ETV Bharat / sukhibhava

আপুনিও এই খাদ্য খোৱাৰ পিছত অত্যধিক পানী গ্ৰহণ কৰে নেকি ? লোকচান জানি হৈ পৰিব আচৰিত

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:35 AM IST

Do you also drink more water after eating these foods?
আপুনিও এই খাদ্য খোৱাৰ পিছত অত্যধিক পানী গ্ৰহণ কৰে নেকি ? লোকচান জানি হৈ পৰিব আচৰিত

Health Tips: প্ৰায়ে আমি তেলীয়া আৰু মছলাযুক্ত খাদ্য খোৱাৰ লগে লগে অত্যধিক পানী খাবলৈ আৰম্ভ কৰো, কিন্তু এনেদৰে পানী খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । ইয়াৰ ফলত পাচনতন্ত্ৰতো বিৰূপ প্ৰভাৱ পৰিব পাৰে । যদি আপুনিও এই কাম কৰে তেন্তে আজিৰ পৰাই এই অভ্যাস সলনি কৰক । জানো আহক কোনবোৰ খাদ্য খোৱাৰ লগে লগে আমি পানী গ্ৰহণ কৰাটো উচিত নহয় ৷

দৈনন্দিন জীৱনত আমাৰ কিছুমান এনে অভ্যাস থাকে যি অভ্যাসে আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷ তেনেই এটি অভ্যাস হৈছে খাদ্য খোৱাৰ লগে লগে পানী গ্ৰহণ কৰা ৷

কিছুমান মানুহৰ এনেকুৱা অভ্যাস থাকে যে পানী নোখোৱাকৈ তেওঁলোকৰ আহাৰ গ্ৰহণ সম্পূৰ্ণ নহয় ৷ অৱশ্যে, যেতিয়াই আমি খাদ্য গ্ৰহণ কৰো তেতিয়াই এগিলাচ পানী লৈ বহিব লাগে, যাতে ডিঙিত কিবা লাগি ধৰিলেও আমি লগে লগে পানী খাই আমি তাৰ পৰা সকাহ পাব পাৰো ৷

কিন্তু আপোনালোকক জনাই দিও যে, বহুতে খাদ্য খোৱাৰ লগে লগে অত্যধিক পানী গ্ৰহণ কৰে, যিটো স্বাস্থ্যৰ বাবে একেবাৰেই উপকাৰী নহয় ৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে, খাদ্য খোৱাৰ এঘণ্টা পিছত আমি পানী খাব লাগে, খাদ্য খোৱাৰ সময়ত বা খোৱাৰ লগে লগে অত্যধিক পানী খালে স্বাস্থ্যৰ বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ তেন্তে পলম নকৰাকৈ জানো আহক কোনবোৰ খাদ্য খোৱাৰ পিছত আমি অধিক পৰিমাণে পানী খোৱাৰ পৰা বিৰত থাকিব লাগে ৷

  • মছলাযুক্ত খাদ্য

মানুহে প্ৰায়ে অতি মছলাযুক্ত খাদ্য খোৱাৰ ঠিক পিছতেই অত্যধিক পানী গ্ৰহণ কৰে, ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে ৷ মছলাযুক্ত খাদ্য খোৱাৰ পিছত পানী খালে মুখত জ্বলা-পোৰা অনুভৱ কৰিব পাৰে ৷ ইয়াৰ উপৰিও আপোনাৰ পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

  • তেলীয়া খাদ্য

তেলীয়া খাদ্য খোৱাৰ লগে লগে আমি পানী খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ ইয়াৰ ফলত পেটত গধুৰতা আৰু ফুলাৰ সমস্যা হ’ব পাৰে ৷ খাদ্য খোৱাৰ মাত্ৰ ৩০ মিনিট পিছত পানী খালে স্বাস্থ্যৰ বাবেও খুব উপকাৰী ৷

  • কাৰ্বনেটেড পানীয়

কিছুমান মানুহে খাদ্য খোৱাৰ ঠিক পিছতেই কাৰ্বনেটেড পানী বা চ’ডা খাবলৈ ভাল পায়, কিন্তু ইয়াৰ ফলত কিছুমান মানুহৰ পেট ফুলা আৰু গেছৰ সমস্যা হ’ব পাৰে ৷ ইয়াৰ ফলত বদহজমো হ’ব পাৰে ৷

  • গধুৰ খাদ্য

যেতিয়াই আপুনি খাদ্য গ্ৰহণ কৰে, তাৰ লগে লগে যথেষ্ট পানী গ্ৰহণ কৰে, ইয়াৰ ফলত আপোনাৰ পেটৰ গধুৰতা আৰু অধিক বৃদ্ধি পাব পাৰে ৷ খাদ্য খোৱাৰ লগে লগে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰা বিৰত থাকিব লাগে ৷

  • টেঙা ফল

টেঙা ফল অৰ্থাৎ কমলা, আঙুৰ আৰু নেমু আদিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, ই অতি ৰসাল আৰু ইয়াত প্ৰচুৰ পৰিমাণে পানী থাকে ৷ এই ফলবোৰ খোৱাৰ লগে লগে অত্যধিক পৰিমাণৰ পানী খালে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

  • দৈ

হজমৰ বাবে দৈ অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে ৷ পানী খোৱাৰ লগে লগে পানী খালে প্ৰ’বায়’টিক নাশ হ’ব পাৰে ৷

  • ভাত

ভাত খোৱাৰ ঠিক পিছতেই অধিক পৰিমাণে পানী খোৱাটো হজম শক্তিৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ যদিও ভাত খোৱাৰ আগতে এগিলাচ পানী খালে একো নহয়, ভাত খোৱাৰ ঠিক পিছতেই অতিৰিক্ত পানী খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ ভাত খোৱাৰ আধা বা এঘণ্টা পিছতহে পানী খালে হজম হোৱাত সহায় হয় আৰু পেটত গধুৰতা অনুভৱ নহয় ৷

লগতে পঢ়ক: সিজোৱা কণী নে অমলেট কোনবিধ স্বাস্থ্যৰ বাবে অধিক উপকাৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.