ETV Bharat / state

ওদালগুৰি জিলাৰ দুটাকৈ স্থানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

author img

By

Published : Jul 22, 2020, 6:16 PM IST

জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

ওদালগুৰি জিলাৰ ওৰাং আৰু মাজবাটত আৰক্ষীয়ে কোনো গোপন সুত্ৰৰ ভিত্তিত পৃথকে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ৷

ওদালগুৰি, 22 জুলাই: বুধবাৰে আৰক্ষীয়ে ওদালগুৰি জিলাৰ ওৰাং আৰু মাজবাটত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ দুয়োটা স্থানতে পৃথককৈ অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি ৷ কোনো গোপন সুত্ৰই প্ৰদান কৰা তথ্যৰ ভিত্তিত দিনৰ প্ৰায় ১২:৩০ বজাত ওৰাং চাৰিআলিত অভিযান চলাই ওৰাং আৰক্ষীয়ে প্ৰায় 30 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ৷ AS-01 DN-5657 নম্বৰৰ এখন বাহনেৰে ৬ টা পেকেটত কঢ়িয়াই অনা হৈছিল গাঞ্জাখিনি ৷ গাঞ্জাখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে গাঞ্জাখিনি কঢ়িয়াই অনা ওদালগুৰিৰ ১নং সাপকাটিৰ ৰুবুংচা বড়ো নামৰ এজন লোককো আটক কৰে ৷

ওদালগুৰি জিলাৰ দুটাকৈ স্থানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

আনহাতে মাজবাট আৰক্ষীয়ে মাজবাটৰ আদৰ্শ বাহাদুৰ গাঁৱত অভিযান চলাই গাঁওখনৰ পৰা প্ৰায় 55 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ এখন বাহনেৰে গাঞ্জাখিনি কঢ়িয়াই অনাৰ সময়তে আৰক্ষীয়ে গাঞ্জাসহ আটক কৰে ইলিয়া দৈমাৰী নামৰ লোক এজনক ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

লগতে পঢ়ক: কেৰালাৰ সোণ কেলেংকাৰীঃ এনআইএ আদালত জামিন বিচাৰি আৱেদন স্বপ্না প্ৰভা সুৰেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.