ETV Bharat / sukhibhava

Festival Special Tips: দীপাৱলী হওক বা দুৰ্গা পূজা, প্ৰতিটো উৎসৱত মিঠাই খোৱাৰ পূৰ্বে হওক সাৱধান !

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 4:35 PM IST

Durga Puja or Dussehra-Diwali festival be alert before eating sweets during every festival
দীপাৱলী হওক বা দুৰ্গা পূজা, প্ৰতিটো উৎসৱত মিঠাই খোৱাৰ পূৰ্বে হওক সাৱধান!

উৎসৱৰ বতৰত মিঠাইৰ প্ৰতি লোভ আৰু বাঢ়ি যায় । এনে পৰিস্থিতিত যদি আপুনিও মিঠাই খাই ভাল পায়, তেন্তে এইবাৰ উৎসৱৰ বতৰত মিঠাই খোৱাৰ সন্দৰ্ভত কিছু কথা জানি লওক । যাতে আপোনাৰ স্বাস্থ্যৰ অৱনতি নহয় ।

আজি বিজয়া দশমী ৷ আজিৰ দিনটোতে ভগৱান ৰামে ৰাৱণক বধ কৰি অধৰ্মক নাশি ধৰ্মৰ বিজয় স্থাপন কৰিছিল ৷ সেয়ে আজিৰ দিনটোত মানুহে ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰি অধৰ্মৰ অন্ত পেলায় ৷ আজিৰ দিনটোতে ঠায়ে ঠায়ে দশেৰাৰ মেলাৰ আয়োজন কৰা হয় ৷ ইয়াৰ লগে লগে সমাগত দীপাৱলীৰ উৎসৱ ৷ এই সময়ছোৱাত ঘৰে ঘৰে বহু ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয় ৷ একেদৰে বিধে বিধে মিঠাইও খোৱাটোও বাঢ়ি যায় ৷

মিঠাই এনেকুৱা এবিধ বস্তু যিয়ে সকলোকে মোহিত কৰে ৷ উৎসৱ বা পূজাৰ সময়ত মিঠাই বিশেষ ৷ উৎসৱৰ বতৰত মানুহে মিঠাই খাবলৈ পচন্দ কৰে ৷ বিশেষকৈ দীপাৱলী উপলক্ষে ৷ কিন্তু দশেৰা, দেৱালী আৰু দুৰ্গা পূজাৰ সময়ত মিঠাই খোৱাৰ পূৰ্বে কিছু কথা মনত ৰাখিব লাগে যাতে আপোনাৰ স্বাস্থ্যৰ অৱনতি নঘটে ৷ কাৰণ বেছিকৈ মিঠাই খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষতি যথেষ্ট ক্ষতি হ’ব পাৰে ৷ যদি আপুনি মিঠাই খাবলৈ ভাল পায়, তেন্তে প্ৰথমে জানি লওক যে বেছিকৈ মিঠাই খালে আপোনাৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে ৷

১/ যকৃতৰ ক্ষতি

মিঠাই খোৱাৰ পূৰ্বে জানি লওক যে চেনি আপোনাৰ তেজলৈ পোৱাৰ আগতে লিভাৰৰ মাজেৰে পাৰ হৈ যায় ৷ চেনি ভাঙি পেলোৱাৰ বাবে যকৃত দায়ী ৷ এনে পৰিস্থিতিত যদি আপুনি অধিক মিঠাই খায় তেন্তে আপোনাৰ যকৃতে চেনি প্ৰক্ৰিয়াকৰণ আৰু চৰ্বিলৈ ৰূপান্তৰিত কৰিবলৈ অধিক কষ্ট কৰিবলগীয়া হয় ৷ একে সময়তে যকৃতত বহুতো চৰ্বিৰ কণা থাকি যায়, যাৰ ফলত ফেটি লিভাৰৰ সৃষ্টি হয় ৷

২/ ওজন বৃদ্ধি হয়

বিজয়া দশমীৰ পৰা দীপাৱলীলৈকে বহুলোকে মিঠাই সেৱন কৰে ৷ এনে পৰিস্থিতিত আপোনাৰ শৰীৰত প্ৰ’টিন আৰু স্বাস্থ্যকৰ চৰ্বি, ভিটামিন, খনিজ পদাৰ্থ বা এনজাইমৰ তীব্ৰ অভাৱ দেখা যায় ৷ কাৰণ মিঠাই এই সকলোবোৰ পদাৰ্থ পোৱা নাযায় ৷ মিঠাইত বেছিভাগ কেলৰি থাকে ৷ উৎসৱৰ বতৰত অধিক মিঠাই খোৱাৰ বাবে আপোনাৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে আৰু আপুনি মেদবহুলতাৰ ভুগিব পাৰে ৷

৩/ ৰক্তশৰ্কৰাৰ মাত্ৰাৰ উঠা-নমা

উৎসৱৰ সময়ত বেছিকৈ মিঠাই খালে কিছু সময়ৰ বাবে আপোনাৰ ৰক্তশৰ্কৰাৰ মাত্ৰা বাঢ়ি গৈ থাকিব ৷ ৰক্তশৰ্কৰাৰ মাত্ৰা দ্ৰুতগতিত হ্ৰাস পোৱাটো স্বাস্থ্যৰ বাবে ভাল লক্ষণ নহয় ৷ ৰক্তশৰ্কৰাৰ উঠা-নমা হ’লে উদ্বেগ, মেজাজৰ দোলাচল, মূৰৰ বিষ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

লগতে পঢ়ক: Health Tips: খালী পেটত চাহ খায় নেকি ? তেন্তে ইয়াৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.