ETV Bharat / state

ULFA I cadre surrendered: নটা বৰ্ষ সশস্ত্ৰ সংগ্ৰাম কৰা আলফা(স্বাঃ)ৰ কেডাৰ চন্দন অসমৰ আত্মসমৰ্পণ

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 10:58 PM IST

ULFA I cadre surrendered
ULFA I cadre surrendered

বুধবাৰে তিনিচুকীয়াত চন্দন অসম নামৰ এগৰাকী আলফা(স্বাঃ)ৰ কেডাৰে আত্মসমৰ্পণ কৰে ৷ অৱশ্য়ে কেডাৰজনৰ আত্মসমৰ্পণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি চন্দন অসমক জেৰা চলাই আছে তিনিচুকীয়া সদৰ আৰক্ষীয়ে ৷

তিনিচুকীয়া, 27 ছেপ্তেম্বৰ: বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ত ন ন সদস্যৰ যোগদানৰ খবৰৰ মাজতে প্ৰায় নটাকৈ বৰ্ষ সশস্ত্ৰ সংগ্ৰাম কৰাৰ পাছত আলফা স্বাধীনৰ এগৰাকী দুধৰ্ষ কেডাৰে বুধবাৰে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ আত্মসমৰ্পণ কৰা আলফা (স্বাঃ)ৰ কেডাৰগৰাকীৰ নাম চনচন মৰাণ ওৰফে চন্দন অসম ৷

চন্দন অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সৰুমেচাই গাঁৱত ৷ চন্দন অসমে 2015 চনত আলফা (স্বাঃ)ত যোগদান কৰিছিল । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, মংগলবাৰে নিশা তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসৰ নেতৃত্বত অৰুণাচল প্ৰদেশৰ মেঅ’ৰ পৰা কেডাৰগৰাকীক লৈ অনা হয় আৰু আজি দিনৰভাগত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ সন্মুখত চন্দন অসমে আত্মসমৰ্পণ কৰে ৷

সম্প্ৰতি তিনিচুকীয়া আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে চনচন মৰাণ ওৰফে চন্দন অসমক ৷ আত্মসমৰ্পণৰ সময়ত কোনো অস্ত্ৰ-শস্ত্ৰ আৰক্ষীক প্ৰদান কৰিছে নে নাই সেয়া নিশ্চিত হোৱা নাই আৰু কি কাৰণে চন্দন অসমে আত্মসমৰ্পণ কৰিলে সেয়াও স্পষ্ট নহয় যদিও সাধাৰণ জীৱনযাপন কৰিবলৈ আগ্ৰহী বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে শেহতীয়াকৈ আলফা(স্বাঃ)ই নিজৰ সদস্য ভৰ্তিৰ কাৰ্যসূচী ক্ষীপ্ৰ কৰি তুলিছে ৷ ইতিমধ্যেই তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আদি জিলাৰ পৰা সন্ধানহীন হোৱা কেইবাগৰীও যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰা বুলি এক সূত্ৰ পৰা জানিব পৰা গৈছে ৷ জানিব পৰা মতে, ছেপ্টেম্বৰ মাহৰ পৰা আলফা (স্বাঃ)ই নিজৰ সাংগঠিক ভেঁটি সুদৃঢ় কৰাৰ বাবে সদস্য ভৰ্তি কাৰ্যসূচী তৰান্বিত কৰিছে ৷

মাত্ৰ তিনিদিন পূৰ্বে ম্যানমাৰৰ পৰা অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত এটা আলফা(স্বাঃ)ৰ দল অসম অভিমুখে ৰাওনা হোৱাৰ তথ্য় প্ৰকাশ কৰিছিল চোৰাংচোৱাৰ সূত্ৰই ৷ ইয়াৰ পাছতেই সষ্টম হৈ পৰিছে অসম আৰক্ষী ৷ আশংকা কৰা হৈছে যে যিকোনো মুহূৰ্ততেই অসমত প্ৰৱেশ কৰিব পাৰে দলটো ৷ অৱশ্যে চোৰাংচোৱাৰ এই তথ্য কিমান সত্য সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব ৷ তাৰ মাজতে এইগৰাকী কেডাৰৰ আত্মসমৰ্পণৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: AFSPA in Manipur: মণিপুৰৰ ১৯ টা স্থানত পুনৰ AFSPAৰ ম্যাদ 6 মাহৰ বাবে বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.