ETV Bharat / sukhibhava

Lata Mangeshkar Lifestyle: বৃদ্ধাৱস্থাতো সুস্থ আছিল সংগীত সম্ৰাজ্ঞী লতা মংগেশকাৰ, এই জীৱনশৈলীয়ে সুস্থ ৰাখিছিল তেওঁক

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 2:06 PM IST

Lata Mangeshkar birth anniversary: Know about Lata Mangeshkar career, love life everything
বৃদ্ধাৱস্থাতো সুস্থ আছিল সংগীত সম্ৰাজ্ঞী লতা মংগেশকাৰ, এই জীৱনশৈলীয়ে সুস্থ ৰাখিছিল তেওঁক

লতা মংগেশকাৰে বহুদিনৰ পৰাই অতি সহজ-সৰল জীৱন যাপন কৰি আহিছিল । বয়স বাঢ়ি অহাৰ লগে লগে তেওঁ নিজৰ খাদ্যাভ্যাসকো যথেষ্ট নিয়ন্ত্ৰণ কৰিছিল । তেওঁৰ জীৱনশৈলীৰ বিষয়ে কিছু নজনা কথা জানো আহক...

লগ যা গলে, দিল হুম হুম কৰেৰ দৰে 14টা ভাষাত পঞ্চাশ হাজাৰৰো অধিক গীতত কণ্ঠ নিগৰাইছিল তেওঁ ৷ নিজৰ কণ্ঠস্বৰৰ দ্বাৰা সকলোৰে হিয়াৰ আমঠু হৈ পৰিছিল তেওঁ ৷ আজি সেই মহান গায়িকাগৰাকীৰ 94 সংখ্যক জন্মবাৰ্ষিকী ৷

সমগ্ৰ দেশতে আজি কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ 94 সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰা হৈছে । 6 ফেব্ৰুৱাৰী 2022 আছিল ভাৰতীয় সংগীত জগতৰ বাবে এটা অতি দুখৰ দিন, কাৰণ এই দিনটোতে আমি লতাজীক হেৰুৱাইছিলো ৷

আপোনালোকক জনাই দিও যে ভাৰত ৰত্ন লতা মংগেশকাৰ বৃদ্ধ বয়সতো কোনো ৰোগত আক্ৰান্ত হোৱা নাছিল । বহুদিনৰ পৰা তেওঁ এটি সহজ-সৰল জীৱন কটাইছিল । লতাই সাগৰীয় খাদ্য আৰু টেঙা খাদ্যৰ প্ৰতি আকৰ্ষিত আছিল যদিও বয়সৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ সাধাৰণ খাদ্য গ্ৰহণ কৰিছিল ।

এয়া আছিল লতা জীৰ দৈনন্দিন কাম

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লতা মংগেশকাৰে প্ৰতিদিনে ৰাতিপুৱা 6 বজাত সাৰ পাইছিল । ইয়াৰ পিছত তেওঁ পুৱাৰ আহাৰ গ্ৰহণ কৰিছিল । গুলাব জামুন, দৈৰ বড়, মাছৰ তৰকাৰী, চুজিৰ হালোৱা, কিমাৰে তৈয়াৰী চিঙৰা, জেলেপী আৰু চিকেন পাছাণ্ডাৰ দৰে খাদ্যসমূহ লতাজীয়ে খাবলৈ ভাল পাইছিল যদিও বয়সৰ প্ৰতি লক্ষ্য ৰাখি টেঙা, মিঠা আৰু তেলীয়া খাদ্য পৰিহাৰ কৰিবলৈ আৰম্ভ কৰিছিল । আনকি তেওঁ কুহুমীয়া পানীহে খাইছিল । দুপৰীয়াৰ আহাৰত তেওঁ দালি, শাক-পাচলি, ৰুটি আদি অতি সাধাৰণ খাদ্য গ্ৰহণ কৰিছিল আৰু নিশা 9.30 বজাৰ ভিতৰত সদায় আহাৰ গ্ৰহণ কৰিছিল । ৰাতি তেওঁ কেৱল দাইল আৰু ভাত খাই ভাল পাইছিল ।

দৈনিক গীত গোৱাৰ অভ্যাস

লতা মংগেশকাৰে জীয়াই থকা সময়ছোৱালৈকে দৈনিক গীত গোৱাৰ অভ্যাস কৰিছিল । সময়মতে ৰেয়াজ কৰিছিল ৷ তেওঁ মঞ্চত গীত পৰিৱেশনৰ বাবেও বহু অফাৰ লাভ কৰিছিল যদিও তাৰ বাবে তেওঁ কেতিয়াও সাজু নাছিল, কাৰণ তেওঁ ওলাই গৈ মঞ্চত গীত গোৱাটো ইমান পচন্দ কৰা নাছিল । লতাজীয়ে গোটেই দিনটো নিজৰ সাধাৰণ চোফা আৰু সাধাৰণ শোৱনি কোঠাত কটাই ভাল পাইছিল । এই সময়ছোৱাত তেওঁ ফোনযোগে আপোনজনৰ মংগলৰ বিষয়ে সোধা-পোছা কৰিছিল আৰু প্ৰতিদিনে কোনোবা নহয় কোনোবা বিষয়ত টুইট কৰিছিল ।

লগতে পঢ়ক: Lata Mangeshkar Birthday Special: কিয় আধৰুৱা হৈ ৰ’ল লতা মংগেশকাৰৰ প্ৰেম কাহিনী ? কিয় বিয়া নহ’ল লতাজী ? সবিশেষ জানক প্ৰতিবেদনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.