্য গৱেষক আইছে নুৰ ওজদাগ আকাৰ্লিয়ে এই সন্দৰ্ভত কয় যে যদিও পূৰ্বৰ অধ্যয়নত ক'ভিড-১৯ ৰ প্ৰাৰম্ভিক সপ্তাহ আৰু মাহবোৰত বিদ্যালয় বন্ধ হোৱাৰ ফলত যুৱক-যুৱতীসকলৰ মুৰৰ বিষ কমি আহিছিল কোৱা হৈছিল, অৱশ্যে এই দীঘলীয়া অধ্যয়নত দেখা গৈছে যে মহামাৰীৰ ফলত হতাশা আৰু এই চাপে অৱশেষত তেওঁলোকৰ অধিক ক্ষতিহে হৈছে ।

গৱেষকৰ দলটোৱে ১০ ৰ পৰা ১৮ বছৰ বয়সৰ ৮৫১ গৰাকী কিশোৰ-কিশোৰীৰ ওপৰত এই অধ্যয়ন চলাইছিল । য'ত ৭৫৬ গৰাকী (৮৯ শতাংশ) শিশুৰ অধ্যয়নৰ সময়ছোৱাত মূৰৰ বিষ হোৱা দেখা গৈছিল । এই শিশুসকলৰ ভিতৰত, ১০ শতাংশৰ মহামাৰীৰ সময়ত ঘৰৰ পৰাই বিদ্যালয়ৰ শিক্ষাগ্ৰহণ অৰ্থাৎ অনলাইন শিক্ষাগ্ৰহণৰ সময়ত নতুনকৈ মূৰৰ বিষ আৰম্ভ হৈছিল । এক চতুৰ্থাংশতকৈও অধিক (২৭ শতাংশ) শিশুৱে কৈছিল যে, তেওঁলোকৰ মূৰৰ বিষ অধিক বেছি হৈছে, ৬১ শতাংশই কৈছিল যে তেওঁলোকৰ মূৰৰ বিষ একে আছে আৰু ৩ শতাংশ শিশুৱে কৈছে যে তেওঁলোকৰ মূৰৰ বিষ বাঢ়িছে ।

যিসকলৰ এইধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ অৱনতি হৈছিল বা নতুনকৈ মূৰৰ বিষ আৰম্ভ হৈছিল তেওঁলোকে প্ৰতি মাহে গড়ে ৮-৯ বাৰ মূৰৰ বিষত ভুগিছিল (Online classes during COVID triggered headaches in kids)। ইয়াৰে আধাতকৈ অধিক শিশুৱে (৪৩ শতাংশ) পেইন কিলাৰ বা বিষ নাশক টেবলেট ব্যৱহাৰ কৰিছিল আৰু এক তৃতীয়াংশৰ (৩৩ শতাংশ) বিষ প্ৰায় সুস্থিৰ আছিল ।

আনহাতে এই অধ্যয়নত দেখা গৈছিল যে মূৰৰ বিষে মানসিক অৱস্থা আৰু বিদ্যালয়ৰ বিভিন্ন দিশত পাৰদৰ্শিতাৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাইছিল (Impact of online classes on children)। নতুনকৈ মূৰৰ বিষ আৰম্ভ হোৱা বা বিষৰ অধিক অৱনতি হোৱা শিশুবোৰৰ মাজত হতাশা আৰু উদ্বেগ দেখিবলৈ পোৱা গৈছিল । ইয়াৰ ভিতৰত ক'ভিড-১৯ সংক্ৰমণকলৈ তেওঁলোক অধিক উদ্বিগ্ন আছিল ।

লগতে পঢ়ক :Health Benefits of Pudina: পদিনাৰ 6 টা আশ্চৰ্যজনক লাভালাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.