ETV Bharat / state

Youth go Missing from Kakopathar: আলফা(স্বা)ত যোগদানৰ সন্দেহ পৰিয়ালৰ লোকৰ

author img

By

Published : May 27, 2022, 8:03 PM IST

পাপ্য ধন আনিবলৈ গৈ ২৩ মে’ৰ পৰা সন্ধানহীন কাকপথাৰৰ যুৱক (Youth go Missing from Kakopathar:)৷ যুৱকজনে আলফা(স্বা)ত যোগদানৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷

Kakapather Youth Missing
আলফা(স্বা)ত যোগদানৰ সন্দেহ পৰিয়ালৰ লোকৰ

শদিয়া, 17 মে’: বিগত চাৰি দিনে সন্ধানহীন হৈ আছে কাকপথাৰৰ এজন যুৱক (Youth go Missing from Kakopathar:) ৷ কাকপথাৰৰ কৈলাশপুৰৰ ৰাতুল গগৈ(জুণ্টি) নামৰ এজন যুৱকজনৰ সন্ধান নাই যোৱা ২৩ মে'ৰ পৰা ৷ ৩৩ বছৰীয়া যুৱকজনে ২৩ মে’ত নিজৰ পাবলগীয়া ধন আনিবলৈ বুলি পুৱা মাকুম ৰাইদাং গাঁৱৰ বিতুল মৰাণৰ ঘৰলৈ গৈ আজিও উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে ৷

আলফা(স্বা)ত যোগদানৰ সন্দেহ পৰিয়ালৰ লোকৰ

ইফালে সন্ধানহীন যুৱকজনে আলফা(স্বা)ত যোগদান কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে (Suspected of going to ULFA I)৷ এই সন্দেহতে দুখত ভাগি পৰিছে পত্নীসহ পৰিয়ালবৰ্গ ৷ শাৰিৰীকভাৱে অক্ষম কণ্যাকে ধৰি দুটি সন্তান, পত্নী, বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ যোৱা ৰাতুল গগৈক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পৰিয়ালবৰ্গৰ ৷

যদিহে সচাকৈ আলফা(স্বা)ত যোগদান কৰিছে তেন্তে ৰাতুল গগৈক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ পত্নী বুলি গগৈৰ লগতে পৰিয়ালবৰ্গই আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক কান্দি কান্দি জনাইছে আহ্বান ৷ ইতিমধ্যে যুৱকজন সন্ধানহীন হৈ থকাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত পৰিয়ালবৰ্গই এজাহাৰ দাখিল কৰাৰ লগতে কোনা সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পালে 8822441661 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰুধ জনাইছে ৷

লগতে পঢ়ক: সামাজিক মাধ্যমত আলফাক সমৰ্থন কৰি বিপদত লখিমপুৰৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.