ETV Bharat / state

Ulfa cadre surrendered: তিনিচুকীয়াত পুনৰ আন এগৰাকী আলফা (স্বা)ৰ সদস্যৰ আত্মসমৰ্পণ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 7:55 PM IST

তিনিচুকীয়াত আন এগৰাকী আলফা (স্বা)ৰ সদস্যৰ আত্মসমৰ্পণ ৷ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে আলফা (স্বা)ৰ সদস্য কুনাল মৰাণে ৷

ULFAI Cadre Surrenders Before Police in Tinsukia
আলফা (স্বা)ৰ সদস্য কুনাল মৰাণৰ আত্মসমৰ্পণ

আন এগৰাকী আলফা (স্বা)ৰ সদস্যৰ আত্মসমৰ্পণ

তিনিচুকীয়া, 3 নৱেম্বৰ : শুকুৰবাৰে পুনৰ তিনিচুকীয়াত আন এগৰাকী আলফা (স্বা)ৰ সদস্যই আত্মসমৰ্পণ কৰে ৷ তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে আলফা (স্বা)ৰ সদস্য কুনাল মৰাণ ওৰফে লেটেছ অসমে ৷ কুনাল মৰাণৰ ঘৰ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত পেঙেৰী 2 নং নলনী গাঁৱত ৷ 2018 চনত আলফা (স্বা) যোগদান কৰিছিল কুনাল মৰাণে ৷ অধিক তথ্যৰ বাবে কুনাল মৰাণক তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোধা-পোচা অব্যাহত ৰাখিছে ৷

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশাও ফিল’বাৰী আৰক্ষী থানাত এগৰাকী আলফা (স্বা)ৰ সদস্যই আত্মসমৰ্পণ কৰিছিল ৷ ফিল’বাৰী আৰক্ষী থানাত আত্মসমৰ্পণ কৰা আলফা (স্বা)ৰ সদস্য গৰাকীৰ নাম পলাশ মৰাণ ওৰফে গোপাল অসম ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ ওচৰত আত্মসমৰ্পণ কৰে আলফা (স্বা)ৰ সদস্যগৰাকীয়ে ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে জানিবলৈ দিয়া অনুসৰি দুয়োগৰাকী আলফা (স্বা)ৰ সক্ৰিয় কেডাৰ আছিল ৷ আত্মসমৰ্পণৰ সময়ত কোনো অস্ত্ৰ-শস্ত্ৰ আৰক্ষীক প্ৰদান কৰা নাই আত্মসমৰ্পণকাৰী আলফা সদস্য দুগৰাকীয়ে ৷

আত্মসমৰ্পণকাৰী আলফা সদস্য দুগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত পেঙেৰীৰ 2 নং নলনী গাঁৱত ৷ পলাশ মৰাণে 2021 চনত সংগঠনত যোগদান কৰিছিল ৷ বৃহস্পতিবাৰে নিশা ফিল’বাৰী আৰক্ষী থানাত অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে আলফা স্বাধীনৰ সদস্য পলাশ মৰাণক সোধা-পোচা কৰাৰ পাছতে মাজনিশা তিনিচুকীয়ালৈ লৈ আনে আৰু কুনাল মৰাণে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰাৰ পাছতে অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা অব্যাহত ৰাখে ৷

অৱশ্যে কি কাৰণে পলাশ মৰাণ আৰু কুনাল মৰাণে আত্মসমৰ্পণ কৰিলে সেয়া জানিব পৰা হোৱা নাই যদিও পলাশ মৰাণে বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ ঘৰত আহি উপস্থিত হোৱাত পৰিয়ালৰ লোকে আচৰিত হৈ ফিল’বাৰী আৰক্ষী থানালৈ লৈ আহে আৰু পৰৱৰ্তী সময়ত আত্মসমৰ্পণ কৰে ৷ ঠিক তেনেদৰেই কুনাল মৰাণেও শুকুৰবাৰে পুৱা হঠাৎ ঘৰত উপস্থিত হোৱাত পৰিয়ালে আৰক্ষীৰ স’তে যোগাযোগ কৰি আত্মসমৰ্পণ কৰোৱাই বুলি চৰ্চিত হৈছে যদিও পৰৱৰ্তী সময়ত দুই আত্মসমৰ্পণকাৰী সদস্যক জেৰাৰ পাছতহে আৰক্ষীৰ তথ্যত পোহৰলৈ আহিব প্ৰকৃত তথ্য ৷

লগতে পঢ়ক : Ulfa cadre surrendered: তিনিচুকীয়াত আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.