ETV Bharat / state

বনভোজস্থলীত উচ্চ স্বৰত বজাব নোৱাৰিব সংগীত; তিনিচুকীয়াত জাৰি ১৪৪ ধাৰা

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 4:38 PM IST

Issued Section 144
তিনিচুকীয়াত জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে ১৪৪ ধাৰা

Issued Section 144 : তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰি জিলা প্ৰশাসনৰ ৷ ব্যাপক তালাচী, কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

তিনিচুকীয়াত জাৰি ১৪৪ ধাৰা

তিনিচুকীয়া, ২১ ডিচেম্বৰ : তিনিচুকীয়াত জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷ সমাগত নৱবৰ্ষত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ লগতে বনভোজস্থলীসমূহৰ প্ৰাকৃতিক পৰিৱেশৰ সংৰক্ষণ তথা প্ৰদূষণ ৰোধ কৰিবৰ বাবে আৰু ৰাইজৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাখনতে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ তিনিচুকীয়া জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

Issued Section 144
তিনিচুকীয়াত জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে ১৪৪ ধাৰা

বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ দণ্ডাধীশ তথা জিলা আয়ুক্ত স্বপ্নীল পালে স্বাক্ষৰ কৰা এখন জাননীত উল্লেখ কৰা অনুসৰি, ১৪৪ ধাৰা বাহাল থকাৰ সময়ত তিনিচুকীয়া জিলাৰ বিভিন্ন বনভোজস্থলীৰ লগতে নদীৰ ঘাটসমূহত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । সমান্তৰালভাৱে বনভোজস্থলীত উচ্চস্বৰত স্পীকাৰ, ডিজে আদিৰ লগতে বনভোজস্থলীত মাদক দ্ৰব্য সেৱন আৰু বিক্ৰীৰ ক্ষেত্ৰতো সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ৷

অন্যহাতে, বনভোজৰ উল্লাসৰ বাবে জিলাখনত যান-বাহনৰ ক্ষেত্ৰতো বহুকেইটা নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ এতিয়াৰে পৰা জিলাখনত দুচকীয়া বাহনত দুজন বহাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে মাদক দ্ৰব্য সেৱন কৰি গাড়ী, মটৰ চাইকেল চলোৱা, হেলমেট অবিহনে মটৰ চাইকেল চলোৱা, মটৰ চাইকেলত দুজন উঠা, ছীটবেল্ট অবিহনে গাড়ী চলোৱা আদিৰ ক্ষেত্ৰতো সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে ৷

Issued Section 144
তিনিচুকীয়াত জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে ১৪৪ ধাৰা

উক্ত জাননীখনৰ জৰিয়তেই অৱগত কৰে যে এই নিষেধাজ্ঞাসমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব আৰু কোনো ব্যক্তিয়ে এই নিষেধাজ্ঞাসমূহ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

সমান্তৰালভাৱে, বৃহস্পতিবাৰে সন্ধিয়া ১৪৪ ধাৰা জাৰি কৰাৰ জাননী বাহিৰ কৰাৰ পাচতে নিশা তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হয় ৷ আনহাতে, আজিৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত বাহনসমূহত তন্নকৈ পৰীক্ষা চলোৱাৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷

ৰাজ্যৰ তিনিটা স্থানত বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পাচতে এতিয়া প্ৰতিটো প্ৰান্ততে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : সমষ্টি এটাত সাংসদ অথবা বিধায়ক থাকিলেও আন নেতাই প্ৰাৰ্থিত্ব বিচাৰিব পাৰে: প্ৰশান্ত কুমাৰ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.