Monkey pox infection : মাঙ্কিপক্স সংক্ৰমণৰ বিষয়ে জানিবলগীয়া কথাবোৰ

author img

By

Published : Jul 15, 2022, 2:29 PM IST

a

দেশত ধৰা পৰিছে মাঙ্কিপক্সত আক্ৰান্ত প্ৰথমগৰাকী ব্যক্তি (First Monkey pox infection in India) । কেৰালাত ধৰা পৰিছে উক্ত ব্যক্তিজনৰ শৰীৰত মাঙ্কিপক্সৰ উপস্থিতি । কেৰালাৰ কোল্লামৰ ৩৫ বছৰীয়া ব্যক্তিজন সম্প্ৰতি আৰবৰ পৰা আহিছিল । এইটোৱে দেশৰ প্ৰথমটো মাঙ্কিপক্সৰ ঘটনা বুলি ঘোষণা কৰা হৈছে । কিন্তু এই মাঙ্কিপক্স কি ? ৰোগবিধৰ লক্ষণ আৰু প্ৰতিৰোধ পদ্ধতিৰ বিষয়ে জানোঁ আহক :

দেশত ধৰা পৰিছে মাঙ্কিপক্সত আক্ৰান্ত প্ৰথমগৰাকী ব্যক্তি । কেৰালাত ধৰা পৰিছে উক্ত ব্যক্তিজনৰ শৰীৰত মাঙ্কিপক্সৰ উপস্থিতি । কেৰালাৰ কোল্লামৰ ৩৫ বছৰীয়া ব্যক্তিজন সম্প্ৰতি আৰবৰ পৰা আহিছিল । এইটোৱে দেশৰ প্ৰথমটো মাঙ্কিপক্সৰ ঘটনা বুলি ঘোষণা কৰা হৈছে । কিন্তু এই মাঙ্কিপক্স কি ? ৰোগবিধৰ লক্ষণ আৰু প্ৰতিৰোধ পদ্ধতিৰ বিষয়ে জানোঁ আহক :

মাঙ্কি পক্স কি (What is Monkey Pox) : মাঙ্কিপক্স হৈছে ভাইৰাছৰ জৰিয়তে বিয়পা জুনোটিক ৰোগ (Monkey pox zoonotic disease spread through virus) । এই ৰোগৰ লক্ষণবোৰ মৃদু হ'লেও অৰ্থোপক্স ভাইৰাছ সংক্ৰমণ (Ortho pox virus infection), সৰুআইৰ (Small Pox) দৰে একে, যাক 1980 চনত পৃথিৱীৰ পৰা আঁতৰ কৰা হৈছিল । এই ৰোগটো মুখ্যতঃ মধ্য আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহত দেখা যায় (Monkey pox mainly in Middle and West African countries)। ১৯৫৮ চনত প্ৰথমবাৰৰ বাবে বান্দৰৰ ক্ষেত্ৰত এই ৰোগ ধৰা পৰিছিল (Monkey pox first detected in 1958) আৰু ১৯৭০ চনত কঙ্গো গণৰাজ্যৰ এটা ৯ বছৰীয়া ল'ৰাৰ দেহত প্ৰথম মানৱ সংক্ৰমণ ধৰা পৰিছিল । এই ৰোগটো মাঙ্কিপক্স ভাইৰাছৰ ফলত হয় আৰু জীৱ-জন্তুৰ পৰা মানুহলৈ আৰু সংক্ৰমিত মানুহৰ পৰা আন এজনলৈ বিয়পিব পাৰে ।

ই কেনেদৰে বিয়পে (How Monkey pox spreads) : সংক্ৰমিত জন্তুৰ শৰীৰৰ তৰলৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ বিয়পিব পাৰে (Monkey pox can spread body fluids of infected animals) । এই ৰোগবিধ কেৰ্কেটুৱা, নিগনি আৰু বিভিন্ন বান্দৰৰ ক্ষেত্ৰত ধৰা পৰে । বনাঞ্চলৰ ওচৰত বাস কৰা লোক, সংক্ৰমিত জন্তুৰ সংস্পৰ্শলৈ অহাৰ সময়ত এই ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকা থাকে । মানুহৰ ক্ষেত্ৰত এই ৰোগবিধ শ্বাস-প্ৰশ্বাসৰ নিঃসৰণৰ জৰিয়তে বিয়পে (Monkey pox spreads through respiratory secretions) । সংক্ৰমিত ব্যক্তি এজনৰ শৰীৰৰ আঘাত বা ঘা, শৰীৰৰ তৰল, আৰু বিছনাৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ বিয়পিব পাৰে । সৰুআইৰ বিৰুদ্ধে টীকাকৰণ বন্ধ হোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱাৰ বাবে লোকসকল এই সংক্ৰমণৰ প্ৰতি দুৰ্বল হৈ পৰে ।

লক্ষণবোৰ কি (What are the symptoms) : মাঙ্কিপক্স ভাইৰাছৰ বাবে সচৰাচৰ ইনকিউবেচন সময় হৈছে 6 ৰ পৰা 13 দিনৰ ভিতৰত (usual incubation period for Monkey pox 6 to 13 days) । কিন্তু কিছুমান ক্ষেত্ৰত ইনকিউবেচন সময় 5 ৰ পৰা 21 দিনৰ ভিতৰত হোৱা বুলি ধৰা পৰিছে । লক্ষণবোৰ 2 ৰ পৰা 4 সপ্তাহলৈ থাকিব পাৰে । মাঙ্কিপক্সৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ কম । জ্বৰ, তীব্ৰ মূৰৰ বিষ, পিঠিৰ বিষ, পেশীৰ বিষ আৰু অলসতা হৈছে সাধাৰণ লক্ষণ । 13 দিনৰ জ্বৰৰ পিছত ছাল ৰুক্ষ হয়, বেছিভাগ সময়তে মুখ, হাত, ভৰি, হাতৰ তলুৱা, জননাংগৰ এলেকা আৰু চকুত পানীজোলা ফুটাৰ দৰে ওলাবলৈ আৰম্ভ কৰে ।

সাধাৰণ স্বাস্থ্য (general health), ৰোগ প্ৰতিৰোধ ক্ষমতা (immunity) আৰু অন্যান্য অন্তৰ্নিহিত সংক্ৰমণৰ ওপৰত (other underlying infections) নিৰ্ভৰ কৰি তেওঁলোকৰ ৰোগৰ তীব্ৰতা ব্যক্তি ভেদে পৃথক হয় (Monkey pox severity varies from person to person) । এই ৰোগৰ জটিলতাবোৰৰ ভিতৰত আছে ব্ৰঙ্কো-নিউমোনিয়া (broncho-pneumonia), চেপচিছ (sepsis), এনকেফেলাইটিছ (encephalitis) আৰু কৰ্ণিয়াৰ সংক্ৰমণ (infection of cornea) । লক্ষণ অবিহনে ৰোগটোৰ প্ৰকাশ এতিয়াও জনা হোৱা নাই ।

চিকিৎসা (Treatment) : যিহেতু ই এক ভাইৰেল সংক্ৰমণ (viral infection), সেয়ে মাঙ্কিপক্সৰ কোনো চিকিৎসা নাই (no treatment for Monkey pox) । অৱশ্যে সমান্তৰাল সংক্ৰমণ বা জটিলতা পৰিহাৰ কৰিবলৈ চিকিৎসাৰ প্ৰয়োজন । ৰোগটোৰ জটিলতা আৰু দীৰ্ঘম্যাদী প্ৰভাৱ পৰিহাৰ কৰিবলৈ লক্ষণবোৰ আৰম্ভ হোৱাৰ লগে লগে চিকিৎসা আৰম্ভ কৰিব লাগে । মাঙ্কিপক্সৰ বিৰুদ্ধে টীকাকৰণ ইতিমধ্যে উপলব্ধ (Monkey pox vaccine available) ।

প্ৰতিৰোধ (Prevention) : সংক্ৰমিত জন্তুৰ সৈতে অসুৰক্ষিত সংস্পৰ্শ পৰিহাৰ কৰিব বা মৃত জন্তুবোৰক সমাধিস্থ কৰিব । সিহঁতৰ মাংস আৰু শৰীৰৰ তৰলৰ সংস্পৰ্শ এৰাই চলিব লাগে । মাংস সামগ্ৰী খোৱাৰ আগতে ভালদৰে ৰান্ধিব লাগে । মানুহৰ মাজত বিয়পাৰ মুখ্য কাৰণ হৈছে সংক্ৰমিত ব্যক্তিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক । মাঙ্কিপক্স ৰোগীৰ যত্ন লোৱাৰ সময়ত কোভিড সংক্ৰমণ প্ৰতিৰোধ কৰাৰ দৰে সাৱধানতা অৱলম্বন কৰিব লাগে ।

লগতে পঢ়ক :নৱজাতকৰ পৰিয়ালক সাক্ষাৎ কৰোঁতে মনত ৰাখিবলগীয়া ৫ টা কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.