ETV Bharat / sukhibhava

How to cure diabetes: মধুমেহ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি ? জানক এই প্ৰতিবেদনত

author img

By

Published : Jul 30, 2023, 3:47 PM IST

দেশত বৰ্তমান প্ৰতি ১১ জনৰ লোকৰ ভিতৰত বৰ্তমান ১ লোক আক্রান্ত হৈছে মধুমেহ ৰোগত। চীনৰ পিচত ভাৰতবৰ্ষ মধুমেহ ৰোগত আক্ৰান্তৰ ক্ষেত্ৰত দ্বিতীয় দেশ ৰূপে পৰিগণিত হৈছে । এই মধুমেহ ৰোগৰ পৰা নিৰাময়ৰ উপায় কি ? কেনেদৰে চিনাক্ত কৰিব পাৰিব এই ৰোগ জনালে - চিকিৎসক ডাঃ দীনেশ আগৰৱালাই ।

How to cure diabetes permanently ?
মধুমেহ ৰোগৰ পৰা পৰিত্ৰাণৰ উপায়

মধুমেহ ৰোগৰ পৰা পৰিত্ৰাণৰ উপায়

গুৱাহাটী, 30 জুলাই: ডায়েবেটিছ বা মধুমেহ ৰোগ বৰ্তমান সমগ্র বিশ্বতে ব্যাপকভাৱে বৃদ্ধি পাব ধৰিছে । বিভিন্ন কাৰণত এজন লোক বহুমূত্ৰ ৰোগত আক্ৰান্ত হ’ব পাৰে । সেইসমূহৰ ভিতৰত খাদ্যজনিত, জীৱন ধাৰণৰ পদ্ধতি, মানসিক চাপ, বংশগত, মেদবহুলতাজনিত আদি প্ৰধান কাৰণ ।

বৰ্তমান সময়ত মধুমেহ ৰোগীৰ সংখ্যা অতি দ্ৰুত হাৰত বৃদ্ধি হৈ গৈ আছে । মধুমেহ ৰোগে লাহে লাহে হৃদয়, কিডনী, চকুৰ দৃষ্টিশক্তি আদিৰ ওপৰত প্ৰভাৱ পেলাই ক্ৰমান্বয়ে ৰোগীক জটিল অৱস্থালৈ লৈ যায় । আধুনিক চিকিৎসা বিজ্ঞানত মধুমেহৰ ওপৰত নিত্য নতুন গৱেষণা চলি আছে যদিও ইয়াক সম্পূৰ্ণ নিৰাময় কৰাত সফল হ’ব পৰা নাই । মধুমেহ ৰোগ সাধাৰণতে নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায় যদিও আৰম্ভণিতে সাৱধানতা অৱলম্বন কৰি ইয়াৰ সু-চিকিৎসা কৰালে কিছু কিছু ক্ষেত্ৰত সম্পূৰ্ণ নিৰাময়ো হোৱা দেখা যায় ।

জীৱন ধাৰণৰ শৈলীৰ বাবে ভাৰতবৰ্ষত বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত মধুমেহ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । প্ৰতি ১১ জন লোকৰ ভিতৰত বৰ্তমান ১ জন লোক মধুমেহ ৰোগত আক্রান্ত । চীনৰ পিছত ভাৰতবৰ্ষ মধুমেহ ৰোগত আক্ৰান্তৰ ক্ষেত্ৰত দ্বিতীয় ।

মধুমেহ ৰোগৰ পৰা পৰিত্ৰাণৰ উপায়

১) খাদ্য সদায় ভালদৰে আৰু সময়মতে গ্ৰহণ কৰিব লাগে ।

২) সপ্তাহ ৫ দিন হ’লেও যোগাসন কৰিব লাগে ।

৩) জাংক ফুড খাব নালাগে ।

৪) কম কেলৰী যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ।

৫) মধুমেহ ৰোগীয়ে সিজোৱা চাউল, মিঠাই, ভজাবস্তু আদি কমকৈ খাব লাগে ।

এগৰাকী লোকে কেনেকৈ তেওঁৰ দেহত মধুমেহ ৰোগ আছে নে নাই জানিব পাৰিব ?

১) ভাৰতবৰ্ষৰ ৩০ বছৰৰ ওপৰৰ প্ৰতিজন লোকেই বছৰৰ এবাৰ হ’লেও নিজৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে ।

২) যদিহে পৰিয়ালৰ কোনো লোকৰ দেহত এই ৰোগ আছে তেন্তে তেওঁলোক ৩০ বছৰৰ পূৰ্বেই স্বাস্থ্য পৰীক্ষা কৰিব লাগে ।

৩) অত্যাধিক ওজন থকা লোক সকলেও ৩০ বছৰৰ পূৰ্বেই মধুমেহৰ পৰীক্ষা কৰিব লাগে ।

৪) কোনো নাৰীৰ যদি গৰ্ভধাৰণৰ সময়ত দেহত চুগাৰৰ মাত্ৰা বৃদ্ধি পাইছিল তেন্তে তেওঁ এইৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে ।

৫) যদি আপোনাৰ বাৰে বাৰে প্ৰস্ৰাৱ হৈ থাকে বা শাৰীৰৰ ওজন অত্যধিক পৰিমানে কমি গৈছে তেন্তে আপোনাৰ মধুমেহ ৰোগ হ’ব পাৰে ।

৬) যদি দেহত হোৱা ঘাঁ সোনকালে শুকাই নাযায় তেন্তেত মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনা থাকে ।

সেয়েহে, সময় থাকোতেই যদি মধুমেহ ৰোগৰ অৱস্থিতিৰ বিষয়ে গম পোৱা যায় তেন্তে বহু পৰিমাণে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি । মধুমেহ ৰোগীৰ প্ৰত্যকৰেই খাদ্যভ্যাস বেলেগ বেলেগ ধৰণৰ হয় । ৰোগী গৰাকীৰ খাদ্যভ্যাস নিৰ্ভৰ কৰে তেওঁৰ জীৱন ধাৰণৰশৈলী তথা কৰ্মৰ ওপৰত ।

লগতে পঢ়ক: Skipping Dinner: ৰাতিৰ আহাৰ এৰি দিয়াটো কিয় বেয়া অভ্যাস বুলি কোৱা হয় ? কাৰণ জানিলে এই কাম কৰিবলৈ পাহৰি যাব আপুনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.