ETV Bharat / sukhibhava

Children's Day 2023: শিশু দিৱসৰ দিনা শিশুৰ বাবে তৈয়াৰ কৰক এই স্বাস্থ্যকৰ তথা সোৱাদযুক্ত খাদ্য; ৰেচিপি জানি লওক

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 1:58 PM IST

Make these healthy and tasty dishes for children on Children's Day, note down the recipes from here
শিশু দিৱসৰ দিনা শিশুৰ বাবে তৈয়াৰ কৰক এই স্বাস্থ্যকৰ তথা সোৱাদযুক্ত খাদ্য; ৰেচিপি জানি লওক

প্ৰতি বছৰে ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয় । দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোত শিশু দিৱস হিচাপে পালন কৰা হয় । এই দিৱস শিশুসকলৰ বাবে উৎসৰ্গা কৰা হৈছে । যদি আপুনি এই বিশেষ দিনটোত আপোনাৰ সন্তান তথা বিদ্যালয়ৰ কণ কণ শিশুৰ বাবে বিশেষ কিবা তৈয়াৰ কৰিব বিচাৰে, তেন্তে আপুনি এই ব্যঞ্জনবোৰ এবাৰ ট্ৰাই কৰিব পাৰে ।

বছৰটোৰ ভিতৰত এনে বহু দিন থাকে যি কাৰোবাৰ নহয় কাৰোবাৰ বাবে বিশেষ হয় ৷ তেনে এটা দিন প্ৰতি বছৰে শিশুৰ বাবে শিশু দিৱস হিচাপে পালন কৰা হয় ৷ প্ৰতি বছৰে ১৪ নৱেম্বৰত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালন কৰা হয় ৷ এই দিৱসটো সম্পূৰ্ণৰূপে শিশুৰ উদযাপনৰ বাবে উৎসৰ্গিত ৷ এই উপলক্ষে সমগ্ৰ দেশৰ শিশুসকলৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

তেওঁলোকৰ বাবে বিদ্যালয় আদিত বহুতো অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ইয়াৰ উপৰিও ঘৰত উপস্থিত থকা আপোনাৰ ল’ৰা-ছোৱালীৰ বাবে বিশেষ কিবা এটা কৰিও এই দিনটোক বিশেষ কৰি তুলিব পাৰে ৷ এই দিনটোত তেওঁলোকক ফুৰাবলৈ লৈ যাব পাৰে, তেওঁলোকৰ বাবে নতুন খেলনা আনিব পাৰে বা ঘৰতে শিশুৰ বাবে সৰু পাৰ্টিৰ ব্যৱস্থা কৰিব পাৰে ৷ যদি আপুনিও এই উপলক্ষে শিশুসকলৰ বাবে পাৰ্টিৰ আয়োজন কৰাৰ কথা ভাবিছে, তেন্তে শিশুৰ বাবে এই সহজ কিন্তু স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত খাদ্য ঘৰতে প্ৰস্তুত কৰিব পাৰে ৷

চীজি বাজৰা নুডলছ

সামগ্ৰী

  • বাজৰা(millet) নুডলছ- ১ পেকেট
  • পানী- ২ কাপ
  • চেডাৰ চীজ- ১/২ কাপ
  • মজৰেলা চীজ- ১/২ কাপ
  • গাখীৰ- ১/৪ কাপ
  • মাখন- ২ চামুচ
  • নহৰুৰ গুড়ি- ১/৪ চামুচ (বিকল্প অনুসৰি)
  • ৰুচি অনুসৰি নিমখ আৰু জলকীয়া (বিকল্প অনুসৰি)

তৈয়াৰৰ পদ্ধতি

  • প্ৰথমে এটা পাত্ৰত ২ কাপ পানী লৈ তাত নুডলছ দি উতলাই লওক ৷
  • কোমল হোৱালৈকে সিজাই লওক, তাৰ পিছত চেকি কাষতে ৰাখিব ৷
  • এতিয়া একেটা পাত্ৰতে মধ্যমীয়া জুইত গলাই লোৱা মাখন তাৰ পিছত হালধিৰ গুড়ি দি কিছু সময় ভাজিব ৷
  • ইয়াৰ পিছত তাত গাখীৰ দি কম জুইত সিজিবলৈ দিব ৷
  • তাৰ পিছত জুই কমাই লাহে লাহে গাখীৰত চেডাৰ আৰু মজাৰেলা চীজ দি সম্পূৰ্ণ গলি যোৱালৈকে লৰাই থাকিব ৷
  • এতিয়া এই গলি যোৱা চীজত সিজাই লোৱা বাজৰাৰ নুডলছ দি ভালদৰে মিহলাই লওক ৷
  • শেষত ইয়াত নিমখ আৰু জালুক দি ইয়াৰ সোৱাদ আৰু বৃদ্ধি কৰিব পাৰে ৷

উত্তপম পিজ্জা

সামগ্ৰী

  • ইডলি ডোছা বেটাৰ – ২ কাপ
  • অলিভ অইল- ২-৩ চামুচ
  • পিয়াঁজ- ১ সৰু
  • মিঠা মাকৈ- ২ চামুচ
  • কেপচিকাম- ১
  • বিলাহী- ১/২
  • ৰুচি অনুসৰি নিমখ
  • জালুক- ১/২ চামুচ
  • ৰুচি অনুসৰি চিলি ফ্লেকছ
  • ৰুচি অনুসৰি অৰেগানো
  • পিজ্জা চচ- ১ কাপ
  • পিজ্জা চীজ – ১ কাপ

তৈয়াৰ কৰাৰ পদ্ধতি

  • প্ৰথমে এচামুচ অলিভ অইল গৰম কৰি লওক ৷ তাৰ পিছত পিয়াঁজ দি কিছু সময় ভাজি তাৰ পিছত কাটি ৰখা পাচলিখিনি দিব ৷
  • এতিয়া জুইত ২ মিনিট ভাজি তাৰ পিছত নিমখ, জালুক, অৰেগানো আৰু চিলি ফ্লেকছ দি মিহলাই লওক ৷
  • ইয়াৰ পিছত একেখন কেৰাহীতে ইডলি ডোছা বেটাৰ ঢালি উত্তাপমৰ দৰে ডাঠকৈ গোলকৈ মেলি লওক ৷
  • তাৰ পিছত ঢাকি ২ মিনিট ৰান্ধিব আৰু তাৰ পিছত জুইৰ বন্ধ কৰি দিব ৷
  • এতিয়া ইয়াক ওলোটাকৈ পিজ্জা চচ, চীজ, শাক-পাচলি, অৰেগানো আৰু চিলি ফ্লেকছ দি ৰান্ধিব ৷
  • ইয়াৰ পিছত তাত অলপ অলিভ অইল বিস্তাৰ কৰি ঢাকি কম জুইত ২ মিনিট ৰান্ধিব ৷
  • ২ মিনিটৰ পিছত পৰীক্ষা কৰি কেৰাহীত থৈ দিব যাতে ভালদৰে সিজি যায় ৷
  • শেষত ঢাকি আৰু ২ মিনিট ৰান্ধিব ৷ তাৰ পিছত গৰমে গৰমে পৰিবেশন কৰক ৷

চকো আলমণ্ড মাফিন

সামগ্ৰী

  • ক’ক’ পাউদাৰ- ৪ চামুচ
  • মোটাকৈ পিহি লোৱা আটা – ২ চামুচ
  • আলমণ্ড- ১০-১২ (কটা)
  • কণী- ৪
  • চেনি- ১ কাপ
  • আটা- ৩ চামুচ
  • গলি যোৱা মাখন- ৪ চামুচ

তৈয়াৰ কৰাৰ পদ্ধতি

  • প্ৰথমে অভেনটো ১৮০ ডিগ্ৰী চেলছিয়াছত আগতে গৰম কৰক ৷ তাৰ পিছত এটা বাটিত কণী ভাঙি ল’ব ৷
  • এতিয়া তাত চেনি দি হেণ্ড ব্লেণ্ডাৰেৰে ফেন ওলোৱালৈকে মিহলাই লওক ৷
  • তাৰ পিছত এটা বাটিত আটা আৰু ক’ক’ পাউদাৰ চেকি লৈ তাত কটা আলমণ্ড দি মিহলাই লওক ৷
  • এতিয়া লাহে লাহে এই আটাৰ মিশ্ৰণটো কণীত দিব আৰু এই সময়ছোৱাত ব্লেণ্ডাৰৰ লগত অবিৰতভাৱে মিহলাই থাকিব ৷
  • তাৰ পিছত তাত গলাই লোৱা মাখন দি ভালদৰে মিহলাই লওক ৷
  • ইয়াৰ পিছত মাফিন ম’ল্ডত বেটাৰটো আধা ভৰ্তি হোৱালৈকে ঢালি দিব ৷
  • তাৰ পিছত ওপৰত কটা আলমণ্ড ছটিয়াই পূৰ্বতে গৰম কৰা অভেনত 20 পৰা 25 মিনিট বেক কৰক ৷ আপোনাৰ মাফিন খাবলৈ সাজু হৈছে ৷

লগতে পঢ়ক: Bhai Dooj 2023: কিয় পালন কৰা হয় ভাইদুজ উৎসৱ ? এই দিনটোৰ তাৎপৰ্য, শুভ মহুৰত জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.