ETV Bharat / sukhibhava

Home Remedies For Sore Throat: ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ গ্ৰহণ কৰক এইসমূহ আয়ুৰ্বেদিক ঔষধ

author img

By

Published : Aug 9, 2023, 1:47 PM IST

Follow these Ayurvedic remedies to cure sore throat
ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ গ্ৰহণ কৰক এইসমূহ আয়ুৰ্বেদিক ঔষধ

ঘৰুৱা ঔষধে ঘৰতে বহু ৰোগ নিৰাময় কৰে, কিন্তু আজি আমি আপোনালোকক এনে কিছুমান আয়ুৰ্বেদিক ঔষধৰ বিষয়ে ক'ম যিয়ে আপোনাৰ ডিঙি সম্পূৰ্ণৰূপে নিৰাময় কৰিব ।

কোনো কোনো দিন বৰষুণ হয় আৰু কোনো কোনো দিন ৰ'দ দিয়ে । সলনি হৈ থকা বতৰৰ ফলত আমাৰ মাজত দেখা দিয়ে বিভিন্ন ৰোগে ৷ ইয়াৰ বাবে প্ৰয়োজন শৰীৰৰ সঠিক যত্নৰ ৷ এই সমছোৱাত অধিকাংশ লোকৰেই ডিঙিৰ বিষ হয় । ইয়াৰ বাবে প্ৰতি ৩ জনৰ ভিতৰত ২ জন লোক অসুস্থ হয় । এই পৰিৱৰ্তিত বতৰত ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় আৰু লগতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰে । সেইবাবেই আমি আপোনালোকৰ বাবে এনে কিছুমান আয়ুৰ্বেদিক ঔষধ লৈ আহিছো, যাক ব্যৱহাৰ কৰিলে আপুনি ঘৰতে আপোনাৰ ডিঙি ভাল কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰিব পাৰিব । জানো আহক এই ঔষধসমূহৰ বিষয়ে ৷

গৰম পানীৰে কুলকুল কৰক: গৰম পানীৰে কুলকুল কৰিলে ডিঙি পৰিষ্কাৰ হয়, তাত অলপ নিমখো দিব পাৰে, ই ডিঙিত সকাহ দিব আৰু ডিঙি ফুলাও নিৰাময় কৰিব, দিনটোত ২ বাৰ কৰক ।

ত্ৰিফলা চূৰ্ণ- ত্ৰিফলা চূৰ্ণই ডিঙিৰ বিষ দূৰ কৰাৰ লগতে প্ৰদাহ কম কৰে, দিনে দুবাৰকৈ গৰম পানীৰ লগত খালে আপুনি ডিঙিৰ বিষৰ পৰা পৰিত্ৰাণ লাভ কৰিব ।

মৌ আৰু আদা- মৌ আৰু আদাৰ উপকাৰ অনেক উপকাৰিতা আছে, দিনে দুবাৰকৈ গৰম পানীৰ সৈতে ইয়াক সেৱন কৰিলে আপুনি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব । আদাৰ সোৱাদে ডিঙিৰ বিষ কমোৱাত সহায় কৰে । আদা খালে আপোনাৰ ডিঙিত জমা হৈ থকা কফবোৰ বাহিৰ হোৱাত সহায় কৰিব ৷

তুলসী চাহ- তুলসী পাতে ডিঙিৰ বিষ কমোৱাৰ লগতে প্ৰদাহ দমন কৰাত সহায় কৰিব পাৰে ।

আলমণ্ড অইল- আলমণ্ড অইলেৰে ডিঙিত নিতৌ লাহে লাহে মালিচ কৰিব লাগে । ডিঙিৰ বিষ কমোৱাত ই অতি উপযোগী ।

হালধি মিহলি গাখীৰ- হালধি মিহলি গাখীৰ খালে ডিঙি ফুলা আৰু কফ কমাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷

মুলেঠীৰ বাকলি- মুলেঠীৰ বাকলি পিহি তাৰ গুড়ি গৰম পানীত মিহলাই গাৰ্গল কৰিলে ডিঙিৰ বিষত উপশম পোৱা যায় ।

লগতে পঢ়ক: Teeth care: দাঁতৰ শিৰশিৰনিৰ পৰা ৰক্ষা পোৱাৰ উপায় কি ? জনালে দন্ত চিকিৎসক ডাঃ দিলীপ সেথিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.