ETV Bharat / state

কৃতী ছাত্ৰ বিকাশ দৈমাৰীক জিলা উপায়ুক্তৰ ফালৰ পৰা সম্বৰ্ধনা

author img

By

Published : Jun 9, 2020, 5:27 PM IST

Udalguri: DC felicitates 10 students
Udalguri: DC felicitates 10 students

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪.৬ শতাংশ নম্বৰ লাভ কৰি ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই অনা হৰিশিঙা ডাইমণ্ড ইংলিছ স্কুলৰ ছাত্ৰ বিকাশ দৈমাৰীৰ বাসগৃহত জিলা উপায়ুক্ত গৰাকী উপস্থিত হৈ ছাত্ৰ জনক সম্বৰ্ধনা জনাই । আৰক্ষী অধীক্ষক ৰিপুল দাস আৰু জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া দেৱাশীষ বৰঠাকুৰো উপস্থিত হয় ছাত্ৰ জনৰ বাসগৃহত ।

ওদালগুৰি, ৯ জুন : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪.৬ শতাংশ নম্বৰ লাভ কৰি ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই অনা হৰিশিঙা ডাইমণ্ড ইংলিছ স্কুলৰ ছাত্ৰ বিকাশ দৈমাৰীক ঝাকাৰা গাঁওস্থিত বাসগৃহলৈ গৈ মংগলবাৰে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই সম্বৰ্ধনা জনাই ।

Udalguri: DC felicitates 10 students
কৃতী ছাত্ৰ বিকাশ দৈমাৰীক জিলা উপায়ুক্তৰ ফালৰ পৰা সম্বৰ্ধনা

উপায়ুক্তৰ সৈতে ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰিপুল দাস আৰু জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া দেৱাশীষ বৰঠাকুৰো উপস্থিত হয় ছাত্ৰজনৰ বাসগৃহত ।

অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনৰ সফলতাত আনন্দ প্ৰকাশ কৰি উপায়ুক্ত গৰাকীয়ে ছাত্ৰ জনক ফুলাম গামোছা,উপহাৰৰ টোপোলা,নগদ ধন ইত্যাদি প্ৰদান কৰি উৎসাহিত কৰে ।

Udalguri: DC felicitates 10 students
কৃতী ছাত্ৰ বিকাশ দৈমাৰীক জিলা উপায়ুক্তৰ ফালৰ পৰা সম্বৰ্ধনা

তেওঁলোকে ছাত্ৰজনৰ পৰৱৰ্তী শিক্ষা জীৱনৰ বিষয়ে পৰিয়ালবৰ্গৰ সৈতে বিষদভাৱে মত বিনিময় কৰে আৰু উজ্জল ভবিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।
উল্লেখযোগ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাৰ ৮৭৪৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ন হোৱাৰ বিপৰীতে ৫০৬৭ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হয়। ইয়াৰে ৮১ জনে ডিষ্টিংছন আৰু ২১৪ জনে ষ্টাৰ মাৰ্ক লাভ কৰে। ১০৩১ গৰাকী প্ৰথম বিভাগত, ১৮৮৮ গৰাকী দ্বিতীয় বিভাগত আৰু ২১৪৮ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ শতকৰা হাৰ ৫৭.৯২ । এই হাৰ বিগত ২০১৮ বৰ্ষ (৩৬.৯৭ শতাংশ) আৰু ২০১৯ বৰ্ষৰ (৫৩.৩৮ শতাংশ) উত্তীৰ্ণৰ হাৰতকৈ উন্নত।
ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই সফলতাৰে উত্তীৰ্ণ হোৱা ওদালগুৰি জিলাৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক : বিশেষভাৱে সক্ষম ঋতুস্মিতাৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.