ETV Bharat / state

ৰাস পূৰ্ণিমাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পদাৰ্পণ কৃষ্ণৰ

author img

By

Published : Nov 13, 2019, 6:45 PM IST

কিছুদিনপূৰ্বে গোৱালপাৰাত সন্ত্ৰাসৰ সৃষ্টি কৰা লাডেনৰ এতিয়া নতুন নাম কৃষ্ণ ৷ এতিয়াৰে পৰা ঠিকনাও নতুন হ'ল কৃষ্ণৰ ৷ বিশেষজ্ঞৰ পৰামৰ্শমতে কৃষ্ণক প্ৰশিক্ষণ দিব বনবিভাগে ৷ বিশাল কনভয়ৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হ'ল কৃষ্ণক ৷

ৰাস পূৰ্ণিমাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পদাৰ্পণ কৃষ্ণৰ

ওৰাং, 13 নৱেম্বৰ: ৰাস পূৰ্ণিমাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পদাৰ্পণ কৃষ্ণৰ ৷ কৃষ্ণক প্ৰশিক্ষণ দিবলৈ সাজু হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান । এই কৃষ্ণ পিছে কোনো ভগৱান নহয় ৷ বিগত কিছুদিনপূৰ্বে গোৱালপাৰাত সন্ত্ৰাসৰ সৃষ্টি কৰা লাডেন নামৰ হাতীটোৰ এতিয়া নতুন নাম কৃষ্ণ ৷ নামৰ লগতে এতিয়াৰে পৰা ঠিকনাও নতুন হ'ল কৃষ্ণৰ । মঙলবাৰৰ নিশা ৰংজুলিৰ পৰা বিশাল কনভয়ৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হ'ল কৃষ্ণক । ইতিপূৰ্বে উদ্যানখনত বাহৰ পাতি থকা চিকিৎসকৰ দল এটাই হাতীটোৰ স্বাস্থ্যপৰীক্ষা সম্পন্ন কৰিছে । সম্প্ৰতি বনবিভাগৰ উচ্চপদস্থ বিষয়া তথা বিশেষজ্ঞৰ এটা দলে হাতীটোৰ শুশ্ৰূষাত ব্যস্ত হৈ পৰিছে । পি চি চি এফ-ৰ তত্বাৱধানত থকা কৃষ্ণক কিছুদিন জিৰণি দিয়াৰ পিছত বিশেষজ্ঞৰ পৰামৰ্শমতে প্ৰশিক্ষণ দিব বনবিভাগে । ইপিনে কৃষ্ণৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰাখিব বিচৰা নাই ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । কৃষ্ণক ৰখা অঞ্চলটোত সাধাৰণ পৰ্যটক তথা সাংবাদিক প্ৰৱেশত বাধা আৰোপ কৰিছে বনবিভাগে । উদ্যানখনত বনবিভাগৰ ৩০/৪০ জনীয়া বৃহৎ দল এটাইও বাহৰ পাতি আছে ৷ কৃষ্ণৰ ওচৰত দুই-তিনিজন লোককহে থাকিবলৈ দিয়া হ'ব বুলি উদ্যান কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে ।

ৰাস পূৰ্ণিমাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পদাৰ্পণ কৃষ্ণৰ

আনহাতে, কৃষ্ণক উদ্যানখনলৈ অনাৰ সময়ত মঙলবাৰে নিশা প্ৰতিবাদ সাব্যস্ত কৰিছিল ইয়াৰ দাঁতিকাষৰীয়া লোকসকলে । অৱশেষত বনবিভাগ আৰু আৰক্ষীৰ লোক প্ৰতিবাদস্থলীত উপস্থিত হৈ হাতীটো প্ৰশিক্ষণৰ বাবেহে অনা হৈছে বুলি নিশ্চিতি প্ৰদান কৰিছে ৷ লগতে হাতীটোৱে কোনো ক্ষতি কৰিব নোৱাৰে বুলি প্ৰতিশ্ৰুতি দিয়াতহে প্ৰতিবাদ প্ৰত্যাহাৰ কৰে লোকসকলে । ইফালে হাতীটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ অনা কাৰ্যক আদৰণিও জনাইছে একাংশ লোকে । উল্লেখ্য যে, কৃষ্ণৰ আগমনৰ লগে লগে উদ্যানখনত পোহনীয়া হাতীৰ সংখ্যা ৩৩ টালৈ বৃদ্ধি পালে । প্ৰশিক্ষণৰ অন্তত কৃষ্ণক অন্য পোহনীয়া হাতীৰ দৰে উদ্যানখনত নিয়োজিত কৰা হ'ব বুলি বনবিভাগে জানিবলৈ দিছে ।

লগতে চাওক:ওদালগুৰিত দুটাকৈ বন্যহস্তীৰ মৃত্যু

Intro:ৰাসৰ সময়তে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৃষ্ণৰ পদাৰ্পন

কৃষ্ণক প্ৰশিক্ষণ দিবলৈ সাজু ওৰাং ৰাষ্ট্ৰীয় উদ্যান।Body:গোৱালপাৰাত সন্ত্ৰাসৰ সৃষ্টি কৰা লাডেনৰ এতিয়া নতুন নাম কৃষ্ণ। নামৰ লগতে এতিয়াৰে পৰা ঠিকনাও নতুন হ'ল কৃষ্ণৰ। যোৱা নিশা ৰংজুলিৰ পৰা বিশাল কনভয়ৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হ'ল কৃষ্ণক। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৃহৎ চিকিৎসকৰ দল এটাই বাহৰ পাতি পৰ্যবেক্ষণ কৰিছে কৃষ্ণৰ স্বাস্থৰ অৱস্থা। কৃষ্ণৰ লগত অন বৰতে লাগি আছে বন বিভাগৰ উচ্চ পদষ্ট বিষয়া তথা এটা বিশেষজ্ঞ দল। পিচিচিএফ তত্বাবধানত থকা কৃষ্ণক কিছু দিন জিৰণি দিয়াৰ পিছতে বিশেষজ্ঞৰ পৰামৰ্শমতে প্ৰশিক্ষণ দিব বিভাগটোৱে। ইপিনে কৃষ্ণকলৈ যেন ৰিক্স লব বিছৰা নাই ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই। কৃষ্ণক ৰখা অঞ্চলটোত সাধাৰণ পৰ্যটকক যোৱাৰ বাধা আৰোপ কৰাৰ লগতে সাংবাদিককো যোৱাত বাধা দিছে বন বিভাগে। কৃষ্ণৰ বাবে উদ্যান খনত বন বিভাগৰ ৩০/৪০ জনীয়া বৃহৎ দল এটাই বাহৰ পাতি থাকিব যদিও কৃষ্ণৰ ওচৰত দুই তিনি জন লোককহে থাকিব দিয়া হ'ব বুলি জানিব পৰা গৈছে। আনহাতে কৃষ্ণক ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ অনাৰ সময়ত যোৱা নিশা প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাষ্ট্ৰীয় উদ্যান খনৰ দাতিকাষৰীয়া লোক সকলে। অৱশেষত বন বিভাগ আৰু আৰক্ষীৰ লোক প্ৰতিবাদস্থলীত উপস্থিত হৈ হাতীটো প্ৰশিক্ষণৰ বাবেহে অনা হোৱা বুলি বুজনি দিয়াৰ লগতে হাতীটোৱে কোনো ক্ষতি কৰিব নোৱাৰে বুলি প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদ প্ৰত্যাহাৰ কৰে লোক সকলে। ইপিনে হাতীটো ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানত অনা কাৰ্যক আদৰণিও জনাইছে একাংশ লোকে। উল্লেখ যে বৰ্তমান ৩২ টা পোহনীয়া হাতী থকা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৃষ্ণৰ আগমনৰ লগে লগে পোহনীয়া হাতীৰ সংখ্যা ৩৩ টালৈ বৃদ্ধি পালে।প্ৰশিক্ষণত পিছতে কৃষ্ণক অন্য পোহনীয়া হাতীকেইটাৰ দৰে উদ্যান খনত নিয়োজিত কৰা হ'ব বুলি জানিব পৰা গৈছে।

Byte local PeopleConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.