ETV Bharat / state

কলাইগাঁৱত নোৱা নৈৰ তাণ্ডৱ, হাহাকাৰ সাধাৰণ জনতাৰ

author img

By

Published : May 25, 2020, 12:38 PM IST

ETV BHARAT
কলাইগাঁৱত নোৱা নৈৰ তাণ্ডৱ,হাহাকাৰ সাধাৰণ জনতাৰ

নোৱা নৈৰ মথাউৰি ভঙাৰ ফলত মঙলদৈ-ভূটীয়াচাং সংলগ্ন পথত একাঠু একাঠু পানী ৷ ইতিমধ্যে নোৱা নৈৰ মথাউৰি ভাঙি সৃষ্টি হোৱা বানত ২ নং শিঙিমাৰীৰ বহু পৰিয়ালৰ হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷

ওদালগুৰি, 25 মেঃ ওদালগুৰি জিলাৰ কলাইগাঁৱত নোৱা নদীৰ তাণ্ডৱ । ঘৰৰ ভিতৰত একাঠু একাঠু পানী সোমোৱাৰ ফলত হাহাকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ ৷

3/4 দিন ধৰি নেৰা-নেপেৰা বৰষুণ দি থকাৰ ফলত ফেনে ফোটোকাৰে বাঢ়িছে কলাইগাঁও নোৱা নদীৰ জলপৃষ্ঠ ৷ বাঢ়ি অহা নদীখনৰ বাঢ়নী পানীয়ে দেওবাৰে নিশা নোৱা নৈৰ মথাউৰি ভাঙি মঙলদৈ-ভূটীয়াচাং সংলগ্ন পথটো ডুব যায় । পথটো ডুব যোৱাৰ লগতে নদীৰ বাঢ়নি পানীয়ে ২ নং শিঙিমাৰীৰ বহু পৰিয়ালৰ বাসগৃহত একাঠু-একাঠু লৈকে পানী সোমায় ৷ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়াল সমুহৰ মাজত । আনহাতে, উক্ত অঞ্চলটো নিশাই এবিএমছুৰ ভেৰগাঁও জিলা সমিতিৰ সদস্যসকল উপস্থিত হয় ৷

কলাইগাঁৱত নোৱা নৈৰ তাণ্ডৱ,হাহাকাৰ সাধাৰণ জনতাৰ

পৰিস্থিতিৰ বুজ লৈ বানত ক্ষতিগ্ৰস্ত হোৱা লোক সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায় সংগঠনটোৰ সদস্যসকলে ৷ লগতে উক্ত অঞ্চলটোত থকা মথাউৰিটো অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনায় । তাৰোপৰি, মথাউৰি নিৰ্মাণত দুৰ্নীতি হোৱাৰ বাবে এজাক বৰষুণতে উক্ত মথাউৰিটো খহি যোৱা বুলি অভিযোগ কৰে সংগঠনটোৰ সদস্যসকলে ৷ অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী কৰে সংগঠনটোৱে ।

লগতে পঢ়ক- মধ্যপ্ৰদেশৰ পৰা চাইকেলৰে আহি বাক্সাত উপস্থিত 8 জন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.