ETV Bharat / state

পেঙেৰীত আলফাৰ লিংকমেন আটক

author img

By

Published : May 3, 2021, 8:10 PM IST

সোমবাৰে জাগুনৰ পৰা দুজনকৈ আলফাৰ লিংকমেন আটক ৷ ভাৰতীয় সেনাৰ সহযোগত আৰক্ষীয়ে আটক কৰে লিংকমেন দুজনক ।

পেঙেৰীত আলফাৰ লিংকমেন আটক
পেঙেৰীত আলফাৰ লিংকমেন আটক

তিনিচুকীয়া,3 মে’: সোমবাৰে পেঙেৰীত আলফাৰ দুজন লিংকমেন আটক ৷ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত টেকেৰী গাঁৱৰ ৰাইডাং পথাৰৰ সমীপৰ জাগুনৰ পৰা ভাৰতীয় সেনাৰ সহযোগত আলফাৰ লিংকমেন দুজনক কৰায়ত্ত কৰে আৰক্ষীয়ে । জানিব পৰা মতে, বিভিন্ন সময়ত বিভিন্ন লোকক ধন দাবী কৰি আলফাৰ লগত যোগসূত্ৰ ৰাখি অহা এগৰাকী লিংকমেন হৈছে জাগুন নিবাসী 32 বছৰীয়া উদিন সোণাৰ ৷

আনহাতে, লাডু উপাধ্যায়ক আৰক্ষীয়ে আটক কৰাৰ চেষ্টা কৰে যদিও সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ ইয়াৰ উপৰিও ধৃত লিংকমেনজনৰ লগতে আন এগৰাকী যুৱকক ঘটনাৰ সন্দৰ্ভত সোধ-পোছৰ বাবে আৰক্ষীয়ে আটক কৰে ৷ সম্প্ৰতি দুয়োজনকে ৰখা হৈছে ডিগবৈত ৷ উল্লেখ্য যে, একেই বিষয়তে কিছুদিনৰ পূৰ্বে দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: ভূমি বিবাদক কেন্দ্ৰ কৰি কলগাছিয়াত সংঘাত: আহত 8 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.