ETV Bharat / sukhibhava

Benefits of Pineapple Peel: কেৱল ফলটোৱেই সুস্বাদু নহয় ইয়াৰ বাকলিৰো আছে বহু লাভালাভ

author img

By

Published : Nov 29, 2022, 4:43 PM IST

আনাৰস আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী । আনাৰস ভিটামিন B, থাইয়ামিন, ফ’লেট, ব্ৰ’মেলিন, পেণ্ট’থেনিক এচিড, নিয়াচিন আদি পুষ্টিকৰ উপাদানেৰে পৰিপূৰ্ণ । কিন্তু আপুনি জানেনে কেৱল আনাৰসেই নহয়, আনাৰসৰ বাকলিও পুষ্টিকৰ উপাদানে পৰিপূৰ্ণ, যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়(Health Benefits of Pineapple Peel)। জানো আহক আনাৰসৰ বাকলিৰ লাভালাভ আছে...

Not only pineapple, its peel is also beneficial for health, know how to eat
কেৱল ফলটোৱেই সুস্বাদু নহয় ইয়াৰ বাকলিৰো আছে বহু লাভালাভ

আনাৰস আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী । আনাৰস ভিটামিন B, থাইয়ামিন, ফ’লেট, ব্ৰ’মেলিন, পেণ্ট’থেনিক এচিড, নিয়াচিন আদি পুষ্টিকৰ উপাদানেৰে পৰিপূৰ্ণ । ইয়াৰ উপৰিও আনাৰসত আঁহ আৰু ভিটামিন C প্ৰচুৰ পৰিমাণে পোৱা যায় । ভিটামিন Cয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত যথেষ্ট সহায় কৰে ।

আনাৰস খোৱাৰ উপৰিও ইয়াৰ ৰস তৈয়াৰ কৰি পান কৰিব পাৰে । ই দুয়োটা দিশতে উপকাৰী । কিন্তু আপুনি জানেনে কেৱল আনাৰসেই নহয়, আনাৰসৰ বাকলিও পুষ্টিকৰ উপাদানে পৰিপূৰ্ণ, যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়(Health Benefits of Pineapple Peel)।

আনাৰসৰ বাকলিত(Pineapple Peel) পটাছিয়াম, মেগনেছিয়াম, মেংগানিজ, কপাৰ, আইৰণ, কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় । জানক, আনাৰসৰ বাকলি স্বাস্থ্যৰ কিদৰে উপকাৰ সাধন কৰে(Pineapple Peel benefits)...

আনাৰসৰ বাকলিয়ে দূৰ কৰে ইনফেকশ্যন

আনাৰসৰ লগতে আনাৰসৰ বাকলিত ভিটামিন C প্ৰচুৰ পৰিমাণে পোৱা যায় । ইয়াত প্ৰচুৰ পৰিমাণে অক্সিডেন্ট গুণ থাকে (Health Benefits of Pineapple Peel)। ভিটামিন Cয়ে আমাক শৰীৰৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে । আনাৰসৰ বাকলিত ভিটামিন C আৰু ব্ৰ’মালিনৰ উপস্থিতিৰ বাবে ই আমাক বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে । ইনফেকশ্যনৰ ফলত হোৱা কফ আৰু কাহ আদি দূৰ কৰাৰ লগতে আনাৰসৰ বাকলি কটা চিঙা, ঘাঁ আদি নিৰাময়ত উপকাৰী ।

Anti-inflammatory গুণেৰে সমৃদ্ধ

আনাৰসৰ বাকলিত ব্ৰ’মালিন নামৰ এবিধ এনজাইম থাকে । এই এনজাইমৰ সহায়ত Blood clot হয় । আনাৰসৰ বাকলি শৰীৰৰ কোনো ধৰণৰ বিষ, ঘাঁ আদিত সকাহ দিয়াত সহায় কৰে । যিকোনো ধৰণৰ আঘাত বা অস্ত্ৰোপচাৰৰ পিছত সেই আঘাতপ্ৰাপ্ত ঠাইখিনি সুস্থ কৰিবলৈ আনাৰসৰ বাকলি অতি উপকাৰী । ইয়াৰ দ্বাৰা আপুনি যথেষ্ঠ সকাহ লাভ কৰিব । ইয়াৰ উপৰিও চাইনাছ ৰোগীয়েও এই বাকলি খাব পাৰে ।

হজম শক্তিত সহায় কৰে

আনাৰসৰ বাকলি খুব কঠিন আৰু ইয়াৰ সোৱাদতো অতি তিতা হয় । ইয়াত প্ৰচুৰ পৰিমাণে আঁহৰে সমৃদ্ধ । ইয়াৰ ব্যৱহাৰৰ দ্বাৰা হজম শক্তি উন্নত হয় । ব্ৰমালিন এনজাইমে শৰীৰত তেজ তৈয়াৰ কৰাত সহায় কৰে ।

বাতবিষ আৰু গাঁঠিৰ বিষৰ পৰা উপশম

বাতবিষ আৰু গাঁঠিৰ বিষত আক্ৰান্ত ৰোগীৰ বাবে আনাৰসৰ বাকলি খুবেই লাভদায়ক । এই বাকলি নিয়মিতভাৱে সেৱন কৰিলে বাতবিষ আৰু গাঁঠিৰ বিষৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায় ।

আনাৰসৰ বাকলি কেনেকৈ খাব লাগে

মানুহে সাধাৰণতে আনাৰসৰ বাকলি পেলাই দিয়ে, কাৰণ ই অতি তিতা । খাবলৈ মন থাকিলে অলপ অলপকৈ খাব । ইয়াৰ লগতে ইয়াৰ মিঠা পাল্পৰ সৈতেও খাব পাৰে, যাতে তিতা কম অনুভৱ হয় ।

লগতে পঢ়ক: Hemorrhoids: অৰ্শৰোগ কি জানেনে? জানো আহক ইয়াৰ নিৰাময়ৰ উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.