ETV Bharat / sukhibhava

Winter Foods: শৰীৰৰ তাপমাত্ৰা বৃদ্ধি তথা ভাইৰাছৰ সংক্ৰমণৰ পৰা মুক্তি পাবলৈ খাওক ১০বিধ ভাৰতীয় শীতকালীন খাদ্য

author img

By

Published : Dec 12, 2022, 2:05 PM IST

eat-these-10-desi-indian-food-in-winter-heat-will-increase-in-the-body-and-will-get-rid-of-viral-infection
শৰীৰৰ তাপমাত্ৰা বৃদ্ধি তথা ভাইৰাছৰ সংক্ৰমণৰ পৰা মুক্তি পাবলৈ খাওক ১০বিধ ভাৰতীয় শীতকালীন খাদ্য

শীতকালত নিজকে সুস্থ কৰি ৰখাটো এটা প্ৰত্যাহ্বানতকৈ কম নহয়, কাৰণ এই বতৰত বেছিভাগ মানুহেই অসুস্থ হৈ পৰে, ইয়াত আমি আপোনালোকক কম এনে ১০বিধ ভাৰতীয় খাদ্যৰ বিষয়ে যিসমূহ শীতকালত অতি উপকাৰী (Top 10 Indian Winter Foods) ।

বতৰৰ পৰিৱৰ্তনৰ লগে লগে যেতিয়া তাপমাত্ৰা কম হ'বলৈ আৰম্ভ কৰে, তেতিয়া সকলোৱে শীতকালত নিজকে গৰম কৰি ৰখাৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰে(Which Indian food is good for cold)। অৱশ্যে আমাৰ চৌপাশে বহুতো স্বাস্থ্যসন্মত শীতকালীন খাদ্য আছে যিয়ে বতৰ ঠাণ্ডা হ’লেও শৰীৰক গৰম কৰি ৰখাত সহায় কৰে আৰু লগতে শীতকালত সুস্থ হৈ থকাতো সহায় কৰে (Eat these 10 desi Indian food in winter)।

প্ৰকৃতিয়ে উপহাৰ স্বৰূপ আমাক দিছে কিছুমান শীতকালীন খাদ্য যিসমূহৰ ঔষধি গুণ আছে (10 Best Indian Winter foods) । ইয়াত আমি আপোনালোকক এনেধৰণৰ ১০টা খাদ্যৰ বিষয়ে কৈছো, যিবোৰে আমাক গৰম অনুভৱ কৰাই নহয় ভাইৰাছৰ সংক্ৰমণ, চৰ্দি আৰু মূৰৰ বিষৰ পৰাও ৰক্ষা কৰে(Top 10 Indian Winter Foods) ।

শীৰ্ষ ১০বিধ ভাৰতীয় শীতকালীন খাদ্য

  • মৌ

চৰ্দি আৰু জ্বৰৰ বিৰুদ্ধে যুঁজ দিয়াত মৌ অতি উপযোগী, চিকিৎসকেও ইয়াৰ ব্যৱহাৰৰ পৰামৰ্শ দিয়ে(What do Indians eat in winter) । মৌৰ এন্টিঅক্সিডেন্টৰ লগত এন্টিফাংগেল আৰু এন্টিবেক্টেৰিয়েল গুণ পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ কৰে(Honey in Winter) ।

  • তুলসী আৰু আদা

আপুনি কেতিয়াবা আদা আৰু তুলসীৰ সৈতে চাহ একাপ খাবলৈ চেষ্টা কৰিছেনে? যদি কৰা নাই তেন্তে চেষ্টা কৰিব লাগিব। এইটো এটা অতি শক্তিশালী ঔষধ ।

  • ঘিঁউ

আপুনি হয়তো ভাবিছে যে ঘিঁউৱে দেহত কেলৰি বৃদ্ধি কৰিব, কিন্তু মধ্যমীয়াভাৱে সেৱন কৰিলে ই বেয়া চৰ্বি হ্ৰাস কৰে আৰু লগতে শৰীৰক গৰম কৰি ৰখাতো সহায় কৰে ।

  • শুকান ফল

শীতকালত শুকান ফলৰ অন্যতম উত্তম খাদ্য(10 desi Indian food in winter) । আলমণ্ড, আখৰোট, এপ্ৰিকোট, শুকান ডিমৰু আৰু খেজুৰে আপোনাক প্ৰাকৃতিকভাৱে গৰম কৰি ৰাখে ।

  • গোটা শস্য

যদি আপুনি শীতকালত স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে যিয়ে আপোনাক গৰম কৰি ৰাখিব, তেন্তে ৰাগী আৰু বাজৰাৰ দৰে গোটা শস্য নিশ্চিতভাৱে আপোনাৰ খাদ্য তালিকাত থাকিব লাগে ।

  • গুড়

স্থানীয় ভাষাত বিভিন্ন নামেৰে জনাজাত গুড়ে আপোনাৰ পাচনতন্ত্ৰ উন্নত কৰাই নহয়, গৰম কৰি ৰাখে । চেনিৰ সলনি ব্যৱহাৰ কৰিব পাৰে ।

  • ডালচেনি

ডালচেনি শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, ই শীতকালত তাপ সৃষ্টি কৰাত সহায় কৰে আৰু আপোনাৰ শীতকালীন স্বাস্থ্যকৰ খাদ্য তালিকাৰ অংশ হোৱাটো প্ৰয়োজন ।

  • কেশৰ

সাধাৰণতে প্ৰকৃত কেশৰ চিনাক্ত কৰাটো অলপ কঠিন । কিন্তু ইচ্ছা কৰিলে কেশৰ সেৱন কৰি শৰীৰটো গৰম কৰি ৰাখিব পাৰে । গাখীৰত কেশৰ উতলাই তাত কিচমিচ মিহলাই খাব পাৰে ।

  • তিল

তিলে শ্বাস-প্ৰশ্বাসজনিত বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে । সংক্ৰান্তিৰ সময়ত “বড়” বা “লাড্ডু” আদি তিলৰ ব্যঞ্জন উপভোগ কৰিব পাৰি । ই শৰীৰক গৰম কৰি ৰাখে ।

  • গৰম চূপ

শীতকালত সন্ধিয়া এটা বাটিত গৰম চূপ খাই কোনেনো ভাল নাপায়? তৎক্ষণাত শৰীৰক গৰম কৰাৰ বাবে অন্যতম উত্তম উপায় ।

লগতে পঢ়ক: Trending Yoga Asanas: শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ তাৰকাসকলে কৰা যোগাসনৰ বিষয়ে জানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.