ETV Bharat / state

Protest in Tinsukia : তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি জিলা যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 8:06 PM IST

তিনিচুকীয়াৰ থানা চাৰিআলিত জিলা যুৱ কংগ্ৰেছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে তিনিচুকীয়া চহৰৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে ৷

Youth Congress Protest in Tinsukia
তিনিচুকীয়াৰ থানা চাৰিআলিত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

তিনিচুকীয়াত জিলা যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

তিনিচুকীয়া, 31 আগষ্ট : বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পাছতে পোহৰলৈ অহা ৰাজ্যৰ নিযুক্তি কেলেংকাৰীক লৈ চৌদিশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ ৷ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে বিভিন্ন দল-সংগঠন ৷ এই নিযুক্তি কেলেংকাৰীৰ উচিত তদন্ত আৰু অভিযুক্তৰ শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠন সমূহে ৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি ৰাজ্যজুৰি বৃস্পতিবাৰে যুৱ কংগ্ৰেছে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ মুখ্যমনত্ৰীৰ পুত্তলিকা দাহ কৰি ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ বৃহস্পতিবাৰে বিয়লি তিনিচুকীয়াৰ চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে তিনিচুকীয়া চহৰৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছে ৷

লগতে পঢ়ক : ABSU Protest in Kokrajhar : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰতিবাদৰ সময়ত তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছে ৰাজ্যৰ বিজেপিৰ কাৰ্যালয়ত চাকৰিৰ বজাৰ বহিছে, টকাৰ জোৱাৰ উঠিছে, ভক্তগণে টকাৰ পাহাৰ গঢ়িছে, তথাপিতো মামাৰ কানসাৰ নাই বুলি এক শ্ল’গান দিয়ে ৷ সমান্তৰালভাৱে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ শ্ল’গান দিয়াৰ সময়তে নিজৰ দলৰ নেতাই চাকৰিৰ নামত টকা লোৱাটো পোহৰলৈ অহাৰ পাছতো মুখ্যমন্ত্ৰী গৰাকীয়ে নীৰৱ ভূমিকা পালন কৰা সন্দৰ্ভত সৰৱ হৈ পৰে যুৱ কংগ্ৰেছৰ কৰ্মীসকল ৷

এই প্ৰতিবাদৰ পাছতো যদি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰেই চাকৰিৰ বজাৰ বহোৱা দলীয় কৰ্মীসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা নলয় তেন্তে আগন্তুক দিনসমূহত তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : Protest in Nalbari : মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি নলবাৰীত জিলা যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.