ETV Bharat / sukhibhava

Masoor Dal Face Pack: এনেদৰে ব্যৱহাৰ কৰক মচুৰ দাইলৰ ফেচ পেক, ছাল মসৃণ হোৱাৰ লগতে বৃদ্ধি পাব উজ্বলতা

author img

By

Published : Jun 24, 2023, 7:40 PM IST

Masoor Dal Face Pack For A Glowing And Healthy Skin
এনেদৰে ব্যৱহাৰ কৰক মচুৰ দাইলৰ ফেচ পেক, ছাল মসৃণ হোৱাৰ লগতে বৃদ্ধি পাব উজ্বলতা

দালিৰ পৰা সৰ্বাধিক প্ৰ’টিন লাভ কৰিব পৰা যায় যি শৰীৰৰ বিকাশৰ বাবে খুবেই জৰুৰী । ইয়াক সেৱন কৰিলে শৰীৰে শক্তি লাভ কৰাই নহয় বৰঞ্চ বহুতো ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি । কিন্তু আপুনি জানেনে যে মচুৰ দাইল আপোনাৰ ছালৰ বাবেও অতি উপকাৰী । জানো আহক ব্যৱহাৰৰ পদ্ধতি...

সকলো দালিতে পুষ্টিকৰ উপাদান থাকে । দালি খালে বহুতো ভিটামিনৰ পৰিপূৰক হ’ব পাৰে । এই দালিবোৰত মচুৰ দালি অন্তৰ্ভুক্ত । যিটো স্বাস্থ্য সম্পৰ্কীয় সমস্যা দূৰ কৰাৰ লগতে ছালৰ বাবে উপকাৰী । ইয়াক ব্যৱহাৰ কৰি ফেচ পেক বনাব পাৰি । আমাক জনাওক, ঘৰতে মচুৰ দাইলেৰে ফেচ পেক কেনেকৈ বনাব পাৰি ।

মচুৰ দাইল আৰু গাখীৰ

যদি আপুনি শুকান ছালৰ সমস্যাত অসুবিধা পাইছে, তেন্তে এই ফেচ পেকটোৱে আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে । এই পেকে আপোনাৰ ছালখন ভিতৰৰ পৰা মইশ্ব’ৰাইজ কৰিব । এইটো বনাবলৈ প্ৰথমে মচুৰ দাইলৰ পেষ্ট বনাব লাগে । তাত দুচামুচ গাখীৰ দি এই মিশ্ৰণটো মুখত লগাব । কিছু সময়ৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক ।

মচুৰ দাইল, মুলতানি মাটি আৰু মৌ

মচুৰ ডালে ছালখন এক্সফোলিয়েট কৰে, আনহাতে মুলতানি মিটিয়ে ক্লিনজাৰ হিচাপে কাম কৰে । মৌৱে ছালৰ আৰ্দ্ৰতা ধৰি ৰাখে । প্ৰথমে মচুৰ দালি ৰাতি তিয়াই ৰাতিপুৱা পিহি পেষ্ট বনাব । এই পেষ্টত মুলতানি মিটি আৰু মৌ দিব । এতিয়া এই পেকটো মুখত লগাওক । শুকোৱাৰ পিছত ধুব লাগে ।

মচুৰ দাইল আৰু নাৰিকল তেল

এই ফেচ মাস্কে আপোনাৰ ছালখনক ভিতৰৰ পৰাই পুষ্টি প্ৰদান কৰে । নাৰিকল তেলে ছালখন গভীৰভাৱে আৰ্দ্ৰ কৰি তোলে । বনাবলৈ এচামুচ মচুৰ দাইলৰ পেষ্ট এটা বাটিত লৈ তাত এচামুচ নাৰিকল তেল দিব । এই মাস্কটো মুখত লগাওক, প্ৰায় ১০ মিনিটৰ পিছত পানীৰে ধুই লওক ।

লগতে পঢ়ক: Ambubachi Mela 2023: অম্বুবাচীৰ মূল তাৎপৰ্য কি ? মা কামাখ্যাৰ সৈতে জড়িত কেইটিমান আমোদজনক কথা জানি লওক

লগতে পঢ়ক: Bad Breath Problem: এই ৩টা অংগৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে মুখৰ দুৰ্গন্ধৰ, বেয়া হ’লে আহে দুৰ্গন্ধ

লগতে পঢ়ক: Tanning: ডিঙিৰ টেনিং দূৰ হ’ব অতি সহজে, মাত্ৰ অনুসৰণ কৰক এইসমূহ ঘৰুৱা উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.