ETV Bharat / state

ভয়ংকৰ বাঘজানকাণ্ডৰ দুবছৰঃ 'কলা দিন' পালন ৰাইজৰ

author img

By

Published : May 27, 2022, 10:24 PM IST

বাঘজান অইল বিস্ফোৰণকাণ্ডৰ দুটা বছৰ সম্পূৰ্ণ হ'ল । বিগত ২০২০ বৰ্ষৰ ২৭ মে'ত বাঘজান BGN-5 নং তৈল কূপত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ । বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত অভিশপ্ত বাঘজান অইল বিস্ফোৰণকাণ্ডৰ প্ৰতিবাদত দ্বিতীয় বাৰ্ষিক ক'লা দিন উদযাপন ।

ভয়ংকৰ বাঘজানকাণ্ডৰ দুবছৰঃ 'কলা দিন' পালন ৰাইজৰ
ভয়ংকৰ বাঘজানকাণ্ডৰ দুবছৰঃ 'কলা দিন' পালন ৰাইজৰ

তিনিচুকীয়া, 27 মে': উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত বাঘজান গাঁৱত বিগত 2020 বৰ্ষৰ 27 মে'ত বাঘজান BGN-5 নং তৈল কূপত প্ৰথমে গেছ নিৰ্গত হয় আৰু 27 মে'ৰ পৰা 13 দিন ধৰি অহৰহ গেছ নিৰ্গত হৈ 9 জুনত এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয় । অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ ।

জুইত জাহ গৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি । মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু,পশু-পক্ষীৰ । মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদৰূপে বিবেচিত বহুকেইটা দুস্প্ৰাপ্য শিহু । মাগুৰি বিলৰ লগতে শিহু বিখ্যাত ডিব্ৰু-ডাঙৰী নদীও সম্পূৰ্ণ প্ৰদূষিত হৈ পৰিছিল । যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ-কাছ । বিনষ্ট হৈছিল অঞ্চলবাসীৰ বিশাল কৃষিভূমি ।

ভয়ংকৰ বাঘজানকাণ্ডৰ দুবছৰঃ 'কলা দিন' পালন ৰাইজৰ

এই ঘটনাত শ্বহীদ হৈছিল চাৰিজনকৈ লোক । অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে তিক্ষেশ্বৰ গোহাঁই (চাবুৱা), দুৰ্লভ গগৈ (নামৰূপ), অইলৰ এগৰাকী কাৰ্যবাহী (জ্যেষ্ঠ) অভিযন্তা অৰ্ণৱ বৰদলৈ আৰু এগৰাকী স্থানীয় ব্যক্তি শুক্লেশ্বৰ নেওগ । এককথাত মৃত্যু উপত্যকালৈ পৰিণত হৈছিল বাঘজান তৈল খাদ । আনফালে অঞ্চলবাসীৰ জীয়া-যন্ত্ৰণা ।

শব্দ,কম্পন,বায়ু প্ৰদূষণৰ মাজেৰে দিন পাৰ কৰিছিল অঞ্চলবাসী ৰাইজে । আজি সেই দিনটোক সুঁৱৰি বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ বাঘজান-দীঘলটৰং-কলিয়াপানীবাসী ৰাইজৰ সহযোগত বাঘজান অইল বিস্ফোৰণকাণ্ডৰ প্ৰতিবাদত দ্বিতীয় বাৰ্ষিক 'ক'লা দিন' উদযাপন কৰা হয় ।

উল্লেখযোগ্য যে, সুদীৰ্ঘ 173 টা দিনৰ‌ অন্তত যোৱা 2020 বৰ্ষৰ 15 নৱেম্বৰত বহু চেষ্টাৰ অন্তত কানাডাৰ স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত 8জনীয়া বিদেশী বিশেষজ্ঞ দলৰ প্ৰচেষ্টাত আৰু অ' এন জি চি, অইল কৰ্তৃপক্ষৰ সহায়ত নিৰ্বাপন তথা নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় বাঘজান BGN-5 নং তৈল কূপৰ অভিশপ্ত জুইকুৰা ।

ঘটনাৰ আজি দুটা বৰ্ষ সম্পূৰ্ণ হোৱাৰ পাছতো সমস্যাই লগ এৰা নাই বাঘজানবাসীক । বৰ্তমান সময়ত মাটি-পানী প্ৰদূষণৰ লগতে বিভিন্ন ৰোগ-ব্যাধিয়ে দেখা দিছে বুলি অভিযোগ উত্থাপন কৰিছে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই ।

লগতে খেতি-বাতিও একেবাৰে বেয়া বুলি প্ৰকাশ কৰে । আনহাতে বাঘজান ঘটনাৰ সময়ত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আহি ঘোষণা কৰা বিশেষ আঁচনিৰ ভিতৰত মডেল হাস্পতাল নিৰ্মাণ, নদীবান্ধৰ কামৰ লগতে আন কেইবাটাও দাবী আজিও পূৰণ নহ'ল ৷

লগতে পঢ়ক: য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.