ETV Bharat / sukhibhava

Chandra Grahan 2023: চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কি কৰিব লাগে আৰু কি কৰিব নালাগে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 5:16 PM IST

Chandra Grahan 2023: Is Chandra Grahan harmful for pregnant women? Know precautions to take
চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কিছু বিশেষ সাৱধানতা অৱলম্বন লাগে

চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কিছু বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে । সেয়া কি কি জানি লওক এই প্ৰতিবেদনত ৷

চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই নিজৰ বিশেষ যত্ন লোৱা উচিত । চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কিছুমান নিয়ম মানি চলিব লাগে, এই নিয়ম মানি চলিলে শিশু আৰু মাতৃ দুয়ো সুস্থ হৈ থাকিব । চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কোনো বিশেষ কাম কৰিব নালাগে কাৰণ এইবোৰে গৰ্ভত থকা শিশুটিৰ ক্ষতি কৰিব পাৰে । আজি আমি আপোনাক ক’ম চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কি কি কথা মনত ৰখা উচিত ।

চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰিব লাগে

খাদ্যত তুলসীৰ পাত দি থৈ দিব লাগে আৰু গ্ৰহণৰ সময়ত পৰাপক্ষত নাখাব । এই সময়ত মহিলাসকলে ভগৱানৰ নাম লোৱা উচিত । গ্ৰহণ শেষ হোৱাৰ পিচত গা ধুব আৰু চন্দ্ৰগ্ৰহণৰ আগতে বা পিচত খাদ্য গ্ৰহণ কৰিব লাগে ।

চন্দ্ৰগ্ৰহণত পালিবলগীয়া নিয়ম

গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কটাৰী, কেঁচি আৰু বেজী আদি চোকা বস্তু ব্যৱহাৰ কৰিব নালাগে বা সংস্পৰ্শলৈ আহিব নালাগে । এই সময়চোৱাত পানী খাব নালাগে বা ঘৰুৱা কোনো কাম নকৰিব ।

কি নকৰিব

গ্ৰহণ আৰম্ভ হ’লে গৰ্ভৱতী মহিলাই গা ধুব নালাগে আৰু গ্ৰহণৰ সময়ত চন্দ্ৰৰ পোহৰত ঘৰৰ পৰা ওলাব নালাগে বুলি বিশ্বাস কৰা হয় । ইয়াৰ উপৰিও সূৰ্যগ্ৰহণৰ সময়ত ব্যায়াম কৰাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অৱশ্যে এই পুৰণি ৰীতি-নীতিবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, কিন্তু তথাপিও আপুনি এই বিশ্বাসসমূহ অনুসৰণ কৰি আপোনাৰ সন্তানটিত যিকোনো ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে ।

হৰম’নৰ পৰিৱৰ্তন ঘটে

অতীজৰে পৰা সূৰ্যগ্ৰহণে ভ্ৰুণৰ বিকাশত প্ৰভাৱ পেলোৱাৰ লগতে গৰ্ভৱতী মহিলাৰ শৰীৰত হৰম’নৰ পৰিৱৰ্তন ঘটায় বুলি বিশ্বাস কৰা হয় । এই পৰিৱৰ্তনৰ বাবে গৰ্ভৱতী মহিলাগৰাকীৰ মুড ছুইঙৰ সন্মুখীন হয় । যদিও ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, এতিয়াও ভাৰতত এই বিপদৰ পৰা হাত সাৰিবলৈ গৰ্ভৱতী মহিলাক গ্ৰহণৰ সময়ত বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হয় ।

লগতে পঢ়ক: Curry Leaves benifits : ডায়েবেটিছ, কলেষ্টেৰলৰ বাবে মহৌষধ নৰসিংহৰ পাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.