ETV Bharat / state

Vivek Express: ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ বিবেক এক্সপ্ৰেছৰ দীঘলীয়া যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 7:43 PM IST

ৰে’লগাড়ীৰ যাত্ৰা আপোনাৰ বাৰু প্ৰিয় নে ? অধিকাংশ যাত্ৰীয়ে দূৰণিবটীয়া ঠাইলৈ যাত্ৰা কৰোঁতে আমেজ লয় একো একোখন ট্ৰেইনৰ ৷ কিন্তু আপুনি জানেনে ভাৰতত এখন ট্ৰেইনে সৰ্বাধিক কিমান দূৰত্ব অতিক্ৰম কৰে ? অথবা ট্ৰেইন সলনি নকৰাকৈ এগৰাকী যাত্ৰীয়ে কিমান দূৰলৈ যাত্ৰা কৰিব পাৰে ? আজি আমি আপোনালোকক দেখুৱাম সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰা এখন বিশেষ ৰে’লগাড়ী...

Vivek Express
Indias Longest Distance Superfast Train

সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰা এখন বিশেষ ৰে’লগাড়ী

তিনিচুকীয়া, ১০ ছেপ্টেম্বৰ: ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া হৈ কন্যাকুমাৰীলৈ চলাচল কৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ‘‘বিবেক এক্সপ্ৰেছ’’ ছুপাৰফাষ্ট ট্ৰেইনখনেই হৈছে সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰা ট্ৰেইন । ট্ৰেইনখনে ৪,১৫২ কিলোমিটাৰ দৈৰ্ঘৰ আটাইতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰে ৷ য’ত ভাৰতৰ ৭ খন বিভিন্ন ৰাজ্যৰ ৫৯ টা ষ্টেচনত ৰৈ যাত্ৰীসকলক সেৱা আগবঢ়ায় ।

পূৰ্বে ট্ৰেইনখনৰ নম্বৰ আছিল ১৫৯০৬, সপ্তাহত দুবাৰকৈ আই এফ চিৰ প্ৰশিক্ষকৰ সৈতে চলোৱা হৈছিল ট্ৰেইনখন ৷ এতিয়া ইয়াক নতুন নম্বৰ দি অৰ্থাৎ ২২৫০৪ নম্বৰেৰে এল এইচ বি (LHB) প্ৰশিক্ষকলৈ উন্নীত কৰা হৈছে । ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেচনৰ পৰা সন্ধিয়া ৭.২৫ বজাত যাত্ৰা আৰম্ভ কৰি ৭৫ ঘন্টাৰ মূৰত কন্যাকুমাৰীত উপস্থিত হয়গৈ নিশা দহ বজাত ৷ কন্যাকুমাৰীৰ পৰা বিয়লি ৫.২০ বজাত যাত্ৰা আৰম্ভ কৰি পুনৰ প্ৰায় ৭৫ ঘণ্টা সময় যাত্ৰা কৰি নিশা ৮.৫০ বজাত ডিব্ৰুগড়ত উপস্থিত হয় ৷

পূৰ্বে বিবেক এক্সপ্ৰেছ ট্ৰেইনখনে সপ্তাহত ডিব্ৰুগড়ৰ পৰা দুদিন যাত্ৰা কৰিছিল যদিও শেহতীয়াকৈ চলিত বৰ্ষৰ ৭ মে’ পৰা যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সপ্তাহত দেওবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে চাৰিদিনকৈ যাত্ৰা কৰে ৷

ট্ৰেইনখনত ২ এচি, ৩ এচি, স্লীপাৰ, জেনেৰেল ডবাৰ লগতে আছে পেণ্ট্ৰি কাৰ আৰু পাৱাৰ কাৰ/ লাগেজ ভান ৷ ট্ৰেইনখন তিনিচুকীয়া শাখাৰ উত্তৰ পূব সীমান্ত ৰে’লৱে মণ্ডলৰ পৰা পৰিচালনা কৰাৰ লগতে সকলোধৰণৰ ব্যৱস্থা ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেচনত কৰা হয় ৷ তিনিচুকীয়াস্থিত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মণ্ডল ৰে’ল প্ৰবন্ধক উত্তম প্ৰকাশে বিবেক এক্সপ্ৰেছক ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: Damini an unique bus : তিনিচুকীয়াবাসীৰ অতি আদৰৰ ডামিনী; আহক চোন যাঁও ডামিনীৰ কাষলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.