ETV Bharat / state

অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত নিলম্বিত আৰক্ষী বিষয়া

author img

By

Published : Sep 27, 2019, 8:02 PM IST

Updated : Sep 27, 2019, 8:33 PM IST

পুনৰ কলংকিত হ'ল অসম আৰক্ষী । এইবাৰ নিলম্বিত হ'ল ওদালগুৰিৰ অন্তৰ্গত মাজবাট থানাৰ অ'চি উপেন চন্দ্ৰ বৰ্মন । অ'চি উপেন চন্দ্ৰ বৰ্মনৰ বিৰুদ্ধে উত্থাপন হৈছিল অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৷

ধৰ্ষণত অভিযুক্ত বাবলা দৈমাৰী

ওদালগুৰি,27ছেপ্টেম্বৰঃ বিতৰ্কই লগ নেৰা হৈছে অসম আৰক্ষীক । এইবাৰ নিলম্বিত হ'ল ওদালগুৰিৰ অন্তৰ্গত মাজবাট থানাৰ অ'চি উপেন চন্দ্ৰ বৰ্মন । উল্লেখ্য যে অ'চি উপেন চন্দ্ৰ বৰ্মনৰ বিৰুদ্ধে উত্থাপন হৈছিল অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ।

etv bharat
অ'চি উপেন চন্দ্ৰ বৰ্মন

অভিযোগ অনুসৰি যোৱা চাৰি ছেপ্তেম্বৰৰ নিশা গনেশ পূজা উপলক্ষ্যে লামাবাৰীত আয়োজিত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিল এগৰাকী কিশোৰী । নিশা প্ৰায় ডেৰ বজাত অনুষ্ঠান উপভোগ কৰি প্ৰতিবেশী ভগ্নীৰ লগত উভতি আহিছিল কিশোৰী গৰাকী । কিন্তু উভতাৰ পথতে বাবলা দৈমাৰী নামৰ যুৱকজনে কিশোৰী গৰাকীক ধৰ্ষণ কৰে ৷ পিছদিনা এই ঘটনা সন্দৰ্ভত যুৱতীৰ পৰিয়ালে মাজবাট থানাত এজাহাৰ দাখিল কৰে । কিন্তু আচৰ্যজনক ভাৱে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন চন্দ্ৰ বৰ্মনে গোচৰ ৰুজু কৰাৰ বিপৰীতে জোৰ কৰি এয়া ধৰ্ষণ নহয় বুলি ৪০ হাজাৰ টকা ভুক্তভোগী যুৱতীগৰাকীক দিয়াৰহে অভিযোগ কৰে ভুক্তভোগী পৰিয়ালে । এই কথাত বৃদ্ধ পিতৃ আৰু ভুক্তভোগী যুৱতীগৰাকী‌ অসন্তুষ্ট হয় । যাৰ পাচত মানসিকভাবে ‌ভাগি পৰি যুৱতীগৰাকীয়ে 7 ছেপ্টেম্বৰত কলংকৰ বোজা সহিব নোৱাৰি আত্মহননৰ পথ বাচি লয় ।

অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত অ'চিক নিলম্বন

আনহাতে গোচৰটো উঠাই লবলৈ হেচা দিয়া, ভুক্তভোগীৰ এজাহাৰ পঞ্জীয়ন নকৰা আদি অভিযোগ শেহতীয়াকৈ উত্থাপন হোৱাৰ পিছতে শুকুৰবাৰে ওদালগুৰি আৰক্ষীয়ে নিলম্বত কৰে অ'চি উপেন চন্দ্ৰ বৰ্মনক । ইপিনে ধৰ্ষণত অভিযুক্ত বাবলা দৈমাৰী কিশোৰী গৰাকীয়ে আত্মহত্যা কৰাৰ পিছৰে পৰা পলাতক হৈ আছিল যদিও শুকুৰবাৰে আৰক্ষীয়ে আটক কৰে ।

Intro:পুনৰ কলংকিত হ'ল অসম আৰক্ষী। এইবাৰ নিলম্বিত হ'ল ওদালগুৰি জিলাৰ অন্তৰ্গত মাজবাট থানাৰ অচি উপেন চন্দ্ৰ বৰ্মন। অচি উপেন চন্দ্ৰ বৰ্মনৰ বিৰুদ্ধে উত্থাপন হৈছিল অপৰাধীক ৰক্ষনাবেক্ষণ দিয়াৰ অভিযোগBody:

পুনৰ কলংকিত হ'ল অসম আৰক্ষী। এইবাৰ নিলম্বিত হ'ল ওদালগুৰি জিলাৰ অন্তৰ্গত মাজবাট থানাৰ অচি উপেন চন্দ্ৰ বৰ্মন। অচি উপেন চন্দ্ৰ বৰ্মনৰ বিৰুদ্ধে উত্থাপন হৈছিল অপৰাধীক ৰক্ষনাবেক্ষণ দিয়াৰ অভিযোগ। জানিব পৰা মতে
যোৱা চাৰি ছেপ্তেম্বৰত নিশা গনেশ পূজা উপলক্ষ্যে লামাবাৰীত আয়োজিত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিব গৈছিল এজনী কিশোৰী। নিশা প্ৰায় ডেৰ বজাত অনুষ্ঠান উপভোগ প্ৰতিবেশী ভগ্নীৰ লগত উভতি আহিছিল কিশোৰী গৰাকী। কিন্তু উভতাৰ পথতে কিশোৰী ধৰাকী গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উঠি বাবলা দৈমাৰী নামৰ যুৱক এজনৰ বিৰুদ্ধে। পিছদিনা এই ঘটনা সন্দৰ্ভত মাজবাট থানাত এজাহাৰো দাখিল কৰা হয়। কিন্তু আচৰ্য জনক ভাৱে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন চন্দ্ৰ বৰ্মনে গোচৰ ৰুজু কৰাৰ বিপৰীতে জোৰ কৰি এয়া ধৰ্ষণ নহয় বুলি ৪০ হাজাৰ টকা ভুক্তভোগী ছোৱালী জনক দিয়াৰহে অভিযোগ কৰে ভুক্তভোগী পৰিয়ালে। এই কথাত বৃদ্ধ পিতৃ আৰু ভুক্তভোগী ছোৱালী জনি‌ অসন্তুষ্ট হয়। ইফালে ভুক্তভোগী ছোৱালী জনি‌ অসন্তুষ্ট হৈ মানসিকভাবে ‌ভাগি পৰে আৰু যোৱা সাত‌ চেপ্তেম্বৰত কলংকৰ বোজা সহিব নোৱাৰি আত্মহননৰ পথ বাচি লয়।
আনহাতে গোচৰটো উঠাই লবলৈ হেচা দিয়া, জোৰকৈ টকা দি গোচৰ উঠাবলৈ মোবাইলত টকা লোৱা বন্দি কৰা , ভুক্তভোগীৰ এজাহাৰ পঞ্জীয়ন নকৰা আদি অভিযোগ শেহতীয়াকৈ উত্থাপন হোৱাৰ পিছতে আজি ওদালগুৰি আৰক্ষীয়ে নিলম্বত কৰে অচি জনক। উল্লেখ যে ধৰ্ষণত অভিযুক্ত বাবলা দৈমাৰী নামৰ লোক জনে কিশোৰী গৰাকীয়ে আত্মহত্যা কৰাৰ পিছৰে পৰা পলাতক হৈ আছে।Conclusion:
Last Updated :Sep 27, 2019, 8:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.