ETV Bharat / sukhibhava

Vastu Tips: ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাস্তু কেনেদৰে নিৰ্ণয় কৰিব ?

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 1:28 PM IST

ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ কৰ্তৃপক্ষ বা মালিকজন কোন ফালে বহিব লাগে ৷ কেচ বক্সটো কোনফালে থাকিব লাগে ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ডাঃ হেমাংগ শাস্ত্ৰীয়ে ৷

Vastu tips
ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাস্তু কেনেদৰে নিৰ্ণয় কৰিব ?

ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাস্তু কেনেদৰে নিৰ্ণয় কৰিব ?

জীৱনত সুখ-সমৃদ্ধি আৰু সফলতা লাভ কৰিবলৈ বাস্তু শাস্ত্ৰত বহু পদক্ষেপৰ কথা উল্লেখ কৰা হৈছে । ঘৰত থকা বস্তুবোৰে আমাৰ জীৱনত ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ পেলায় । যদি বাস্তুৰ নিয়ম মতে বস্তু ৰখা হয়, তেন্তে ই ইতিবাচক ফল দিয়ে, নহ’লে জীৱনটো বিপদৰে ভৰি থাকে । বহু সময়ত এনেকুৱা হয় যে কঠোৰ পৰিশ্ৰমৰ পিছতো কোনো কামতে ধন-সম্পত্তি নাথাকে, সফলতাও নাথাকে । ইয়াৰ আঁৰত ঘৰৰ বাস্তু দোষো থাকিব পাৰে ।

ঘৰ এখন নিৰ্মাণ কৰোঁতে যি দৰে বাস্তু নিৰ্ধাৰণ কৰাটো প্ৰয়োজন ৷ ঠিক তেনেদৰে ব্যৱসায়িক প্ৰতিষ্ঠান এটাতো বাস্তু নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয় ৷ বাস্তু অনুসৰি নিৰ্মাণ কৰিলে লাভৱান হয় বুলি বিশ্বাস কৰা হয় ৷

ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাস্তু কেনে হ'ব লাগে ?

১) ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ কৰ্তৃপক্ষ বা মালিকজনে সদায় দক্ষিণ-পশ্চিম কোণত তেওঁৰ কেবিনটো ৰাখিব লাগে ৷ অৰ্থাৎ নৈৰিক কোণত হ'ব লাগে ৷ লগতে পূৱ বা উত্তৰ ফালে মুখ দি বহিব লাগে ৷ পূৱ ফালে মুখ দি বহিলে কেৰিয়াৰ ভাল হয় আৰু উত্তৰ ফালে মুখ দি বহিলে বিত্তীয়ভাৱে লাভবান হয় ৷

২) ব্যৱসায়িক প্ৰতিষ্ঠান এটাত গ্ৰাহক বহা ঠাইৰ পূৱ ফালে হ'ব লাগে ৷

৩) যদি প্ৰতিষ্ঠানটোত কৰ্মচাৰী থাকে তেন্তে কৰ্মচাৰী সকলক যদি ৰুম দিয়া হয় তেন্তে উত্তৰ বা পশ্চিম দিশত দিব লাগে ৷ এনে কৰিলে অফিচৰ পৰিৱেশভাল থাকে ৷

৪) কাৰ্যালয়ৰ প্ৰৱেশৰ মূলদ্বাৰত স্বাস্তিক ৰাখিব পৰিলে ভাল ৷

৫) উত্তৰ-পূৱ দিশত থাপনা ৰাখিব পৰিলে ভাল হয় ৷ লগতেই বাস্তু যন্ত্ৰ স্থাপন কৰিব পাৰিলে ভাল ৷

৬) দোকান আদি হলে বিক্ৰীৰ বাবে ৰখা সামগ্ৰী উত্তৰ, পূব বা পশ্চিম কোণত ৰাখিব নালাগে ৷ ইয়াৰোপৰি দোকানৰ পশ্চিম কোণত এটা গণেশ মূৰ্তি ৰাখিব পাৰে ৷

৭) কেচবস্কটো সোঁহাতে ৰাখিব লাগে ৷ লগতেই দক্ষিণ পশ্চিম কোন বা উত্তৰ কোণৰ মাজত ৰাখিব লাগে ৷

লগতে পঢ়ক: Vastu Tips: ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত বাস্তু কেনেদৰে নিৰ্ধাৰণ কৰিব ?

লগতে পঢ়ক: Vastu tips: কেইটামান বাস্তু টিপছ; যিয়ে আপোনাৰ জীৱনৰ বাধা আঁতৰ কৰাত সহায় কৰিব

লগতে পঢ়ক: Vastu Tips: বাস্তুৰ কিছু ঘৰুৱা বিধি, যিয়ে ঠিক কৰিব পাৰে আপোনাৰ ঘৰৰ বাস্তু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.